ETV Bharat / state

অৰ্থনৈতিক অৱৰোধৰ মাজতে মিজোৰামলৈ সুৰা সৰবৰাহৰ অপচেষ্টা

author img

By

Published : Aug 5, 2021, 8:51 PM IST

assam mizoram border
অৰ্থনৈতিক অৱৰোধৰ মাজতে মিজোৰামলৈ সুৰা সৰবৰাহৰ অপচেষ্টা

অসম-মিজোৰাম সীমান্তত অব্যাহত আছে মিজোৰামৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধ । তাৰ মাজতে সুৰা সৰবৰাহৰ অপচেষ্টা কৰিছিল দুষ্টচক্ৰই । স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি ৰাজপথতে বাহনৰ পৰা উলিয়াই সুৰাৰ বটলবোৰ নষ্ট কৰি দিয়ে ।

কৰিমগঞ্জ, ৫ আগষ্ট : বিগত ২৬ জুলাইত অসম-মিজোৰাম সীমান্তৰ লাইলাপুৰ (Lailapur) এলেকাত মিজো আৰক্ষীৰ আক্ৰমণৰ ঘটনাৰ পিছৰ পৰাই বৰাক উপত্যকাৰ তিনিওখন জিলাত অব্যাহত আছে মিজোৰামৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধ (Economic blockade) । এই অৰ্থনৈতিক অৱৰোধৰ ফলত নানা ধৰণৰ সমস্যাৰ সম্মুখীন হৈছে মিজোৰাম । ত্ৰিপুৰাৰ দামছেৰা হৈ অত্যাৱশ্যকীয় সামগ্ৰী সংগ্ৰহ কৰাৰ সমান্তৰালকৈ আকাশমাৰ্গেৰে মিজোৰামে সংগ্ৰহ কৰিবলগীয়া হৈছে অত্যাৱশ্যকীয় সামগ্ৰী ।

তেনে অৱস্থাত খাদ্য সংকটত ভূগিছে মিজোৰামে । মিজোৰামত সুৰাৰ বিক্ৰী সম্পূৰ্ণৰূপে বন্ধ । অথচ বিগত সময়চোৱাত শিলচৰৰ পৰা একাংশ মিজো লোকে সুৰা সংগ্ৰহ কৰি মিজোৰামত সুৰাৰ চাহিদা পূৰণ কৰি আহিছিল । এতিয়া যিহেতু লাইলাপুৰ হৈ কোনো ধৰণৰ বাহন মিজোৰামত প্ৰৱেশ কৰিব পৰা নাই, সেয়ে সুৰাৰ বাবেও সমস্যাৰ সম্মুখীন হৈছে মিজোসকল । তথাপিও সুৰা সংগ্ৰহৰ বাবে মিজোসকলে অৱলম্বন কৰিছে বিভিন্ন পন্থা ।

অৰ্থনৈতিক অৱৰোধৰ মাজতে মিজোৰামলৈ সুৰা সৰবৰাহৰ অপচেষ্টা

ইফালে লাইলাপুৰৰ উপৰিও পাথাৰকান্দি সমষ্টিৰ বালিপিপলা এলেকাত স্থানীয় ৰাইজে মিজোৰামৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধ গঢ়ি তুলিছে । সেই স্থানতে এখন অস্থায়ী গেট স্থাপন কৰিছে স্থানীয় ৰাইজৰ লগতে বজৰং দলৰ সদস্যই । যাতে কোনো সুৰা ভৰ্তি বাহন মিজোৰামত প্ৰৱেশ কৰিব নোৱাৰে, তাৰ বাবে চোকা দৃষ্টি ৰাখিছে ৰাইজে ।

ইয়াৰ মাজতে বুধবাৰে নিশা AS ০১ DU ৭০৭২ নম্বৰৰ এখন স্ক'ৰপিঅ’ বাহন মিজোৰামত প্ৰৱেশ কৰিবলৈ বিচাৰিছিল । বাহনখন দেখি স্থানীয় ৰাইজৰ সন্দেহ হোৱাত বাহনখনত তালাচী চলাই উদ্ধাৰ কৰে কেইবা কাৰ্টন বিলাতী সুৰা । বাহনখনৰ জৰিয়তে মিজোৰামত সুৰা সৰবৰাহৰ চেষ্টা চলোৱা হৈছিল বুলি অভিযোগ কৰিছে স্থানীয় ৰাইজে । কিন্তু স্থানীয় ৰাইজে বাহনখনৰ পৰা সুৰাৰ বটলবোৰ উলিয়াই নষ্ট কৰে ।

এই ঘটনাৰ পিছতে বজৰং দলৰ সদস্যসকলে সকীয়াই দিয়ে যে, কোনো ধৰণৰ সামগ্ৰীয়ে মিজোৰামত প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব । ইফালে এই ঘটনাৰ পাছতে আৰক্ষীৰ বিৰুদ্ধেও বিভিন্ন ধৰণৰ অভিযোগ উত্থাপন হৈছে । স্থানীয় লোকৰ অভিযোগ অনুসৰি দীৰ্ঘদিনৰ পৰাই সুৰা, ড্ৰাগছ আদি বিভিন্ন সামগ্ৰীৰ সৰবৰাহ অব্যাহত আছে ৷ সকলো জানিও আৰক্ষীয়ে এই বিষয়ত ৰহস্যজনকভাৱে নিমাত হৈ আছে ।

লগতে পঢ়ক : শান্তিৰ বাৰ্তা লৈ চাৰ্টাৰ্ড বিমানেৰে অসমৰ দুই মন্ত্ৰী মিজোৰামত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.