ETV Bharat / state

Human Elephant Conflict: দুটাকৈ বনৰীয়া হাতীয়ে সন্ত্ৰাসৰ সৃষ্টি কৰিছে বৰপেটা-গোৱালপাৰাত

author img

By

Published : Dec 1, 2021, 7:02 PM IST

Updated : Dec 1, 2021, 7:39 PM IST

দুটাকৈ বনৰীয়া হাতীয়ে সন্ত্ৰাসৰ সৃষ্টি কৰিছে বৰপেটা-গোৱালপাৰাত
দুটাকৈ বনৰীয়া হাতীয়ে সন্ত্ৰাসৰ সৃষ্টি কৰিছে বৰপেটা-গোৱালপাৰাত

হাতী মানুহৰ সংঘাতে চৰম সীমা অতিক্ৰম কৰিছে বৰপেটা চহৰৰ লগতে কাষৰীয়া অঞ্চলসমূহত(Elephant man conflict in Barpeta) ৷ দুটাকৈ বনৰীয়া হাতীয়ে বিগত চাৰিটা দিনে সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে ৷ মঙলবাৰে বনৰীয়া হাতীৰ আক্ৰমণত প্ৰাণ হেৰুৱায় আমিনুল ইছলাম নামৰ এজন লোকে ৷

গোৱালপাৰা, 1 ডিচেম্বৰ: ৰাজ্যত অব্যাহত থকা হাতী মানুহৰ সংঘাতে চৰম সীমা অতিক্ৰম কৰিছে বৰপেটা চহৰৰ লগতে কাষৰীয়া অঞ্চলসমূহত (Elephant man conflict in Barpeta) ৷ বিগত চাৰিদিন ধৰি বৰপেটা চহৰৰ লগতে জিলাখনৰ দক্ষিণপাৰৰ ব্ৰহ্মপুত্ৰৰ চৰাঞ্চলত দুটা বনৰীয়া হাতীয়ে সন্ত্ৰাস চলাই আহিছে ৷ চাৰিটা দিনে জনাঞ্চলত ত্ৰাসৰ সৃষ্টি কৰি অহা বনৰীয়া হাতী দুটা বুধবাৰে গোৱালপাৰাৰ পঞ্চৰত্ন পাহাৰ(Pancharatna Hill Goalpara)ৰ গভীৰ অৰণ্যত প্ৰৱেশ কৰে ৷

মানাহ ৰাষ্ট্ৰীয় উদ্যান(Manas National Park) পৰা জনাঞ্চললৈ ওলাই অহাৰ সন্দেহ কৰা হাতী দুটাই প্ৰথমে বৰপেটা চহৰত সন্ত্ৰাস চলাই জিলাখনৰ দক্ষিণ পাৰৰ ব্ৰহ্মপুত্ৰ নদীৰ চৰাঞ্চলত অৱস্থান কৰে । চেঙা সমষ্টি(Chenga constituency Assam)ৰ কেদেগী চৰত বনৰীয়া হাতী দুটাই আক্ৰমণ চলাই আমিনুল ইছলাম নামৰ এজন লোকক গুৰুতৰভাৱে আহত কৰাৰ পিছত মঙলবাৰে বৰপেটা চিকিৎসা মহাবিদ্যালয় হস্পিতাল(Barpeta Medical College Hospital)ত লোকজনৰ মৃত্যু হয় ।

পৰৱৰ্তী সময়ত বন বিভাগৰ লোকে অতি কৌশলেৰে হাতী দুটা পঞ্চৰত্ন পাহাৰলৈ খেদি পঠিয়াবলৈ সক্ষম হোৱাত স্থানীয় ৰাইজে স্বস্তিৰ নিশ্বাস পেলাইছে । উল্লেখ্য যে, দুবছৰ পূৰ্বেও কাজিৰঙাৰ পৰা ওলাই অহা হাতীৰ জাকে ব্ৰহ্মপুত্ৰ নদীৰে ভটিয়াই বাংলাদেশত প্ৰৱেশ কৰি সন্ত্ৰাসৰ সৃষ্টি কৰিছিল ।

লগতে পঢ়ক: Man-Elephant conflict : হাতী-মানুহৰ সংঘাত ৰোধত ব্যৰ্থ হৈছে নেকি WWF !

Last Updated :Dec 1, 2021, 7:39 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.