ETV Bharat / state

প্ৰধানমন্ত্ৰী হোৱাৰ সপোন দেখিছে বুলি সাংসদ নৱ কুমাৰ শৰণীয়াক কটাক্ষ বিধায়ক দিগন্ত কলিতাৰ

author img

By

Published : Aug 22, 2022, 10:01 PM IST

সাংসদ নৱ কুমাৰ শৰণীয়াই শনিবাৰে বাক্সাত বিৰোধী ঐক্য মঞ্চৰ প্ৰধানমন্ত্ৰী হিচাবে নিক্ষেপ কৰিলে প্ৰধানমন্ত্ৰীৰ আসনত বহিবলৈ প্ৰস্তুত বুলি মন্তব্য কৰিছিল (MP Naba Kumar Sarania want to be prime minister) । সাংসদ শৰণীয়াৰ এই মন্তব্যৰ পাছতেই তেওঁক কটাক্ষ কৰে কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই (MLA Diganta Kalita comment on MP Naba Kumar Sarania) ৷

MLA Diganta Kalita comment on MP Naba Kumar Sarania
সাংসদ নৱ কুমাৰ শৰণীয়াক কটাক্ষ বিধায়ক দিগন্ত কলিতাৰ

ৰঙিয়া, 22 আগষ্ট : দেশৰ প্ৰধানমন্ত্ৰী হোৱাকলৈ কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াই কৰা মন্তব্যৰ পাছত সোমবাৰে তেওঁক উভতি ধৰে কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই(MLA Diganta Kalita comment on MP Naba Kumar Sarania) ৷ বিধায়ক দিগন্ত কলিতাই সাংসদ নৱ কুমাৰ শৰণীয়াক কটু ভাষাৰে সমালোচনা কৰি কয় যে, প্ৰধানমন্ত্ৰী হোৱাৰ বাবে নৱ কুমাৰ শৰণীয়া লগত নাই কোনো ।

তেওঁ লগতে সাংসদগৰাকীক কটাক্ষ কৰি কয় যে, এজন সাংসদে যদি ভৱিষ্যতত প্ৰধানমন্ত্ৰী হ'ব পাৰে সেইটো নৱ কুমাৰ শৰণীয়াই জানিব তেওঁৰ হাতত কি বিৰাকূট আছে ৷ এই ফৰমেটতো নৱ কুমাৰ শৰণীয়াৰ সপোন হৈ থাকিব বুলি উল্লেখ কৰে কমলপুৰ সমষ্টিৰ বিধায়কগৰাকীয়ে । তেওঁ লগতে কয় যে, নৱ কুমাৰ শৰণীয়া উত্তৰ-পূৱৰ একমাত্ৰ সাংসদ । ভাৰতবৰ্ষত ৫৪৩ জন সাংসদ আছে । বাকী বুজাই বুজিব বুলি কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই তাচ্ছিল্য কৰে সাংসদ নৱ কুমাৰ শৰণীয়াক (Diganta Kalita criticizes MP Naba Kumar Sarania) ।

কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা

উল্লেখ্য যে, বাক্সাৰ মুছলপুৰত শনিবাৰে সাংসদ নৱ কুমাৰ শৰণীয়াক সাংবাদিকে আগন্তুক লোকসভা নিৰ্বাচনত বিৰোধী ঐক্য মঞ্চৰ প্ৰধানমন্ত্ৰী হিচাবে তেখেতক নিক্ষেপ কৰিলে সেই প্ৰস্তাৱ গ্ৰহণ কৰিবনে বুলি প্ৰশ্ন কৰা হৈছিল ৷ ইয়াৰ উত্তৰত সাংসদগৰাকীয়ে একেষাৰে প্ৰধানমন্ত্ৰীৰ আসনত বহিবলৈ প্ৰস্তুত বুলি মন্তব্য কৰে (MP Naba Kumar Sarania want to be prime minister)। বিজেপিৰ যিমান উত্থান হ'লেও কোকৰাঝাৰ লোকসভা সমষ্টিত নৱ কুমাৰ শৰণীয়াক হিলাব নোৱাৰে বুলিও মন্তব্য কৰিছিল সাংসদগৰাকীয়ে ।

লগতে পঢ়ক: প্ৰধানমন্ত্ৰী হ’বলৈ মন মেলিছে সাংসদ নৱ কুমাৰ শৰণীয়াইপ্ৰধানমন্ত্ৰী হ’বলৈ মন মেলিছে সাংসদ নৱ কুমাৰ শৰণীয়াই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.