ETV Bharat / state

Jonali Nath murder updates: প্ৰেম জনিত সংঘাত; প্ৰেমিক হাছানুৰে হত্যা কৰি ৰাজপথত পেলাই থৈছিল জোনালী নাথক

author img

By

Published : Jun 12, 2023, 10:51 PM IST

প্ৰেমজনিত কাৰণত হত্যাৰ বলি বিজেপি নেত্ৰী জোনালী নাথ । গোৱালপাৰা আৰক্ষী আৰু চি আই ডিৰ অনুসন্ধানৰ অন্তত হত্যাকাণ্ডৰ চৌব্বিশ ঘণ্টা পাৰ নৌহওঁতেই গ্ৰেপ্তাৰ হ'ল বিজেপি নেত্ৰী জোনালী নাথৰ হত্যাকাৰী । অভিযুক্ত হত্যাকাৰী যুৱকগৰাকীৰ নাম হাচানুৰ ইছলাম । তেওঁৰ ঘৰ মাটিয়াৰ বৰবালু পাৰাত । আদালতত হাজিৰ কৰাৰ পাচত পাঁচ দিনৰ‌ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ হত্যাকাৰী হাচানুৰ ইছলামক ।

Jonali Nath murder updates
BJP leader Jonali Nath killed

প্ৰেমজনিত কাৰণত হত্যাৰ বলি বিজেপি নেত্ৰী জোনালী নাথ

গোৱালপাৰা, 12 জুন: সোমবাৰে পুৱাই এক ৰহস্যজনক হত্যাৰ ঘটনাই জোঁকাৰি গৈছিল সমগ্ৰ ৰাজ্য ৷ গোৱালপাৰা জিলাৰ কৃষ্ণাইত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত উদ্ধাৰ হৈছিল জিলা বিজেপিৰ সাধাৰণ সম্পাদিকা জোনালী নাথৰ মৃতদেহ ৷ তাৰ পাচতেই উত্থাপন হৈছিল বিভিন্ন প্ৰশ্নৰ ৷ কোনে, কিয় হত্যা কৰিলে জোনালী নাথক ? ৰাজনৈতিক শত্ৰুতা নে আন কিবা কাৰণত হত্যাৰ বলি হ’ল মহিলাগৰাকী ? তদন্ত আৰম্ভ কৰিলে আৰক্ষীয়ে ৷ অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখায়ো চলালে তদন্ত ৷ অৱশেষত হত্যাৰ 24 ঘন্টা নৌহওঁতেই পোহৰলৈ আহিল সমগ্ৰ তথ্য ৷

প্ৰেমজনিত কাৰণত হত্যাৰ বলি হ’ল বিজেপি নেত্ৰী জোনালী নাথ । গোৱালপাৰা জিলা আৰক্ষী আৰু চি আই ডিৰ তাৎক্ষণিক অনুসন্ধানৰ অন্তত গ্ৰেপ্তাৰ হ’ল বিজেপি নেত্ৰী জোনালী নাথৰ হত্যাকাৰী । জোনালীক হত্যা কৰাৰ অভিযুক্তৰ নাম হাচানুৰ ইছলাম । গোৱালপাৰা জিলাৰ মাটিয়াৰ বৰবালু পাৰাত ঘৰত হাচানুৰৰ । ইতিমধ্যে আদালতত হাজিৰ কৰি অভিযুক্তক পাঁচ দিনৰ‌ বাবে নিজৰ জিম্মাত লৈছে আৰক্ষীয়ে । গোৱালপাৰা জিলা আৰক্ষী আৰু চি আই ডিয়ে যৌথভাৱে জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সভাকক্ষত আজি সন্ধিয়া এখন সংবাদ মেল আয়োজন কৰি সমগ্ৰ ঘটনাৰ বিৱৰণ দিয়ে ।

চি আই ডিৰ IGP দেৱদাস উপাধ্যায়ে সদৰী কৰা মতে, আধুনিক প্ৰযুক্তিৰ সহায়ত আৰু জোনালীৰ ম’বাইলৰ ফোনৰ অৱস্থিতিৰ তথ্যৰ ওপৰত ভিত্তি কৰি আৰক্ষীয়ে সূত্ৰ লাভ কৰি হাচানুৰক আটক কৰি জেৰা চলায় । চি আই ডি আৰু আৰক্ষীৰ জেৰাত প্ৰেমজনিত কাৰণতে হাচানুৰ ৰহমানে জোনালীক হত্যা কৰাৰ কথা স্বীকাৰ কৰে ৷ গাড়ীৰ ভিতৰত ঘুঁচিয়াই হত্যা কৰি পথৰ দাঁতিত জোনালীক পেলাই থৈছিল বুলি জেৰাৰ সময়ত চাঞ্চল্যকৰ স্বীকাৰুক্তি দিয়ে হাছানুৰে ।

