ETV Bharat / state

Biman Roy Update : শুকুৰবাৰে আদালতত হাজিৰ কৰোৱাৰ সম্ভাৱনা অভিযুক্ত বিমান ৰয়ক

author img

By

Published : Jul 7, 2023, 11:58 AM IST

Biman Roy in Nalbari civil hospital
নলবাৰী চিভিল হাস্পতালত অভিযুক্ত বিমান ৰয়

পুনৰ অসুস্থ অভিযুক্ত বিমান ৰয় । নলবাৰী চিভিল হাস্পতালত কৰোৱা হয় স্বাস্থ্য পৰীক্ষা ৷

নলবাৰী, 7 জুলাই : নিশা আৰক্ষীৰ জেৰাৰ মাজতে পুনৰ অসুস্থ হয় ঘগ্ৰাপাৰ থানাৰ নিলম্বিত আৰক্ষী বিষয়া বিমান ৰয় । হঠাতে নিশা আৰক্ষীৰ জেৰাত শাৰিৰীক অসুস্থতাই দেখা দিয়াত নলবাৰী চিভিল হাস্পতালত স্বাস্থ্য পৰীক্ষাৰ বাবে লৈ যোৱা হয় নিলম্বিত আৰক্ষী বিষয়া বিমান ৰয়ক । নলবাৰী সদৰ থানাত তিনিজনকৈ উচ্চ পদস্থ আৰক্ষী বিষয়াৰ জেৰাৰ সন্মুখীন হৈছিল বিমান ৰয় । নলবাৰী আৰক্ষী অধীক্ষক সুধাকৰ সিং, অতিৰিক্ত আৰক্ষী অধীক্ষক অলিন্দিতা গগৈ আৰু জিকিৰানী মহন্তই চলাইছিল জেৰা । এই সমগ্ৰ ঘটনাটোৰ তদন্তকাৰী বিষয়াৰূপে দায়িত্ব প্ৰদান কৰা হৈছিল নলবাৰীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অলিন্দিতা গগৈক ।

আজি দুপৰীয়াৰ ভাগত আদালতত হাজিৰ কৰোৱা হ’ব লম্পট বিমান ৰয়ক ৷ উল্লেখ্য যে, ঘগ্ৰাপাৰ আৰক্ষী থানাত এগৰাকী কিশোৰীক উলংগ কৰি ফটো তোলাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছিল ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিমান ৰয়ৰ বিৰুদ্ধে ৷ ইয়াৰ পিচতে পলাতক অৱস্থাত আছিল ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে । ন দিনৰ অন্তত আৰক্ষীয়ে বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় অভিযুক্ত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীক ৷

বৃহস্পতিবাৰে গুৱাহাটীৰ সমীপৰ পানীখাইতি ৰে’ল ষ্টেচনত ৰে’ল আৰক্ষীয়ে আটক কৰিছিল অভিযুক্ত বিমানক । বিমানক আটক কৰি স্বাস্থ্য পৰীক্ষাৰ বাবে ৰখা হৈছিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত । তাৰ পিছতে নলবাৰী আৰক্ষীৰ এটা দলে ৰে’ল আৰক্ষীৰ পৰা নলবাৰীলৈ লৈ আনে অভিযুক্ত বিমানক । শুকুৰবাৰে আদালতত হাজিৰ কৰোৱাৰ সম্ভাৱনা ঘগ্ৰাপাৰ নিৰ্যাতন কাণ্ডৰ খলনায়ক বিমান ৰয়ক ৷

উল্লেখ্য যে, অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে টুইটযোগে বিমান ৰয়ক পলাতক ঘোষণা কৰি সন্ধান দিওঁতালৈ পুৰস্কাৰ ঘোষণা কৰিছিল । সেইদিনা নিশাৰ ভিতৰতেই আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে আন এটা টুইটযোগে অভিযুক্ত বিমান ৰয়ক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ কথা সদৰী কৰিছিল ।

লগতে পঢ়ক : Biman Roy arrested: অৱশেষত নলবাৰী থানাত পলাতক OC বিমান ৰয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.