Man-Elephant conflict : হাতী-মানুহৰ সংঘাত ৰোধত ব্যৰ্থ হৈছে নেকি WWF !

author img

By

Published : Nov 25, 2021, 10:15 PM IST

Radio collar

শোণিতপুৰৰ ৰঙাপৰাত অব্যাহত আছে বনৰীয়া হাতীৰ মুক্ত বিচৰণ ৷ হাতী-মানুহৰ সংঘাত (Man Elephant conflict in Assam) হ্ৰাস কৰিবলৈ সক্ষম হোৱা নাই ৰাজ্যৰ বন বিভাগ আৰু বিশ্ব বন্যপ্ৰাণী সংস্থা চমুকৈ ডব্লিউ ডব্লিউ এফে (World Wildlife Fund for Nature) ৷

ৰঙাপৰা, 25 নৱেম্বৰ : চাহ বাগিছাত মুক্ত মনেৰে বিচৰণ হস্তী পৰিবাৰৰ ৷ বন্যহস্তীৰ বিচৰণত ভীতিগ্ৰস্ত ৰাইজ ৷ অধিকাংশ বনাঞ্চল তথা অভয়াৰণ্যত বনভূমি সংকুচিত হোৱাৰ ফলত আজি ৰঙাপৰাৰ প্ৰতিখন চাহ বাগিচা সম্প্ৰতি পৰিণত হৈছে বনৰীয়া হাতীৰ বিচৰণস্থলীলৈ । বন্যহস্তীৰ বিচৰণে কেৱল ৰাইজকেই যে বিপৰ্যস্ত কৰিছে তেনে নহয় ৷ ৰঙাপৰাৰ আমাৰীবাৰী আঞ্চলিক বন কাৰ্যালয়, চাৰিদুৱাৰ বনাঞ্চলিক কাৰ্যালয়, ঢেকীয়াজুলি বনাঞ্চলিক কাৰ্যালয় আৰু তেজপুৰ সদৰ কাৰ্যালয়ৰ বনকৰ্মীসকলে আতচবাজী ফুটাই দিনে-নিশাই অতি কষ্টৰে বনৰীয়া হাতী খেদিবলগীয়া হৈছে ।

এটা বা দুটা নহয় ৷ জাক জাক বনৰীয়া হাতীয়ে পোৱালি লগত লৈ খাদ্যৰ সন্ধানত সোনাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্য, নামেৰী ৰাষ্ট্ৰীয় উদ্যান আৰু বালিপৰা সংৰক্ষিত বনাঞ্চলৰ ভিতৰৰ পৰা ওলাই আহিছে জনাঞ্চললৈ । যাৰ ফলত বিনিদ্ৰ ৰজনী কটাব লগীয়া হৈছে ৰঙাপৰাবাসীয়ে ৷ ৰাইজৰ অভিযোগ, অসম চৰকাৰৰ বন বিভাগৰ একাংশ দুৰ্নীতি পৰায়ন বিষয়াৰ পৃষ্ঠপোষকতাত শোণিতপুৰ বন সংমণ্ডলৰ অন্তৰ্গত ৬ খন সংৰক্ষিত বনাঞ্চল আজি ধ্বংসৰ গৰাহত ।

হাতী-মানুহৰ সংঘাত ৰোধত ব্যৰ্থ হৈছে নেকি WWF

জৈৱ বৈচিত্ৰ মণ্ডল তথা কামেং-শোণিতপুৰ জিলাখনৰ 8 খন সংৰক্ষিত বনাঞ্চল সৰ্বমুঠ মাটিকালিৰ ৯০,৮১১ হেক্টৰৰ ৬৯,৮৩৫ হেক্টৰ ভূমি সম্প্ৰতি বেদখলকাৰীৰ কবলত । শোণিতপুৰ আৰু বিশ্বনাথ জিলাত আৱৰি থকা ২২৫ বৰ্গ কিলোমিটাৰ অঞ্চল সামৰি থকা সাধাৰণ সেউজ বনাঞ্চলৰ ভিতৰত ২২৯.৬৪ বৰ্গ কিলোমিটাৰ বনভূমি ১৯৯৪ ৰ পৰা ২০০১ৰ ভিতৰত ধ্বংস হৈছে ।

বালিপৰা সংৰক্ষিত বনাঞ্চলৰ ১৮৮ বৰ্গ কিলোমিটাৰ অঞ্চলৰ ভিতৰত ১০০ বৰ্গ কিলোমিটাৰ আৰু চাৰিদুৱাৰ সংৰক্ষিত বনাঞ্চল ১৩০ বৰ্গ কিলোমিটাৰ অঞ্চলৰ সিংহভাগ অঞ্চল অবৈধ বেদখলকাৰীৰ কবলত পৰি ধ্বংসৰ গৰাহত পৰিছে । মিছামাৰীৰ সোনাই-ৰূপাই অভয়াৰণ্যৰ ভূমি সংকুচিত হোৱাটো সৰ্বজনবিদিত । ১৯৯১ চনৰ পৰা ২০২১ চনলৈকে বন ভূমিত হোৱা অবাধ বেদখলৰ ফলত বৰ্তমান সময়ত বালিপৰা, চাৰিদুৱাৰ, নদুৱাৰ, বিহালী, গহপুৰ, শিঙৰীজান আৰু বিশ্বনাথ সংৰক্ষিত বনাঞ্চল ইতিমধ্যে অস্তিত্বহীন হৈ পৰিছে ।

