ETV Bharat / state

Appeal for a piece of land: ধুবুৰীৰ অৰ্ধ শতাধিক দৰিদ্ৰ ভূমিহীন পৰিয়ালৰ বিননি

author img

By

Published : Dec 27, 2022, 8:48 AM IST

Updated : Dec 27, 2022, 8:53 AM IST

ধুবুৰী চহৰৰ বান্দৰপাৰৰ অৰ্ধ শতাধিক ভূমিহীন পৰিয়ালৰ বিননি শুনিব কোনে ? পাঁচ দশক ধৰি চৰকাৰী বঞ্চনাৰ বলি হৈ আহিছে এই পৰিয়াল সমূহ (landless families in Dhubri town) ৷ এটুকুৰা মাটি দিবৰ বাবে চৰকাৰলৈ হাত যোৰ কৰি আহ্বান এইসকল অসহায় লোকৰ ৷

Appeal for a piece of land
চৰকাৰী বঞ্চনাৰ বলি অৰ্ধ শতাধিক দৰিদ্ৰ ভূমিহীন পৰিয়াল

চৰকাৰী বঞ্চনাৰ বলি অৰ্ধ শতাধিক দৰিদ্ৰ ভূমিহীন পৰিয়াল

ধুবুৰী, 27 ডিচেম্বৰ: ধুবুৰী চহৰৰ এক নম্বৰ ৱাৰ্ডৰ অৰ্ধ শতাধিক পৰিয়ালৰ মাজত হাহাকাৰ । সুদীৰ্ঘ প্ৰায় পাঁচটা দশক ধৰি একপ্ৰকাৰ শৰণাৰ্থীৰ দৰে বসবাস কৰি আহিছে অঞ্চলটোৰ অৰ্ধ শতাধিক পৰিয়ালে (landless families in Dhubri town)। প্ৰতিটো নিৰ্বাচনতে তেওঁলোকে ভোটদান কৰি আহিছে যদিও লাভ কৰিবলৈ সক্ষম হোৱা নাই চৰকাৰী কোনো সুবিধা ।

উল্লেখ্য যে, ধুবুৰী চহৰৰ এক নম্বৰ ৱাৰ্ডৰ অৰ্ধ শতাধিক দৰিদ্ৰ পৰিয়ালে এইদৰেই বসবাস কৰি আহিছে বিগত প্ৰায় পাঁচটা দশক ধৰি । মেলামাঠৰ কাষেদি যোৱা নলা আৰু ধুবুৰী চহৰৰ সৈতে লাগি থকা বান্দৰপাৰত প্ৰায় পাঁচটা দশক পূৰ্বেই বসতি স্থাপন কৰিছিল অৰ্ধ শতাধিক ভূমিহীন পৰিয়ালে । পৰ্যক্ৰমে অঞ্চলটোত বিদ্যুৎ সংযোগ দিয়া হয় যদিও আন কোনো সুবিধা দিয়া হোৱা নাই চৰকাৰীভাৱে (Poor families deprive of govt scheme) ।

চৰকাৰী সুবিধা নোপোৱা চহৰখনৰ বিশেষ অঞ্চলটোৰ ৰাইজৰ মাজত এতিয়া ক্ষোভৰ সৃষ্টি হৈছে । কাৰণ দৰিদ্ৰ শ্ৰেণীৰ পৰিয়াল কেইটাই প্ৰায় পাঁচটা দশক ধৰি চৰকাৰী আঁচনি অথবা চৰকাৰী অন্যান্য সুবিধাৰ পৰা বঞ্চিত হৈ আহিছে ।

তেওঁলোকে আজিও লাভ কৰা নাই এটা চৰকাৰী আৱাসগৃহ (PMAY house in Dhubri) । যোগান পোৱা নাই বিশুদ্ধ খোৱাপানীৰো । বিশেষকৈ সুদীৰ্ঘ বছৰে বাঁহৰ চাং ঘৰ সাজি জীৱন নিৰ্বাহ কৰি অহা দৰিদ্ৰ অসহায় পৰিয়াল কেইটাই এটা চৰকাৰী আৱাসৰ বাবে হাহাকাৰ কৰিছে । প্ৰতিবাৰেই নিৰ্বাচনত ভোট দান কৰি অহা এই লোকসকলে ৰাজনৈতিকভাৱে প্ৰৱঞ্চিত হৈ আজিও ভাৰতীয় নাগৰিকৰ মৌলিক অধিকাৰৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ তুলিছে ।

