ETV Bharat / state

Murder in Goalpara: বোৱাৰী হত্যাৰ ঘটনাক কেন্দ্ৰ কৰি গোৱালপাৰাত চাঞ্চল্য

author img

By

Published : Apr 3, 2023, 8:59 PM IST

Murder in Goalpara
বোৱাৰী হত্যাৰ ঘটনাক কেন্দ্ৰ কৰি গোৱালপাৰাত চাঞ্চল্য

গোৱালপাৰাৰ চেচাপানী কঠালবড়ীত বোৱাৰী হত্যাৰ ঘটনা (Husband killed wife) ৷ আৰজিনা বেগম নামৰ এগৰাকী বোৱাৰীক অতি নৃশংসভাৱে হত্যা কৰাৰ অভিযোগ স্বামী মহিবুল ইছলামৰ পৰিয়ালৰ বিৰুদ্ধে ৷ ইতিমধ্যেই আৰক্ষীয়ে মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি প্ৰেৰণ কৰিছে মৰণোত্তৰ পৰীক্ষাৰ বাবে ৷

বোৱাৰী হত্যাৰ ঘটনাক কেন্দ্ৰ কৰি গোৱালপাৰাত চাঞ্চল্য

গোৱালপাৰা, 3 এপ্ৰিল: গোৱালপাৰা জিলাৰ মাটিয়া আৰক্ষী থানাৰ অন্তৰ্গত চেচাপানী কঠালবড়ীত সংঘটিত হৈছে এক চাঞ্চল্যৰ হত্যাকাণ্ড ৷ আৰজিনা বেগম নামৰ এগৰাকী বোৱাৰীক অতি নৃশংসভাৱে হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে স্বামী মহিবুল ইছলাম আৰু তেওঁৰ পৰিয়ালৰ লোকৰ বিৰুদ্ধে ৷ অভিযোগ অনুসৰি অতি পৰিকল্পিতভাৱে হত্যা কৰা হৈছে আৰজিনা বেগমক (Murder in Goalpara) ৷

আৰক্ষীয়ে সদৰী কৰা তথ্য অনুসৰি, শনিবাৰৰ পৰা হঠাৎ মহিলাগৰাকী নিৰুদ্দেশ হৈ থকাৰ পাচত আৰজিনা বেগমৰ পৰিয়ালে এখন এজাহাৰ দাখিল কৰিছিল মাটিয়া আৰক্ষী থানাত ৷ এজাহাৰৰ ভিত্তিত ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে ৷ বোৱাৰীগৰাকীক হত্যা কৰা হৈছে বুলি সমগ্ৰ ঘটনাটো পিতৃ পৰিয়ালে মাটিয়া আৰক্ষীক অৱগত কৰাত আৰক্ষীয়ে তৎপৰ হৈ দেওবাৰে নিশাই বোৱাৰীগৰাকীৰ শহুৰ দয়াৰ আলী, ভাই শহুৰ জাহিদুল ইছলাম আৰু দেৱৰ কাজিমুদ্দিনক সোধা-পোছাৰ বাবে মাটিয়া থানালৈ নিয়ে (Goalpara wife murder case) ।

আটকাধীন আটাইকে মাটিয়া থানাত জেৰা চলোৱাত ন ন তথ্য লাভ কৰে আৰক্ষীয়ে ৷ সোমবাৰে বিয়লি আটকাধীন স্বামী পৰিয়ালৰ লোকৰ স্বীকাৰোত্তিৰ ভিত্তিত গোৱালপাৰা জিলাৰ উপ-আৰক্ষী অধীক্ষক অনুৰাগ শৰ্মাৰ নেতৃত্বত মাটিয়া আৰক্ষীয়ে বোৱাৰীগৰাকীৰ স্বামীৰ ঘৰৰ পৰা 500 মিটাৰ দূৰৈত বাহনিৰ তলত দ’ খাৱৈত বস্তাৰে মেৰিয়াই মাটিত পুতি থোৱা অৱস্থাত মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে (Man killed wife in Goalpara) ৷

বোৱাৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাচতেই চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলটোত । মৃতদেহটো ইতিমধ্যে দণ্ডাধীশৰ উপস্থিতিত আৰক্ষীয়ে উদ্ধাৰ কৰি মাটিয়া আৰক্ষী থানালৈ লৈ আনে আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ (Goalpara civil hospital) প্ৰেৰণ কৰে ৷ অৱশ্যে কি কাৰণত বোৱাৰীগৰাকীক হত্যা কৰা হ’ল এই সন্দৰ্ভত বৰ্তমানলৈকে আৰক্ষীয়ে কোনো তথ্য লাভ কৰা নাই ৷ কিন্তু এইটো এটা পৰিকল্পিত হত্যাকাণ্ড বুলি প্ৰকাশ কৰে জিলা উপ-আৰক্ষী অধীক্ষক অনুৰাগ শৰ্মাই ৷

লগতে পঢ়ক: Attempt To Murder Case: পিতৃৰ কথাত অতিষ্ঠ হৈ পুত্ৰই ঘপিয়ালে পিতৃক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.