ETV Bharat / state

LPG bottling plant in Goalpara: গোৱালপাৰাত এল পি জি বটলিং প্লেণ্ট উদ্বোধন কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ

author img

By

Published : Apr 13, 2023, 10:38 PM IST

Union Minister Rameshwar Teli inaugurates LPG bottling plant in Goalpara
এল পি জি বটলিং প্লেণ্ট উদ্বোধন কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ

ৰাজ্যত বহিঃৰাজ্যৰ গেছ আৰু তেল আমদানিৰ বাবে সৰৱ হৈছে কেন্দ্ৰীয় পেট্ৰ’লিয়াম,প্ৰাকৃতিক গেছ, শ্ৰম আৰু নিয়োগ মন্ত্ৰী ৰামেশ্বৰ তেলী (Rameshwar Teli in Golapara) । গোৱালপাৰাত মৰণৈস্থিত মাটিয়া উদ্যোগিক বিকাশ কেন্দ্ৰত ১০০ বিঘা মাটিত প্ৰায় ৭০ কোটি টকা ব্যয় সাপেক্ষে হিন্দুস্তান পেট্ৰ’লিয়ামৰ এল পি জি বটলিং প্লেণ্ট উদ্বোধন কৰে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে (LPG bottling plant in Goalpara)৷

এল পি জি বটলিং প্লেণ্ট উদ্বোধন কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ

গোৱালপাৰা, 13 এপ্ৰিল : বৃহস্পতিবাৰে গোৱালপাৰাত উপস্থিত হয় কেন্দ্ৰীয় পেট্ৰলিয়াম, প্ৰাকৃতিক গেছ, শ্ৰম আৰু নিয়োগ মন্ত্ৰী ৰামেশ্বৰ তেলী (Rameshwar Teli in Golapara) । গোৱালপাৰাত মৰণৈস্থিত মাটিয়া উদ্যোগিক বিকাশ কেন্দ্ৰত হিন্দুস্তান পেট্ৰ’লিয়ামৰ এল পি জি বটলিং প্লেণ্ট আনুষ্ঠানিকভাৱে উদ্বোধন কৰে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে (LPG bottling plant in Goalpara) ৷ মন্ত্ৰীগৰাকীয়ে গোৱালপাৰাত উপস্থিত হৈ জিলাখনৰ ঐতিহাসিক ইল’ৰা খ্যাত তথা দ্বিতীয় কাশীধাম শ্ৰী শ্ৰী সূৰ্য মন্দিৰ(পাহাৰ) দৰ্শন কৰে । শ্ৰী সূৰ্য পাহাৰ দৰ্শন কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকী মাটিয়া ঔদ্যোগিক বিকাশ কেন্দ্ৰত উপস্থিত হয় ৷

মন্ত্ৰীগৰাকীয়ে কয় যে, গোৱালপাৰা জিলাৰ মৰণৈস্থিত মাটিয়া ঔদ্যোগিক বিকাশ কেন্দ্ৰত ১০০ বিঘা মাটিত প্ৰায় ৭০ কোটি টকা ব্যয় সাপেক্ষে হিন্দুস্তান পেট্ৰলিয়াম কেন্দ্ৰৰ এল পি জি বটলিং প্লেণ্টটো ভাৰতবাসীলৈ উৎসৰ্গা কৰিছো (Rameshwar Teli inaugurates LPG bottling plant)।এই গোৱালপাৰা এল পি জি প্লেণ্টৰ পৰা বছৰি ২০ লাখ ৰন্ধন গেছ ছিলিণ্ডাৰ ওলাব ৷

এই ৰন্ধন গেছৰ ছিলিণ্ডাৰসমূহ ভাৰতবৰ্ষৰ তিনিখন ৰাজ্য ক্ৰমে অসম, ত্ৰিপুৰা আৰু মেঘালয়লৈ বিতৰণ কৰা হ’ব । বানপানীৰ সময়ত যিহেতু তিনিখন ৰাজ্যত ৰন্ধন গেছৰ বিতৰণৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হয় সেয়েহে তিনিওখন ৰাজ্যবাসীৰ সুবিধাৰ্থে গোৱালপাৰা জিলাৰ মাটিয়া ঔদ্যোগিক বিকাশ কেন্দ্ৰত (Matia Industrial Development Centre) এল পি জি বটলিং প্লেণ্টটো নিৰ্মাণ কৰা হৈছিল ৷

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে কয়, ‘‘এয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সপোন আছিল ৷ এই এল পি জি বটলিং প্লেণ্টৰ জৰিয়তে জিলাখনৰ লগতে মৰণৈ অঞ্চলৰ অৰ্থনৈতিক বিকাশৰ লগতে বহু নিবনুৱা যুৱক-যুৱতীয়ে কৰ্ম সংস্থাপন লাভ কৰিব । আমি নামনি অসমৰ উন্নয়ণৰ কাৰণে বিভিন্ন প্ৰকল্প হাতত লৈছো ৷ আমি 50 শতাংশ গেছ বহিঃৰাজ্যৰ পৰা আনিব লগা হয় ৷’’

লগতে পঢ়ক: Assam government is in debt : পুনৰ এহেজাৰ কোটি টকাৰ ঋণ ল'লে অসম চৰকাৰে

‘‘সেইবাবে অমি অসমত গেছৰ সংখ্যা বৃদ্ধি কৰিবলৈ অইল ইণ্ডিয়াৰ (Oil India) সৈতে কথা পাতিছো ৷ আমি অ’ইল ইণ্ডিয়াৰ সৈতে গেছৰ উৎপন্ন বৃদ্ধি কৰিবলৈ নিৰ্দেশনা দিছো ৷ আমি বাহিৰৰ পৰা গেছ আৰু তেল আমদানি কৰিব লগা নোহোৱাকৈ অসমতে ইয়াৰ উপাদন ক্ষমতা বৃদ্ধি কৰিবলৈ ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানৰ সৈতেও কথা বতৰাত মিলিত হৈছোঁ ৷’’ মন্ত্ৰী তেলীয়ে কয় ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.