ETV Bharat / state

উত্তপ্ত সীমান্ত পৰিদৰ্শন মন্ত্ৰী অশোক সিংঘাল আৰু পৰিমল শুক্লবৈদ্য

author img

By

Published : Aug 8, 2021, 9:54 AM IST

assam-mizoram-border-dispute
অসম মিজোৰাম সীমান্তৰ পৰা প্ৰত্যাহাৰ অৰ্থনৈতিক অৱৰোধ

অসম-মিজোৰাম সীমান্তৰ পৰা প্ৰত্যাহাৰ অৰ্থনৈতিক অৱৰোধ ৷ ২৬ জুলাইৰ ঘটনাৰ পাছত স্থানীয় ৰাইজে মিজোৰামৰ বিৰুদ্ধে অব্যাহত ৰাখিছিল অৰ্থনৈতিক অৱৰোধ । অভিভাৱক মন্ত্ৰী অশোক সিংঘাল আৰু মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰে আলোচনাৰ অন্তত স্থানীয় লোকে প্ৰত্যাহাৰ কৰে অৰ্থনৈতিক অৱৰোধ ৷

কাছাৰ, 8 আগষ্ট : অসম-মিজোৰাম সীমান্ত (Assam-Mizoram Border)ত মিজো দুৰ্বৃত্তই অসম আৰক্ষী (Assam Police)ক লক্ষ্য কৰি গুলীচালনা কৰাৰ ঘটনাৰ প্ৰতিক্ৰিয়া এতিয়াও অব্যাহত আছে ৷ সীমান্তৰ লাইলাপুৰত ২৬ জুলাইৰ ঘটনাৰ পাছত স্থানীয় ৰাইজে অৰ্থনৈতিক অৱৰোধ অব্যাহত ৰাখিছে । শনিবাৰে এই সন্দৰ্ভত আলোচনাৰ বাবে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত অসম-মিজোৰাম সীমান্তত উপস্থিত হয় অভিভাৱক মন্ত্ৰী অশোক সিংঘাল আৰু মন্ত্ৰী পৰিমল শুক্লবৈদ্য ।

অসম মিজোৰাম সীমান্তৰ পৰা প্ৰত্যাহাৰ অৰ্থনৈতিক অৱৰোধ

অভিভাৱক মন্ত্ৰী অশোক সিংঘাল আৰু মন্ত্ৰী পৰিমল শুক্লবৈদ্য লাইলাপুৰ আৰক্ষী চকীত স্থানীয় ৰাইজৰ লগত এখন বৈঠকত মিলিত হয় । মন্ত্ৰীদ্বয়ে ৰাইজক অৰ্থনৈতিক অৱৰোধ উঠাই লোৱাৰ কাৰণে আহ্বান জনায় ৷ কিন্তু বৈঠক চলি থকা সময়তে স্থানীয় ৰাইজে কেইবাখনো বাহনত আক্ৰমণ কৰে ৷ যাৰ বাবে অঞ্চলটোত এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয় ।

আনহাতে বৈঠকৰ অন্তত মন্ত্ৰীদ্বয়ে ৰাইজক সীমান্তৰ ঘটনাৰ উচিত তদন্ত কৰি এই ঘটনাৰ লগত জড়িত লোকৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতি দিয়ে ৷ মন্ত্ৰীদ্বয়ে লগতে উপস্থিত ৰাইজক অসমৰ মাটিৰ এক ইঞ্চিও এৰি নিদিয়াৰ প্ৰতিশ্ৰুতি দিয়ে ৷ মন্ত্ৰী অশোক সিংঘাল আৰু পৰিমল শুক্লবৈদ্যৰ এই আশ্বাসৰ পাছত ৰাইজে অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী প্ৰত্যাহাৰ কৰে ৷

assam mizoram border dispute
অসম মিজোৰাম সীমান্তৰ পৰা প্ৰত্যাহাৰ অৰ্থনৈতিক অৱৰোধ

উল্লেখ্য যে, বৰাক উপত্যকাৰ তিনিখন জিলাৰ অৰ্থনৈতিক অৱৰোধৰ ফলত নানা ধৰণৰ সমস্যাৰ সম্মুখীন হৈছে মিজোৰাম । ত্ৰিপুৰাৰ দামছেৰা হৈ অত্যাৱশ্যকীয় সামগ্ৰী সংগ্ৰহ কৰাৰ সমান্তৰালকৈ আকাশমাৰ্গেৰে মিজোৰামে সংগ্ৰহ কৰিবলগীয়া হৈছে অত্যাৱশ্যকীয় সামগ্ৰী ।

লগতে পঢ়ক : মিজোৰাম অভিমুখী বাহনত আক্ৰমণ জনতাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.