ETV Bharat / state

মিজোৰামৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধ প্ৰত্যাহাৰ কৰা হৈছে: অশোক সিংঘাল

author img

By

Published : Aug 8, 2021, 12:29 PM IST

Minister Ashok Singhal and minister Parimal Shuklabaidya visited Assam Mizoram border area
মিজোৰামৰ বিৰুদ্ধে প্ৰত্যাহাৰ অৰ্থনৈতিক অৱৰোধ: পৰিমল শুক্লবৈদ্য

অসম-মিজোৰাম সীমান্তৰ লাইলাপুৰ (Lailapur)ত মিজো আৰক্ষীৰ আক্ৰমণৰ ঘটনাৰ পিছৰ পৰাই বৰাক উপত্যকাত অব্যাহত আছিল মিজোৰামৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধ (Economic blockade) । এই অৰ্থনৈতিক অৱৰোধৰ ফলত মিজোৰামে ত্ৰিপুৰাৰ দামছেৰাৰ লগতে আকাশমাৰ্গেৰে অত্যাৱশ্যকীয় সামগ্ৰী সংগ্ৰহ কৰিবলগীয়া হৈছিল ।

কাছাৰ, 8 আগষ্ট : অসম-মিজোৰাম সীমান্ত সমস্যা অচিৰেই আলোচনাৰ মাজেৰে সমাধান হ’ব ৷ শনিবাৰে কাছাৰ জিলাৰ লাইলাপুৰত উপস্থিত হৈ এই মন্তব্য কৰে অভিভাৱক মন্ত্ৰী অশোক সিংঘাল আৰু মন্ত্ৰী পৰিমল শুক্লবৈদ্য(Minister Parimal Shuklabaidya)ই । উল্লেখ্য যে, মুখ্যমন্ত্ৰীৰ নিৰ্দেশত শনিবাৰে অসম-মিজোৰাম সীমান্তত উপস্থিত হয় অভিভাৱক মন্ত্ৰী অশোক সিংঘাল আৰু মন্ত্ৰী পৰিমল শুক্লবৈদ্য ।

মিজোৰামৰ বিৰুদ্ধে প্ৰত্যাহাৰ অৰ্থনৈতিক অৱৰোধ: পৰিমল শুক্লবৈদ্য

সীমান্তত উপস্থিত হৈ মন্ত্ৰী অশোক সিংঘাল আৰু পৰিমল শুক্লবৈদ্য লাইলাপুৰ আৰক্ষী চকীত স্থানীয় ৰাইজৰ লগত এখন বৈঠকত মিলিত হয় । মন্ত্ৰীদ্বয়ে ৰাইজৰ সৈতে আলোচনা কৰি অৰ্থনৈতিক অৱৰোধ উঠাই লোৱাৰ বাবে আহ্বান জনায় ৷ স্থানীয় লোকৰ সৈতে আলোচনাৰ অন্তত মন্ত্ৰী অশোক সিংঘাল আৰু পৰিমল শুক্লবৈদ্যই এখন সংবাদমে​ল সম্বোধন কৰি এই কথা সদৰী কৰে ৷

মন্ত্ৰীদ্বয়ে সংবাদমেলত 26 জুলাইৰ ঘটনা অতি মর্মান্তিক আৰু বেদনাদায়ক বুলি উল্লেখ কৰি মিজো আৰক্ষীৰ আক্ৰমণত অসম আৰক্ষী(Assam Police)ৰ 6জন বিষয়া আৰু স্থানীয় লোক নিহত হোৱাৰ ঘটনা এতিয়াও পাহৰিব পৰা নাই বুলি উল্লেখ কৰে ৷ অভিভাৱক মন্ত্ৰী অশোক সিংঘালে এই ঘটনাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাও চিন্তিত বুলি উল্লেখ কৰে ৷

সীমান্ত সমস্যাক লৈ শুকুৰবাৰে মুখ্যমন্ত্ৰীগৰাকী বৰাক উপত্যকাৰ বিধায়কসকলৰ লগত বৈঠকত মিলিত হ'ব বুলিও সিংঘালে জানিবলৈ দিয়ে ৷ মন্ত্ৰী সিংঘালে স্থানীয় লোকে মিজোৰামৰ বিৰুদ্ধে অব্যাহত ৰখা অৰ্থনৈতিক অৱৰোধ উঠাই লোৱাৰ কথা জানিবলৈ দি চৰকাৰে অসমৰ মাটিৰ এক ইঞ্চিও এৰি নিদিয়ে বুলি মন্তব্য কৰে ৷

লগতে পঢ়ক : উত্তপ্ত সীমান্ত পৰিদৰ্শন মন্ত্ৰী অশোক সিংঘাল আৰু পৰিমল শুক্লবৈদ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.