ETV Bharat / state

একেদিনাই সাতটা আধাৰশিলা স্থাপন আজমলৰ

author img

By

Published : Aug 8, 2021, 6:24 PM IST

badaruddin ajmal being active in constituency as mp
সক্ৰিয় হৈছে সাংসদ আজমল

গোৱালপাৰা জিলাৰ জলেশ্বৰত উপস্থিত হ’ল সাংসদ বদৰুদ্দিন আজমল । PMGSY আঁচনিৰ অধীনত জলেশ্বৰত সাত টাকৈ পথৰ শুভ উদ্বোধনী কৰে সাংসদ গৰাকীয়ে ।

গোৱালপাৰা, 8 আগষ্ট : গোৱালপাৰা জিলাৰ ৩৯ নং জলেশ্বৰ বিধানসভা আৰু গোৱালপাৰা পশ্চিম সমষ্টিৰ PMGSY আঁচনিৰ অধীনৰ ৭ টা কৈ জৰাজীৰ্ণ বাট পথৰ কামৰ শুভাৰম্ভণি কৰে AIUDF প্ৰধান বদৰউদ্দিন আজমলে । লক্ষীপুৰ স্থিত লোক নিৰ্মাণ সংমণ্ডলৰ কাৰ্যালয়ত আধাৰশিলা স্থাপন কৰে ধুবুৰী লোক সভা সমষ্টিৰ সাংসদ গৰাকীয়ে । এই উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে লক্ষীপুৰ লোক নিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তা আব্দুল মতিন চৌধুৰী, এ আই ইউ ডি এফৰ কৰ্মীৰ লগতে উপস্থিত থাকে বিজেপি দলৰ যুৱ নেতা ওচমান গনি আৰু বিভিন্ন দলৰ বিষয়ববীয়া সকল ।

সক্ৰিয় হৈছে সাংসদ আজমল

তাৎপৰ্যপূৰ্ণ কথাটো হ’ল যে আধাৰশিলা ফলকখনত গোৱালপাৰা পশ্চিম আৰু জলেশ্বৰ সমষ্টিৰ বিধায়কৰ নাম উল্লেখ কৰা আছিল ৷ যদিও উক্ত স্থানত উপস্থিত নাছিল বিধায়কদ্বয় । জলেশ্বৰ সমষ্টিৰ প্ৰধান সমস্যা গৰাখহনীয়া বুলিও তেওঁ উল্লেখ কৰে ৷ ইয়াৰ লগতে, এই গৰাখহনীয়াৰ প্ৰতিৰোধৰ কাম যিমান পাৰে সোনকালে আৰম্ভ কৰিব বুলি সাংবাদিকৰ আগত জানিব দিয়ে আজমলে ৷

লগতে গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ বাবে হাজাৰ হাজাৰ কোটি টকাৰ আৱন্টনৰ কাম চলি আছে বুলি জানিবলৈ দিয়ে সাংসদ গৰাকীয়ে । গৰখহনীয়াত ক্ষতিগ্ৰস্ত লোকসকলক পুনৰ সংস্থাপনৰ ক্ষেত্ৰতো প্ৰচেষ্টা চলি থকা বুলি তেওঁ অৱগত কৰে ৷

লগতে পঢ়ক : মিজোৰামৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধ প্ৰত্যাহাৰ কৰা হৈছে: অশোক সিংঘাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.