ETV Bharat / state

Protest against rubber industry: গোৱালপাৰাস্থিত ৰবৰ উদ্যোগৰ পৰা নিৰ্গত দুৰ্গন্ধ ৰোধৰ দাবীত প্ৰতিবাদ

author img

By

Published : Dec 27, 2022, 10:20 AM IST

গোৱালপাৰা মৰনৈত ৰবৰ উদ্যোগৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ (Protest against rubber industry)। ৰবৰ উদ্যোগে সৃষ্টি কৰা প্ৰদূষণ বন্ধ কৰাৰ দাবীত গ্ৰহণ কৰে এই প্ৰতিবাদী কাৰ্যসূচী । প্ৰতিবাদকাৰীসকলে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰি প্ৰেৰণ কৰিলে এখনি স্মাৰক পত্ৰও ৷

Protest against the rubber industry in Goalpara
ৰয়েল ৰবৰ উদ্যোগৰ পৰা নিৰ্গত দুৰ্গন্ধ ৰোধৰ দাবীত প্ৰতিবাদী সমদল

ৰয়েল ৰবৰ উদ্যোগৰ পৰা নিৰ্গত দুৰ্গন্ধ ৰোধৰ দাবীত প্ৰতিবাদী সমদল

গোৱালপাৰা, 27 ডিচেম্বৰ : গোৱালপাৰা মৰনৈত ৰবৰ উদ্যোগৰ বিৰুদ্ধে সহস্ৰাধিক ৰাইজৰ প্ৰতিবাদ (Protest against rubber industry)। ৰবৰ উদ্যোগে সৃষ্টি কৰা প্ৰদূষণ বন্ধ কৰাৰ দাবীত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে স্থানীয় ভুক্তভোগী ৰাইজে (Protest against the rubber industry in Goalpara)। গোৱালপাৰাৰ মাটিয়া উদ্যোগিক বিকাশ কেন্দ্ৰস্থিত ৰয়েল ৰবৰ উদ্যোগ নামৰ উদ্যোগিক প্ৰতিষ্ঠানটোৰ পৰা নিৰ্গত হোৱা গেছৰ দুৰ্গন্ধ তথা ইয়াৰ পৰা সৃষ্ট অস্বাভাৱিক বায়ু প্ৰদূষণ ৰোধৰ দাবীত স্থানীয় ৰাইজে সোমবাৰে এই প্ৰতিবাদ সাব্যস্ত কৰে (Royal Rubber Industry In Goalpara)।

ৰয়েল ৰবৰ উদ্যোগৰ পৰা নিৰ্গত দুৰ্গন্ধ নিৰাময় তথা ইয়াক বন্ধ কৰাৰ দাবীত স্থানীয় ৰাইজে এক বিশাল প্ৰতিবাদী সমদলো ৰূপায়ণ কৰে । মৰনৈ অঞ্চলবাসী ৰাইজৰ উদ্যোগত উলিওৱা হয় এই প্ৰতিবাদী সমদল । ৰবৰ ফেক্টৰীটোৰ পৰা নিৰ্গত হোৱা গেছৰ দূৰ্গন্ধই মৰনৈ, ডাকাইদল, কোদালধোঁৱা, তিনিকোনীয়া, ৰাজাপাৰা, সৈনিকস্কুল, বৰপাৰা আৰু শ্ৰীসূৰ্য পাহাৰকে ধৰি এক বিস্তীৰ্ণ অঞ্চলৰ ৰাইজক দীৰ্ঘদিন ধৰি জীয়াতু ভোগাই আহিছে ৷ এক অস্বাস্থ্যকৰ পৰিৱেশত বুঢ়া-ডেকা, শিশু-ৰোগী প্ৰতিগৰাকী লোকেই এক দুৰ্বিষহ জীৱন নিৰ্বাহ কৰিবলগীয়াত পৰিছে ৷

তদুপৰি ৰবৰ ফেক্টৰীটোত যিবিলাক আধুনিক সা-সুবিধা থকাৰ প্ৰয়োজন, তেনে কোনো সা-সুবিধাৰ ব্যৱস্থা নাই বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে ৷ আনকি এইবোৰৰ প্ৰতি মালিকপক্ষই কোনোধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰো অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । দীৰ্ঘদিন ধৰি ৰয়েল ৰবৰ উদ্যোগৰ পৰা নিৰ্গত দুৰ্গন্ধ ৰোধ কৰাৰ ক্ষেত্ৰত প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডেও কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই বুলি জানিবলৈ দিয়ে ভুক্তভোগী ৰাইজে ।

তাৎপৰ্যপূৰ্ণভাৱে ৰবৰৰ এই উদ্যোগটো অবৈধ তথা নীতিবৰ্হিভূতভাৱে নিৰ্মাণ কৰা বুলিও স্থানীয় ৰাইজে অভিযোগ উত্থাপিত কৰিছে ৷ প্ৰথমাৱস্থাত ৰবৰ উদ্যোগটো স্থাপনৰ খবৰে স্থানীয় ৰাইজক উৎসাহিত কৰি তুলিছিল ৷ স্থানীয় লোকসকলে সংস্থাপনৰ সুবিধা পাব বুলি উৎসাহিত হৈ পৰিছিল স্থানীয় ৰাইজ ৷ পৰৱৰ্তী সময়ত স্থানীয় ৰাইজে উদ্যোগটোত সংস্থাপন লাভ কৰিলে যদিও প্ৰাপ্য মজুৰি লাভৰ পৰা বঞ্চিত হৈ অহাৰ অভিযোগ উত্থাপন কৰে ৷ তদুপৰি ৰবৰ খেতিয়কেও প্ৰাপ্য মজুৰি লাভৰ পৰা বঞ্চিত হৈ অহা বুলি উল্লেখ কৰিলে প্ৰতিবাদী লোকসকলে ৷

সোমবাৰৰ এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে অতিশীঘ্ৰে বিজ্ঞানসন্মতভাৱে এই দূৰ্গন্ধ নিৰ্মূলৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰতিবাদী ৰাইজে দাবী জনাইছে । অন্যথা ফেক্টৰী বন্ধৰ দাবীত পুনৰ আন্দোলন কৰিবলৈ বাধ্য হ’ব বুলিও সকীয়াই দিয়ে প্ৰতিবাদী ৰাইজে । লগতে এই সন্দৰ্ভত মূখ্যমন্ত্ৰীৰ পোনপটীয়া হস্তক্ষেপ বিচাৰি তেখেতলৈ এখনি স্মাৰক পত্ৰও প্ৰেৰণ কৰে ।

উল্লেখ্য যে, ফেক্টৰীটো খোলাৰ পূৰ্বে শ্ৰম বিভাগৰ দ্বাৰা যি পঞ্জীয়ণৰ দৰকাৰ, সেয়াও ৰবৰ ফেক্টৰীটোত নাই বুলি কয় প্ৰতিবাদকাৰীসকলে ৷

লগতে পঢ়ক: Appeal for a piece of land: ধুবুৰীৰ অৰ্ধ শতাধিক দৰিদ্ৰ ভূমিহীন পৰিয়ালৰ বিননি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.