ETV Bharat / state

Attempt To Murder Case: পিতৃৰ কথাত অতিষ্ঠ হৈ পুত্ৰই ঘপিয়ালে পিতৃক

author img

By

Published : Mar 30, 2023, 9:29 PM IST

Teacher Son Attempt To Murder his Father In Nalbari
পিতৃৰ কথাত অতিষ্ঠ হৈ পুত্ৰই ঘপিয়ালে পিতৃক

পাৰিবাৰিক সংঘাতৰ পৰিণতিত শিক্ষক পুত্ৰই ঘপিয়ালে নিজ পিতৃক ৷ কথমপি প্ৰাণৰক্ষা পিতৃৰ (Son tried to killed father)৷

পিতৃৰ কথাত অতিষ্ঠ হৈ পুত্ৰই ঘপিয়ালে পিতৃক

নলবাৰী, 30 মাৰ্চ : নলবাৰী জিলাৰ উত্তৰ প্ৰান্তৰ ন মাটি গাঁৱত ভয়ংকৰ ঘটনা সংঘটিত হৈছে (Attempt To Murder Case in Nalbari)৷ শিক্ষক পুত্ৰৰ দাৰ ঘাপত ধাৰাশায়ী হ’ল পিতৃ ৷ ঘটনাৰ বিৱৰণী অনুসৰি অৰুণ দাসৰ পুত্ৰ টুটুমনি দাস পেছাত এজন শিক্ষক ৷ মাহৰ মূৰত টুটুমনিয়ে লাভ কৰা সামান্য দৰমহাকেইটাৰে যেনেতেনে ঘৰখন চলাই আছিল টুটুমনিয়ে (Son tried to killed father) ৷

বিবাহৰ উপযোগী টুটুমনিক শেহতীয়াকৈ ঘৰৰ লোকে বিয়া পাতিবলৈ হেঁচা প্ৰয়োগ কৰিছিল ৷ ইফালে নই কইনাক আনি সোমোৱাবলৈ ঘৰখন নতুনকৈ মেৰামতি কৰি আছিল টুটুমনিয়ে ৷ এই সন্দৰ্ভত কেইবাবাৰো বাক-বিতণ্ডা হৈছিল পিতৃ-পুত্ৰৰ মাজত ৷

বৃহস্পতিবাৰে পুনৰ পিতৃয়ে ভাং খাই আহি পুত্ৰ টুটুমনিৰ লগত কাজিয়াত লিপ্ত হৈছিল ৷ এই কাজিয়াই ভয়ংকৰ ৰূপ লোৱাত টুটুমনিয়ে দাৰে ঘপিয়াই গুৰুতৰভাৱে আহত কৰে পিতৃক ৷ পুত্ৰৰ দাৰ ঘাপত গুৰুতৰভাৱে আহত হয় পিতৃ অৰুণ দাস (Son Attempt To Murder his Father)৷ লোকজনক ততাতৈয়াকৈ নলবাৰী অসামৰিক চিকিৎসালয়লৈ অনা হয় যদিও আহত অৰুণ দাসৰ অৱস্থা সংকটজনক হোৱাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয় (Son stabbed his father in Nalbari) ৷

ইফালে পিতৃক আক্ৰমণ কৰাৰ কথা টুটুমনিয়ে স্বীকাৰ কৰি কয় যে, "বিয়াৰ কথা কৈ, ঘৰ বনোৱাৰ কথা কৈ মোক অতিষ্ঠ কৰিছিল পিতৃয়ে ৷ এতিয়া বিয়াৰ তাৰিখ ঠিক হোৱাৰে পিচৰে পৰা পিতৃৰ কথামতে ঘৰ বনাই বনাই মই হায়ৰাণ হৈ গৈছিলো ৷ মই দৰমহা পাঁও মাত্ৰ 16 হাজাৰ টকা ৷ সেইখিনিৰে মই আৰু কিমান কৰিম ৷ আজি পিতৃয়ে ভাং খাই আহি মোলৈ দাখন দলিয়াই দিয়ে ৷ মই সেই দাখন লৈ পিতৃক ঘপিয়াই দিছিলো ৷ দাৰ ঘাপটো ডিঙিত পৰিল ৷"

ইপিনে টুটুমনিয়ে কাম কৰা নলবাৰী ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়খনৰ সহকাৰী শিক্ষকে জানিবলৈ দিয়া মতে, টুটুমনি এগৰাকী অমায়িক লোক আছিল । কিন্তু কিয় কি কাৰণত টুটুমনিয়ে এই কাণ্ড সংঘটিত কৰিলে আমি গম নাপাম ৷ হয়তো আৰ্থিকভাৱে হতাশাত ভুগি টুটুমনিয়ে এনেকুৱা পন্থা হাতত লোৱাৰ কথা সন্দেহ কৰে সহকাৰী শিক্ষকগৰাকীয়ে । নলবাৰী ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষকসকলে টুটুমণিৰ এনে কাৰ্যক গৰিহণা দিয়ে ।

সম্প্ৰতি দানৱৰূপী পুত্ৰক আটক কৰিছে নলবাৰীৰ কাচিমপুৰ আৰক্ষীয়ে (Accused son arrested) । টুটুমনিয়ে জানিবলৈ দিয়ামতে অহা 12 এপ্ৰিলত বিয়া ঠিক কৰা হৈছিল টুটুমনিৰ ৷

লগতে পঢ়ক: Ganja Seized at Lahorijan: বুজন পৰিমাণৰ গাঞ্জাসহ তিনিটা সৰবৰাহকাৰী আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.