লগতে পঢ়ক: BJP leader suspicious dead : আবেলিৰে পৰা পৰিয়ালে লাভ কৰা নাছিল মৃত জোনালী নাথৰ শুংসূত্ৰ

IGP দেৱদাস উপাধ্যায়ে জনোৱা মতে, অভিযুক্ত হত্যাকাৰী হাচনুৰৰ সৈতে জোনালীৰ আছিল‌ প্ৰেমৰ সম্পৰ্ক । এনে অৱস্থাত হাচানুৰৰ আন এগৰাকী ছোৱালীৰ সৈতে বিবাহৰ কথা চলে । এই খবৰ পোৱাৰ পিচতে জোনালী খঙত অগ্নিশৰ্মা হৈ আছিল । দেওবাৰে সন্ধিয়া দুয়ো লগ হৈ কথা হৈছিল । হাচানুৰে AS 18 L 5537 নম্বৰৰ নিজৰ ভেনু বাহনখনত জোনালীক মাটিয়াৰ পৰা তুলি লৈছিল । হাচানুৰে আৰক্ষীক স্বীকাৰোক্তি দিয়া মতে, প্ৰেমৰ সম্পৰ্ক থকাৰ পিচতো আন ছোৱালীৰ‌ সৈতে বিবাহক কেন্দ্ৰ কৰি জোনালীয়ে গাড়ীৰ ভিতৰতে হাচানুৰৰ সৈতে বাক-বিতণ্ডাত লিপ্ত হয় ৷

হাচানুৰে খঙৰ ভমকত চলন্ত অৱস্থাতে গাড়ীৰ ভিতৰত জোনালীক ডিঙি আৰু মূৰৰ ওচৰত উপৰ্যুপৰি প্ৰহাৰ কৰে । ফলত জোনালীৰ মুখেৰে ৰক্তক্ষৰণ হয় আৰু মৃত্যুমুখত পৰে । সেই সময়ত জোনালীয়ে মুখ মণ্ডলতো আঘাত পায় । দেওবাৰে সন্ধিয়া 7.13 বজাত হাচানুৰে কাৰো ফোন‌ নাহক বুলি জোনালীৰ‌ ফোন চুইচ অফ কৰিছিল । এনে অৱস্থাত হাচানুৰে মাটিয়া আৰক্ষীকো ফোন কৰিছিল । আৰক্ষীয়ে হাচানুৰৰ বাহনখন জব্দ কৰি তালাচী চলোৱাত তেজৰ দাগ দেখা পায় । গুৱাহাটীৰ ফৰেনচিক বিভাগৰ‌ দলে ইতিমধ্যেই গাড়ীৰ ভিতৰত উদ্ধাৰ হোৱা তেজৰ‌ নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ।

ইপিনে চি আই ডিৰ IGP গৰাকীয়ে লগতে কয় যে, মৰণোত্তৰ পৰীক্ষাৰ ৰিপ'ৰ্টত জোনালীক গধুৰ বস্তুৰে মূৰৰ পিচফালে আঘাত কৰা বুলি দাবী কৰা হৈছে । কিন্তু আৰক্ষীৰ জেৰাত এইকথা হাচানুৰে আৰক্ষীক স্বীকাৰ কৰা নাই । গোৱালপাৰা আৰক্ষীয়ে হত্যাৰ অভিযুক্ত হাচানুৰক সোমবাৰে সন্ধিয়া জিলা আদালতত হাজিৰ কৰি 14 দিনৰ আৰক্ষীৰ জিম্মাত বিচৰাত আদালতে 5 দিনৰ বাবে হাচানুৰক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে । অধিক তথ্যৰ বাবে আৰক্ষীয়ে হাচানুৰক জেৰা চলাই থকা বুলি জানিব দিয়ে ।

লগতে পঢ়ক: Jonali Nath Murder case: ধৰ্ষণ কৰা নাছিল জোনালী নাথক- ভৱেশ কলিতা

জানিব পৰা মতে, হাচানুৰ ইছলাম 49 নং বুদুচৰ গাঁও পঞ্চায়তৰ অধীনস্থ বৰবালু পাৰা গাঁৱৰ ৱাৰ্ড মেম্বাৰ । কংগ্ৰেছ দলৰ সমৰ্থনত হাচানুৰে যোৱা পঞ্চায়ত নিৰ্বাচনত ৱাৰ্ড‌ মেম্বৰ হিচাপে নিৰ্বাচিত হয় । অভিযুক্ত হত্যাকাৰী হাচানুৰ দলগোমা আঞ্চলিক মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ (২০১৭-১৮ বৰ্ষ) প্ৰাক্তন সাধাৰণ সম্পাদক । সংবাদ মেলত চি আই ডিৰ অধীক্ষক প্ৰশান্ত কুমাৰ ভূঞা আৰু জিলা আৰক্ষী অধীক্ষক ভি ভি ৰাকেশ ৰেড্ডিও উপস্থিত আছিল ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.