ETV Bharat / state

Goalpara road accident : পথ দুৰ্ঘটনাত থিতাতে প্ৰাণ হেৰুৱালে এটা দম্পত্তিয়ে

author img

By

Published : Jul 7, 2023, 12:53 PM IST

গোৱালপাৰা জিলাৰ আগিয়াত ভয়ঙ্কৰ পথ দুৰ্ঘটনা । থিতাতে নিহত এটা দম্পত্তি । আহত কেইজনক উদ্ধাৰ কৰি চিকিৎসালয় লৈ প্ৰেৰণ । যাত্ৰীকেইগৰাকী আছিল ধুবুৰী জিলাৰ চাপৰৰ ।

road accident at Agia
আগিয়াত ভয়ঙ্কৰ পথ দুৰ্ঘটনা

গোৱালপাৰা, 7 জুলাই: গোৱালপাৰা জিলাৰ আগিয়াত শুকুৰবাৰৰ পুৱাই সংঘটিত হয় এক ভয়ঙ্কৰ পথ দুৰ্ঘটনা । পথ দুৰ্ঘটনাটোৰ ফলত থিতাতে নিহত হয় এটা দম্পত্তি ৷ ইয়াৰ লগতে দুৰ্ঘটনাটোৰ ফলত আহত হয় তিনিগৰাকীকৈ যাত্ৰী । স্থানীয় ৰাইজৰ তৎপৰতাত আহত তিনিগৰাকীক উদ্ধাৰ কৰি চিকিৎসাৰ বাবে আগিয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্ত্তি কৰোৱা হয় ।

উল্লেখযোগ্য যে, শুকুৰবাৰৰ পুৱাৰ ভাগত গুৱাহাটীৰ পৰা ধুবুৰীৰ চাপৰ অভিমুখে গৈ আছিল দুৰ্ঘটনাগ্ৰস্ত বাহনখন ৷ দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নম্বৰ ML - 05 AA - 1344 ৷ চাৰিচকীয়া ব্ৰেজা বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই গেছ চিলিণ্ডাৰ ভৰ্ত্তি এখন টেংকাৰত পিছফালৰ পৰা খুন্দিওৱাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয় বুলি জানিবলৈ পৰা গৈছে । ফলত ব্ৰেজা বাহনখনত থকা 5 জনকৈ যাত্ৰীৰ ভিতৰত এটা দম্পত্তিৰ থিতাতে নিহত হয় ৷ ইয়াৰ লগতে দুৰ্ঘটনাটোৰ ফলত তিনিগৰাকী লোক গুৰুতৰভাৱে আহত হয় ।

স্থানীয় ৰাইজে দুৰ্ঘটনাটো প্ৰত্যক্ষ কৰি স্থানীয় আগিয়া আৰক্ষী থানাত খবৰ দিয়ে । লগে লগে আগিয়া আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত বাহনৰ ভিতৰত থকা যাত্ৰীকেইগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয় । গুৰুতৰভাৱে আহত হোৱা তিনি যাত্ৰীক চিকিৎসাৰ বাবে 108 এম্বুলেঞ্চ সেৱাৰ জৰিয়তে আগিয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ততাতৈয়াকৈ ভৰ্তি কৰোৱা হয় ৷ থিতাতে নিহত দম্পত্তিটোক মৰণোত্তৰ পৰীক্ষাৰ বাবে গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে বুলি জানিবলৈ পৰা গৈছে ।

দুৰ্ঘটনাত পতিত হোৱা দম্পত্তিটো ধুবুৰী জিলাৰ চাপৰৰ আছিল বুলি জানিবলৈ পৰা গৈছে ৷

লগতে পঢ়ক : Biman Roy Update : শুকুৰবাৰে আদালতত হাজিৰ কৰোৱাৰ সম্ভাৱনা অভিযুক্ত বিমান ৰয়ক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.