ETV Bharat / state

Biman Roy arrested: অৱশেষত নলবাৰী থানাত পলাতক OC বিমান ৰয়

author img

By

Published : Jul 6, 2023, 10:15 PM IST

Biman Roy in Nalbari
অৱশেষত নলবাৰী থানাত পলাতক OC বিমান ৰয়

কিশোৰীগৰাকীৰ নগ্ন ফটো উঠাই আৰক্ষীৰ পোছাকক কলংকিত কৰা বিমান ৰয়ক নলবাৰী থানাত মাৰাথন জেৰা ৷ গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ পৰা পোনে পোনে আৰক্ষীয়ে বিমান ৰয়ক নলবাৰী থানালৈ লৈ আহে ৷

অৱশেষত নলবাৰী থানাত পলাতক OC বিমান ৰয়

নলবাৰী, ৬ জুলাই : ঘগ্ৰাপাৰ আৰক্ষী থানাত এগৰাকী কিশোৰীক উলংগ কৰি ফটো উঠোৱা লম্পট OC বিমান ৰয়ক অৱশেষত আটক । বৃহস্পতিবাৰে গুৱাহাটীৰ সমীপৰ পানীখাইতি ৰে’ল ষ্টেচনত ৰে’ল আৰক্ষীয়ে আটক কৰিছিল লম্পট বিমানক । বিমানক আটক কৰি স্বাস্থ্য পৰীক্ষাৰ বাবে ৰখা হৈছিল জি এম চি এইছত। তাৰ পিছতে নলবাৰী আৰক্ষীৰ এটা দলে মহানগৰ আৰক্ষীৰ পৰা নলবাৰীলৈ লৈ আনিলে লম্পট বিমানক । শুকুৰবাৰে আদালতত হাজিৰ কৰোৱাৰ সম্ভাৱনা ঘগ্ৰাপাৰ নিৰ্যাতন কাণ্ডৰ খলনায়ক বিমান ৰয়ক ।

ন দিনৰ অন্তত পলাতক OC বিমান ৰয়ক আটক কৰাৰ পিচতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ সম্প্ৰতি মাৰাথন জেৰাৰ বাবে লম্পট বিমানক ৰখা হৈছে নলবাৰী আৰক্ষী থানাত । গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ পৰা পোনে পোনে আৰক্ষীয়ে বিমান ৰয়ক নলবাৰী থানালৈ লৈ আহে ৷ সম্প্ৰতি আৰক্ষীয়ে অধিক তদন্তৰ বাবে নলবাৰী সদৰ থানাত জোৰদাৰ জেৰা অব্যাহত ৰাখিছে বিমানক।

আৰক্ষী অধীক্ষক সুধাকৰ সিঙে নলবাৰী আৰক্ষী থানাত উপস্থিত হৈ চলাইছে জেৰা । কাইলৈ আদালতত হাজিৰ কৰোৱা হব লম্পট অভিযুক্ত বিমান ৰয়ক । ইতিমধ্যে আৰক্ষী অধীক্ষকে ৰয়ৰ বিৰুদ্ধে ৰজু গোচৰত পূৰ্ৱৰ ধাৰাৰ সৈতে আইনী জেৰাত পুনৰ নতুন ধাৰা সন্নিৱিষ্ট কৰাৰ কথা ব্যক্ত কৰিছে । উল্লেখযোগ্য যে যোৱা ২১ জুন তাৰিখে ঘগ্ৰাপাৰ আৰক্ষী থানাত বিমানে কিশোৰীগৰাকীৰ নগ্ন ফটো উঠাই সংঘটিত কৰিছিল নিকৃষ্ট ঘটনা । তাৰ পিচতে পাঁচ দিনলৈ উক্ত ঘটনা গাপ দি ৰখা হৈছিল আৰক্ষী মহলত ।

যোৱা ২৬ জুনত কিশোৰী গৰাকীয়ে নলবাৰী আৰক্ষী অধীক্ষকক এই ঘটনা সন্দৰ্ভত অৱগত কৰাৰ পিচত নলবাৰী আৰক্ষী থানাত ৰুজু কৰিছিল গোচৰ । তাৰ পিচত নলবাৰী জিলাৰ অতিৰিক্ত আৰক্ষী অধিক্ষক অলিন্দিতা গগৈক তদন্তকাৰী বিষয়া হিচাপে দায়িত্ব দিছিল নলবাৰী জিলা আৰক্ষী অধীক্ষকে । তদন্ত প্ৰক্ৰিয়া চলি থকাৰ মাজতে পলায়ন কৰিছিল ঘগ্ৰাপাৰ আৰক্ষী থানাৰ লম্পট আৰক্ষী বিষয়া বিমান ৰয়ে ।

তাৰ পিচতে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে টুইট যোগে বিমান ৰয়ক পলাতক ঘোষণা কৰি বিচাৰি উলিয়াই দিওঁতালৈ পুৰষ্কাৰ ঘোষণা কৰিছিল । সেইদিনা নিশাৰ ভিতৰতেই আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে আন এটা টুইট যোগে লম্পট বিমান ৰয়ক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ কথা সদৰী কৰিছিল ।

লগতে পঢ়ক: Biman Roy arrested : গ্ৰেপ্তাৰ হোৱা বিমান ৰয়ক লৈ নলবাৰীলৈ যাত্ৰা আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.