ইপিনে বসুন্ধৰা ২.০ ৰ জৰিয়তে ৰাজ্যৰ ভূমিহীন পৰিয়ালক ভূমিপাট্টা প্ৰদানৰ সিদ্ধান্ত লৈছে চৰকাৰে (Mission Basundhara by Assam Govt)। কিন্তু তেনে সময়তে ধুবুৰী চহৰৰ বান্দৰপাৰ অঞ্চলৰ অৰ্ধ শতাধিক ভূমিহীন পৰিয়ালে লাট মণ্ডলৰ পিছে পিছে ঘূৰি ঘূৰি হাহাকাৰ কৰিবলগীয়া হৈছে । অঞ্চলটোৰ দায়িত্বত থকা লাট মণ্ডল জ্ঞানচান্দ ৰজকে দাখিল কৰা প্ৰতিবেদনত বান্দৰপাৰৰ এই মাটিখিনিৰ তথ্য বাৰে বাৰে ভুলকৈ উল্লেখ কৰা বুলি অভিযোগ উত্থাপিত কৰিছে ৰাইজে ।

লাট মণ্ডল গৰাকীয়ে ভুলকৈ তথ্য সন্নিবিষ্ট কৰাৰ বাবেই ভূমিপাট্টাৰ পৰা ৰাইজ বঞ্চিত হোৱাৰ লগতে প্ৰধানমন্ত্ৰী আৱাস গৃহৰ পৰাও বঞ্চিত হৈ আহিছে বুলি লাট মণ্ডল জ্ঞানচান্দ ৰজকৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে অসহায় দৰিদ্ৰ লোকসকলে । ইতিমধ্যে লাট মণ্ডল জ্ঞানচান্দ ৰজকৰ ব্যৱহাৰ আৰু কৰ্ম কাণ্ডত অতিষ্ঠ হৈ জিলা উপায়ুক্তক লিখিতভাৱে অৱগত কৰিছে এইসকল লোকে । ধুবুৰী ৰাজহ চক্ৰৰ লাট মণ্ডল জ্ঞান চান্দ ৰজকৰ বিৰুদ্ধে পূৰ্বেও একাংশ ক্ষোভিত ৰাইজে অভিযোগ দাখিল কৰিছিল ।

লক্ষ্যনীয় বিষয় যে, উক্ত অঞ্চলটোৰ দায়িত্বত থকা পূৰ্বৰ লাট মণ্ডলৰ কাৰ্যকালত একে অঞ্চলৰ ২১ টাকৈ পৰিয়ালক মাটিৰ দাগ নম্বৰ অথবা মাটিৰ পট্টা দিয়া হৈছিল । কিন্তু বৰ্তমানৰ লাট মণ্ডল জ্ঞানচান্দ ৰজকে ৰহস্যজনকভাৱে ইয়াৰ দৰিদ্ৰ পৰিয়াল কেইটাক হাৰাশাস্তি কৰি আহিছে বুলি অভিযোগ উত্থাপিত হৈছে ।

এতিয়া জিলা উপায়ুক্তক এই বিষয়ে লিখিতভাৱে অৱগত কৰাৰ পিছত উপায়ুক্তগৰাকীয়ে অঞ্চলটোৰ ভূমিহীন পৰিয়াল কেইটাৰ ভূমিপাট্টাৰ ক্ষেত্ৰত আৰু লাট মণ্ডল জ্ঞান চান্দ ৰজকৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া লক্ষ্যনীয় হ’ব ।

লগতে পঢ়ক: Women drug peddler arrested: নগাঁও আৰক্ষীৰ জালত মহিলা ড্ৰাগছ মাফিয়া তাকানী

Last Updated : Dec 27, 2022, 8:53 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.