ETV Bharat / state

মিজোৰাম অভিমুখী বাহনত আক্ৰমণ জনতাৰ

author img

By

Published : Aug 7, 2021, 12:55 PM IST

ASSAM_MIZORAM_BORDER_CLASH
কাছাৰত অৰ্থনৈতিক অৱৰোধ: মিজোৰাম অভিমুখী বাহনত আক্ৰমণ জনতাৰ

বিগত ২৬ জুলাইত অসম-মিজোৰাম সীমান্তৰ লাইলাপুৰ (Lailapur) এলেকাত মিজো আৰক্ষীৰ আক্ৰমণৰ ঘটনাৰ পিছৰ পৰাই বৰাক উপত্যকাৰ তিনিওখন জিলাত অব্যাহত আছে মিজোৰামৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধ (Economic blockade) । এই অৰ্থনৈতিক অৱৰোধৰ ফলত নানা ধৰণৰ সমস্যাৰ সম্মুখীন হৈছে মিজোৰাম । ত্ৰিপুৰাৰ দামছেৰা হৈ অত্যাৱশ্যকীয় সামগ্ৰী সংগ্ৰহ কৰাৰ সমান্তৰালকৈ আকাশমাৰ্গেৰে মিজোৰামে সংগ্ৰহ কৰিবলগীয়া হৈছে অত্যাৱশ্যকীয় সামগ্ৰী ।

কাছাৰ, 7 আগষ্ট : অসম-মিজোৰাম সীমান্ত (Assam-Mizoram Border)ত মিজো দুৰ্বৃত্তই অসম আৰক্ষী (Assam Police)ক লক্ষ্য কৰি গুলীচালনা কৰাৰ ঘটনাৰ প্ৰতিক্ৰিয়া এতিয়াও ৰাজ্যত অব্যাহত আছে ৷ 26 জুলাইত সীমা বিবাদে ভয়ংকৰ ৰূপ লোৱাৰ পিছতে সীমান্তৰ পৰা আঁতৰি আহিছে অসম আৰক্ষী ৷ ইয়াৰ বিপৰীতে আজিও সীমান্ততে বাহৰ পাতি আছে মিজো আৰক্ষী । অসম মিজোৰাম সীমান্তৰ বিবাদক লৈ শুকুৰবাৰে উত্তাল হৈ পৰে কাছাৰ জিলাৰ ভাগা বজাৰ ৷

কাছাৰ জিলাৰ ভাগা বজাৰত শুকুৰবাৰে নিশা মিজোৰাম অভিমুখী চাৰিখন কণী ভৰ্তি বাহনত উত্তেজিত ৰাইজে আক্ৰমণ কৰে ৷ কৰিমগঞ্জৰ পৰা কাছাৰ হৈ মিজোৰামৰ অভিমুখে ৰাওনা হৈছিল বাহনকেইখন ৷ বাহনকেইখন কাছাৰ জিলাৰ ভাগা বজাৰত উপস্থিত হোৱাৰ পাছতেই উত্তেজিত একাংশ ৰাইজে বাহনকেইখন আক্ৰমণ কৰাৰ লগতে কণীৰ কাৰ্টন কেইটা ৰাজপথত পেলাই বিনষ্ট কৰে ৷

কাছাৰত অৰ্থনৈতিক অৱৰোধ: মিজোৰাম অভিমুখী বাহনত আক্ৰমণ জনতাৰ

উল্লেখ্য যে, মিজোৰামৰ ৰাজধানী আইজলত অসম আৰু মিজোৰামৰ দ্বি-পাক্ষিক বৈঠক অনুষ্ঠিত হোৱাৰ পিছতো কাছাৰ জিলাৰ লাইলাপুৰত মিজোৰামৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধ অব্যাহত আছে ৷ এই অৰ্থনৈতিক অৱৰোধ চলি থকাৰ সময়ত শুকুৰবাৰে সন্ধিয়া কৰিমগঞ্জৰ পৰা মিজোৰামৰ উদ্দেশ্যে ৰাওনা হৈছিল বাহনকেইখন ৷ কিন্তু কাছাৰ জিলাৰ ভাগা বজাৰত বাহনকেইখন উপস্থিত হোৱাৰ পাছতেই অৱৰোধকাৰীসকলে সোধ-পোছ কৰি মিজোৰামলৈ ৰাওনা হোৱাৰ কথা জানিব পাৰে ৷ ইয়াতেই উত্তেজিত হৈ পৰে ৰাইজ ৷ ৰাইজে বাহনকেইখন আক্ৰমণ কৰাৰ লগতে কণীৰ কাৰ্টন ৰাজপথত পেলাই তচনচ কৰে ৷

লগতে পঢ়ক : অৰ্থনৈতিক অৱৰোধৰ মাজতে মিজোৰামলৈ সুৰা সৰবৰাহৰ অপচেষ্টা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.