ETV Bharat / state

Biman Roy arrested : গ্ৰেপ্তাৰ হোৱা বিমান ৰয়ক লৈ নলবাৰীলৈ যাত্ৰা আৰক্ষীৰ

author img

By

Published : Jul 6, 2023, 7:50 PM IST

বিমান ৰয়ক হাস্পতালৰ পৰাই গ্ৰেপ্তাৰ নলবাৰী আৰক্ষীৰ ৷ বিমান ৰয়ক নলবাৰীলৈ লৈ যোৱাৰ ব্যৱস্থা কৰিছে আৰক্ষীয়ে ৷

Police OC Biman Roy arrested  BY Nalbari police
গ্ৰেপ্তাৰ হোৱা বিমান ৰয়ক লৈ নলবাৰীলৈ যাত্ৰা আৰক্ষীৰ

গ্ৰেপ্তাৰ হোৱা বিমান ৰয়ক লৈ নলবাৰীলৈ যাত্ৰা আৰক্ষীৰ

গুৱাহাটী, 6 জুলাই : অৱশেষত সন্ধান ওলাল নলবাৰীৰ ঘগ্ৰাপাৰ থানাৰ নিলম্বিত ভাৰপ্ৰাপ্ত বিষয়া বিমান ৰয়ৰ ৷ অতি ৰহস্যজনকভাৱে 9 দিন পলাতক হৈ থকা অসম আৰক্ষীক লজ্জানত কৰা আৰক্ষী বিষয়াগৰাকীক 6 জুলাই অৰ্থাৎ বৃহস্পতিবাৰে গুৱাহাটীৰ সমীপৰ পানীখাইতি ৰে’ল ষ্টেচনৰ পৰা উদ্ধাৰ কৰে ৰে’লৱে আৰক্ষীয়ে ৷ 29 জুনৰ পৰা পলাতক হৈ থকা বিমান ৰয় মুমূৰ্ষু অৱস্থাত পৰি আছিল ৰে’ল ষ্টেচনত ৷

ইয়াৰ পিচতে ৰে’লৱে আৰক্ষীৰ উদ্যোগত গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ লৈ যোৱা হয় বিমান ৰয়ক ৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত প্ৰথম অৱস্থাত এজন অচিনাকী ব্যক্তি হিচাপে প্ৰাৰম্ভিক চিকিৎসা কৰোৱা হয় ৷ মুখত মাস্ক পিন্ধি চিকিৎসা গ্ৰহণ কৰিছিল বিমান ৰয়ে ৷ সেয়ে চিকিৎসকে প্ৰথম অৱস্থাত তেওঁক চিনাক্ত কৰিব পৰা নাছিল ৷

পিছত যেতিয়া তেওঁৰ ভতিজাকে গুৱাহাটী মেডিকেল কলেজলৈ ৰয়ৰ খা-খবৰ লয় তেতিয়াহে ব্যক্তিজন বিমান ৰয় বুলি নিশ্চিত হয় ৷ এই খবৰ পোৱাৰ লগে লগে ভঙাগড় আৰক্ষী আহি GMCH ত উপস্থিত হয় ৷ প্ৰাথমিক চিকিৎসাৰ পিচত চিকিৎসকে খাদ্যৰ বিষক্ৰিয়া বুলি নিশ্চিত হৈ মেডিচিন বিভাগত ভৰ্তি কৰে বিমান ৰয়ক ৷

GMCHৰ অধীক্ষক অভিজিৎ শৰ্মাই জনোৱা মতে এতিয়া বিপদমুক্ত বিমান ৰয় ৷ বিমান ৰয়ৰ দেহত কোনোধৰণৰ আঘাতৰ চিন পৰিলক্ষিত কৰা নাই হাস্পতাল কৰ্তৃপক্ষই ৷

আনহাতে সন্ধিয়া বিমান ৰয়ক হাস্পতালৰ পৰাই নলবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ সম্প্ৰতি বিমান ৰয়ক নলবাৰীলৈ লৈ যোৱাৰ ব্যৱস্থা কৰিছে আৰক্ষীয়ে ৷

উল্লেখযোগ্য যে, ঘগ্ৰাপাৰ থানাত এগৰাকী কিশোৰীক থানাৰ ভিতৰত উলংগ কৰি ফটো তোলাৰ গুৰুতৰ অভিযোগত চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছিল বিমান ৰয়ক৷ তাৰ পিচৰ পৰাই পলাতক হৈ আছিল বিমান ৰয় ৷

কিন্তু এই ঘটনাৰ পিচতে এতিয়া প্ৰশ্ন উত্থাপনত হৈছে যে বিমান ৰয়ে ৰহস্যজনকভাৱে জিএমচিএইছত ভৰ্তি হ’বৰ বাবে চতুৰ কৌশল হাতত ল’লে নেকি ? আৰক্ষীৰ চকুত ধূলি দি কেনেকৈ পানীখাইতি ৰে’ল ষ্টেচন পালেগৈ ৰয় ? বিমান ৰয়ে ধৰা কৌশলেৰে ধৰা দিলে নে সঁচাকৈয়ে খাদ্যত বিষক্ৰিয়া হৈ হাস্পতালত ভৰ্তি হ’ল সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত ৷

লগতে পঢ়ক: OC BIMAN ROY ARRESTED: আৰক্ষীক লজ্জানত কৰা পলাতক OC বিমান ৰয় গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.