ETV Bharat / state

আটকাধীন জেহাদীয়ে উদঙাইছে ৰাজ্যত জেহাদীৰ ভয়ংকৰ জালৰ ভিন্ন তথ্য

author img

By

Published : Aug 22, 2022, 10:49 PM IST

Jihadi arrested in Goalpara
আটকাধীন জেহাদীয়ে উদঙাইছে ৰাজ্যত জেহাদীৰ ভয়ংকৰ জালৰ ভিন্ন তথ্য

ৰাজ্যত ভয়ংকৰভাৱে শিপাইছে জেহাদীয়ে ৷ জেহাদৰ জাল বিয়পোৱাৰ বাবে ন-ন কৌশল অৱলম্বন কৰিছে জেহাদীয়ে ৷ গোৱালপাৰাত দুটাকৈ জেহাদী গ্ৰেপ্তাৰ হোৱাৰ পাছত ন-ন তথ্য পোহৰলৈ আহিছে জেহাদীৰ সম্পৰ্কত (Jihadi in Aassam) ।

গোৱালপাৰা, 22 আগষ্ট: গোৱালপাৰাত দুটাকৈ জেহাদী গ্ৰেপ্তাৰ হোৱাৰ পাছত ন-ন তথ্য পোহৰলৈ আহিছে জেহাদীৰ সম্পৰ্কত (Jihadi in Aassam)। স্থানীয় ৰাইজৰ ভাষ্য অনুসৰি বিগত বহু দিনৰ পৰাই জেহাদী কাৰ্যকলাপৰ লগত জড়িত আছিল আতকীধীন জেহাদী দুটা ।

উল্লেখ্য যে, যোৱা শুকুৰবাৰে গোৱালপাৰাৰ মাটীয়া থানাৰ অন্তৰ্গত তিনকোণীয়াপাৰা মছজিদ আৰু টিলাপাৰা মছজিদৰ পৰা জেহাদী কাৰ্যকলাপৰ লগত জড়িত থকাৰ সন্দেহত দুজনকৈ লোকক আটক কৰিছিল আৰক্ষীয়ে । সন্দেহজনকভাৱে আটক কৰা লোক দুজনৰ স্বীকাৰোক্তিৰ ভিত্তিত শনিবাৰে গ্ৰেপ্তাৰ কৰিছিল দুই জেহাদী ক্ৰমে আব্দুছ সুবাহান আৰু জালাল উদ্দীনক (Jihadi arrested in Goalpara)।

আৰক্ষীৰ ভাষ্য অনুসৰি এই দুই জেহাদী নতুন সদস্যভৰ্তিৰ কামত নিয়োজিত হৈ আছিল (Jihadi Membership in Assam)। আনকি জেহাদী দুটাৰ ঘৰত আৰক্ষীয়ে অভিযান চলাই বহু আপত্তিজনক নথি-পত্ৰ জব্দ কৰাৰ উপৰিও আৰবী ভাষাত লিখা পত্ৰও জব্দ কৰিছিল । সেই অনুসৰি স্থানীয় ৰাইজৰ ভাষ্যমতে ২০১৯ চনত জালালুদ্দিন আৰু আব্দুছ চোবাহান নেতৃত্বত অনুষ্ঠিত ধৰ্মসভাত অংশ লৈছিল ৫ টাকৈ জেহাদীয়ে ৷

আটকাধীন জেহাদীয়ে উদঙাইছে ৰাজ্যত জেহাদীৰ ভয়ংকৰ জালৰ ভিন্ন তথ্য

জেহাদীৰ টকাৰে জালাল উদ্দীনে ইমামতী কৰা মাটিয়াৰ সুন্দৰপুৰ টিলাপাৰা মাদ্ৰাছাত(Sundarpur Tilapara madrasa) অনুষ্ঠিত হৈছিল ধৰ্মসভা । উক্ত ধৰ্মীয় সভাত স্থানীয় ৰাইজে বুজিব নোৱাৰাকৈ উৰ্দু ভাষাত ভাষণ প্ৰদান কৰিছিল । ইমামসকলৰ উৰ্দু ভাষণত স্থানীয় ৰাইজৰ মনত সন্দেহ উপজিছিল । ধৰ্মীয়সভাখন শেষ হোৱাৰ পাছৰ নিশাই পলায়ন কৰিছিল দলটো । এই সন্দৰ্ভত স্থানীয় ৰাইজে বিস্ফোৰক স্বীকাৰোক্তি প্ৰকাশ কৰিছে ।

স্থানীয় ৰাইজে কয় যে, দলটো ৰাইজৰ পৰা দূৰত্ব ৰাখি চলিছিল ৷ ৰাইজৰ সন্দেহ উপজাত পলায়ন কৰিছিল আব্দুছ ছোবাহান আৰু জালাল উদ্দিনৰ লগতে আন ৫ জন মৌলবী ৷ ইপিনে আৰক্ষীৰ ভাষ্যমতে কিছুদিন পূৰ্বে গোৱালপাৰা জিলাৰ টিয়াপৰাৰ চৰ অঞ্চলৰ পৰা বঙাইগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল আব্বাছ আলী নামৰ এটা জেহাদীক (Jihadi arrested in Bangaigaon)। আব্বাছ আলীৰ লগত ঘনিষ্ঠ সম্পৰ্ক আছিল আব্দুছ সুবাহান আৰু জালাল উদ্দীনৰ ।

কেৱল এয়াই নহয় ৷ বৰপেটা আৰু মৰিগাঁৱত গ্ৰেপ্তাৰ হোৱা জেহাদীকেইটাৰ লগতো সু-সম্পৰ্ক আছিল আব্বাছ আলীৰ ।

লগতে পঢ়ক: প্ৰধানমন্ত্ৰী হোৱাৰ সপোন দেখিছে বুলি সাংসদ নৱ কুমাৰ শৰণীয়াক কটাক্ষ বিধায়ক দিগন্ত কলিতাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.