লগতে পঢ়ক : man elephant Conflict in Karbi Anglong : পুনৰ বনৰীয়া হাতীৰ আক্রমণত নিহত এজন

এটা দশক অৰ্থাৎ ২০১০ চনৰ পৰা ২০২০ চনলৈকে ৰাজ্য বিভিন্ন প্ৰান্তত কেইবাটাও বনৰীয়া হাতীৰ মৃত্যু হোৱাৰ লগতে বনৰীয়া হাতীৰ আক্ৰমণত কেইবাজনো লোকৰ অকাল মৃত্যু ঘটিছে । তথ্য অনুসৰি, পশ্চিম শোণিতপুৰ বন সংমণ্ডলৰ অধীনত ২০১০ চনত ৫ জন, ২০১১ চনত ৬ জন, ২০১২ চনত ৭ জন, ২০১৩ চনত ৯ জন, ২০১৪ চনত ৭ জন, ২০১৫ চনত ১৬ জন, ২০১৬ চনত ৯ জন, ২০১৭ চনত ১১ জন, ২০১৮ চনত ৫ জন, ২০১৯ চনত ৩ জন আৰু ২০২০ চনত ৪ জন ব্যক্তিৰ মৃত্যু হৈছে । ইফালে শোণিতপুৰ জিলাৰ পূৱ বন সংমণ্ডলৰ অধীনত ৰে’লৰ খুন্দাত, বিদ্যুৎ তাঁৰ আৰু চাহ বাগিচাৰ নলাত পৰি কেইবাটাও বনৰীয়া হাতীৰ মৃত্যু হৈছে ।

তথ্য অনুসৰি, ২০১০ চনত ৩ টা, ২০১৩ চনত ১ টা, ২০১৪ চনত ১ টা, ২০১৫ চনত ২ টা আৰু ২০১৮ চনত ১ টা বনৰীয়া হাতীৰ মৃত্যু ঘটিছে । উল্লেখ্য যে, ২০১৭ চনৰ ১০ ডিচেম্বৰৰ নিশা বালিপৰাত এক হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছিল । নিশা দ্ৰুতবেগী গুৱাহাটী-নাহৰ লগুন যাত্ৰীবাহী ৰে’লৰ খুন্দাত বালিপৰাৰ বামগাঁও চাহ বাগিচাৰ মাজত থকা ১১৩ নম্বৰ ৰে’লৱে গেটত গাভিনী হাতীসহ ৬ টাকৈ গজৰাজৰ মৃত্যু হৈছিল ।

যি সময়ত ৰাজ্যৰ বন বিভাগ আৰু বিশ্ব বন্যপ্ৰাণী সংস্থা চমুকৈ ডব্লিউ ডব্লিউ এফে(World Wildlife Fund for Nature) বনৰীয়া হাতীৰ ডিঙিত ৰেডিঅ' কলাৰ সংস্থাপনৰ জৰিয়তে শোণিতপুৰ জিলাত হাতী-মানুহৰ সংঘাত ৰোধৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে ৷ বনৰীয়া হাতীটো অথবা হাতীৰ জাকটো প্ৰকৃততে ক'ত উপস্থিত আছে, জাকটোত কিমানটা হাতী আছে, বনৰীয়া হাতীৰ জাকটো ক'ৰ পৰা ওলাই আহিছে আদি তথ্য লাভৰ ক্ষেত্ৰত ৰেডিঅ' ক'লা (Radio collar)ৰ স্থাপনৰ ব্যৱস্থাই বন বিভাগক সহায় কৰিব ৷

কিন্তু এই ব্যৱস্থা কৰাৰ পাচতো হাতী-মানুহৰ সংঘাত (Man Elephant conflict) দিনক দিনে বৃদ্ধিহে পাইছে । কেনেকৈ ৰাজ্য চৰকাৰে হাতী-মানুহৰ সংঘাত ৰোধ কৰিব বা কেনেকৈ এই সমস্যাৰ নিষ্পত্তি কৰিব সেয়াহে বৰ্তমান ডাঙৰ প্ৰশ্ন ৷

লগতে পঢ়ক : হাতী-মানুহৰ সংঘাত ৰোধিবলৈ WWF আৰু Forest Depertmentৰ বিশেষ ব্যৱস্থা গ্ৰহণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.