OC BIMAN ROY ARRESTED: আৰক্ষীক লজ্জানত কৰা পলাতক OC বিমান ৰয় গ্ৰেপ্তাৰ

By

Published : Jul 6, 2023, 3:31 PM IST

thumbnail

গুৱাহাটী, 6 জুলাই : অৱশেষত 9 দিনৰ মূৰত ঘগ্ৰাপাৰ থানাৰ তদানীন্তন ভাৰপ্ৰাপ্ত বিষয়া বিমান ৰয়ক গ্ৰেপ্তাৰ কৰে ৰে’লৱে আৰক্ষীয়ে ৷ গুৱাহাটীৰ সমীপৱৰ্তী পানীখাইতি ৰে’ল ষ্টেচনৰ পৰা গ্ৰেপ্তাৰ কৰা হয় বিমান ৰয়ক ৷ 29 জুনৰ পৰা পলাতক হৈ থকা বিমান ৰয় মুমূৰ্ষু অৱস্থাত পৰি আছিল ৰে’ল ষ্টেচনত ৷ ইয়াৰ পিচতে গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ লৈ যোৱা হৈছে ধৃত বিমান ৰয়ক ৷ বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে বিমান ৰয় ৷ ঘগ্ৰাপাৰ থানাত এগৰাকী কিশোৰীক থানাৰ ভিতৰত উলংগ কৰি ফটো তোলাৰ গুৰুতৰ অভিযোগত চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছিল বিমান ৰয়ক ৷ 

সদ্যহতে চিকিৎসকে ৰয়ৰ স্বাস্থ্য পৰীক্ষা কৰি জনোৱা মতে হয়তো খাদ্যত বিষক্ৰিয়া হোৱাৰ বাবে ঘগ্ৰাপাৰ কিশোৰী নিৰ্যাতন কাণ্ডৰ খলনায়ক বিমান ৰয় এনেদৰে অচেতন অৱস্থাত পানীখাইতি ৰে’ল ষ্টেচনৰ প্লেটফৰ্মত ঢলি পৰিছিল ৷ 

লগতে পঢ়ক: Suspected Murder at Amguri : আমগুৰিত ৰহস্যজনকভাৱে মৃত্যু দুই সন্তানৰ মাতৃৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.