ETV Bharat / state

Jonali Nath murder updates : হাছানুৰৰ সহযোগী আজিবৰ ৰহমানক গ্ৰেপ্তাৰ

author img

By

Published : Jun 17, 2023, 1:17 PM IST

জোনালী নাথৰ হত্যাকাণ্ডৰ আন এক তথ্য পোহৰলৈ আহিছে । হত্যাকাৰী হাছানুৰ স্বীকাৰোক্তি, তেওঁৰ সৈতে আন এগৰাকী জড়িত আছিল জোনালী নাথৰ হত্যাকাণ্ডত । হত্যাকাৰী হাছানুৰক সহযোগ কৰিছিল আজিবৰ ৰহমান নামৰ যুৱকজন । বৰ্তমান গ্ৰেপ্তাৰ কৰা হৈছে অভিযুক্ত আজিবৰ ৰহমানক ।

BJP leader suspicious dead
জোনালী নাথৰ হত্যাকাণ্ডৰ আন এক তথ্য পোহৰলৈ আহিছে

জোনালী নাথৰ হত্যাকাণ্ডৰ আন এক তথ্য পোহৰলৈ আহিছে

গোৱালপাৰা, 17 জুন : চৰ্চাত জোনালী নাথৰ হত্যাকাণ্ডৰ প্ৰসংগ ৷ অৱশেষত গ্ৰেপ্তাৰ কৰা হ’ল জোনালী নাথ হত্যাকাৰী আজিবৰ ৰহমানক ৷ তথ্য অনুসৰি, বিজেপি নেত্ৰী জোনালী নাথৰ মৃত্যুৰ পিচতেই প্ৰতিদিনে পোহৰলৈ আহিছে ন ন তথ্য ৷ এইবাৰ জোনালী নাথ হত্যাকাণ্ডৰ আন এক CCTV ভিডিঅ’ পোহৰলৈ আহিছে ৷ CCTV ৰ ভিডিঅ’ৰ ভিত্তিত মাৰাথন জেৰা চলোৱা হৈছে হত্যাকাৰী হাছানুৰ ইছলামক ।

আৰক্ষীৰ জেৰাত হত্যাকাৰী হাছানুৰৰ স্বীকাৰোক্তি দিয়ে যে আজিবৰ ৰহমানৰ সহযোগত হত্যা কৰা হৈছিল জোনালী নাথক । তাৰ পাচতে আজিবৰ ৰহমানৰ সন্ধানত গোৱালপাৰা আৰক্ষীয়ে শনিবাৰে পুৱা 4 বজালৈ চলায় অভিযান । আৰক্ষীৰ অভিযানৰ কথা গম পাই পলায়ন কৰে অভিযুক্ত আজিবৰ ৰহমানে ৷

কিন্তু অসম আৰক্ষীৰ তৎপৰতাত শনিবাৰে দিনৰ ভাগতে আজিবৰ ৰহমানক আটক কৰি গ্ৰেপ্তাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে ৷ জানিব পৰা মতে, গোৱালপাৰ জিলাৰ মাটিয়া থানাৰ অন্তৰ্গত শিঙৰিমাৰী চৰৰ পৰা গ্ৰেপ্তাৰ কৰা হয় অভিযুক্ত আজিবৰ ৰহমানক ।

লগতে পঢ়ক : Jonali Nath murder updates: প্ৰেম জনিত সংঘাত; প্ৰেমিক হাছানুৰে হত্যা কৰি ৰাজপথত পেলাই থৈছিল জোনালী নাথক

আনহাতে, জোনালী নাথ হত্যাকাণ্ডৰ আন এক CCTV ভিডিঅ’ পোহৰলৈ আহিছে । হত্যাকাণ্ড সংঘটিত কৰাৰ পিচত এখন চাৰি চকীয়া হোণ্ডাই বাহনত মৃতদেহ লৈ কৃষ্ণাই বজাৰৰ মাজেৰে পাৰ হৈ গৈছিল অভিযুক্ত হাছানুৰ । মাটিয়াৰ পৰা কৃষ্ণাই বজাৰৰ মাজেৰে গৈ শালপাৰাৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথত অভিযুক্ত হাছানুৰে পেলাইছিল জোনালীৰ মৃতদেহ । চাৰি চকীয়া বাহনখনত থকা GPS লোকেশ্যনৰ জৰিয়তে তদন্ত চলাই CCTV ভিডিঅ’ সংগ্ৰহ কৰিছে আৰক্ষীয়ে ।

উল্লেখ্য যে, হত্যাকাৰী হাছানুৰ ইছলামৰ আৰক্ষী জিম্মাৰ ম্যাদ আজি উকলিব । আৰক্ষীয়ে হাছানুৰ ইছলামক শনিবাৰে হাজিৰ কৰিব লাগিব আদালতত । অধিক তথ্য লাভৰ বাবে পুনৰ আৰক্ষীয়ে জিম্মাত বিচাৰিব হাছানুৰক ।

লগতে পঢ়ক : BJP leader suspicious dead : আবেলিৰে পৰা পৰিয়ালে লাভ কৰা নাছিল মৃত জোনালী নাথৰ শুংসূত্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.