ETV Bharat / state

এটা কাগজ কলৰ নামত দীৰ্ঘ দিনে চলিছে প্ৰৱঞ্চনা

author img

By

Published : May 30, 2022, 7:13 PM IST

দেউলীয়া হ’ল ১৫ শ কোটি টকীয়া পেপাৰ মিল (1500 crore paper mill going bankrupt in Goalpara)। নীৰৱ ভূমিকাত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰ । পিছে ক’ত আছে এই ১৫ শ কোটি টকীয়া পেপাৰ মিল (Paper mill in Assam)।

1500 crore paper mill going bankrupt in Goalpara
1500 crore paper mill going bankrupt in Goalpara

গোৱালপাৰা, 30 মে’: গোৱালপাৰা জিলাৰ মাটিয়া উদ্যোগ বিকাশ কেন্দ্ৰত পোন্ধৰ শ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’বলগীয়া কহিনুৰ পাল্প পেপাৰ প্ৰাইভেট লিমিটেড নামৰ কাগজ কলটোৰ নিৰ্মাণ বিগত ১১ বছৰে বন্ধ হৈ আছে (Kahinoor pulp paper mill in Goalpara)। অসম ঔদ্যোগিক উন্নয়ন নিগমৰ অধীনত মাটিয়া উদ্যোগ বিকাশ কেন্দ্ৰত ২০১১ চনৰ ২৩ ফেব্ৰুৱাৰীত এটা কাগজ কলৰ আধাৰশিলা স্থাপন কৰা হৈছিল । সেই সময়ৰ উদ্যোগ মন্ত্ৰী প্ৰদ্যুৎ বৰদলৈৰ উপস্থিতিত প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে আধাৰশিলা স্থাপন কৰিছিল উক্ত কাগজ কলটোৰ ।

উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ কাগজ কলটোৰ নিৰ্মাণ কাৰ্যৰ বাবে চৰকাৰে পোন্ধৰ শ কোটি টকা বিনিয়োগ কৰিছিল । ইপিনে কাগজ কলটোৰ ৩০ শতাংশ কাম সম্পূৰ্ণ হোৱাৰ পাছত বিগত ১১ বছৰে নিৰ্মাণ কাৰ্য বন্ধ হৈ থকাত কাগজ কলৰ বাবে অনা যন্ত্ৰ-পাতিসমূহ মামৰ ধৰি জহি- খহি গৈছে । স্থানীয় ৰাইজৰ অভিযোগ মতে, কহিনুৰ পাল্প পেপাৰ প্ৰাইভেট লিমিটেড অধ্যক্ষ নামাউতোৰ আগৰৱালাই চৰকাৰী এই পোন্ধৰ শ কোটি টকাৰ পৰা লাভ কৰা ৰাজসাহায্য লৈ আজিকোপতি অৰ্ধনমিত হৈ থকা কহিনুৰ পেপাৰ কলৰ কাম সম্পূৰ্ণ নকৰিলে (Kahinoor paper mill bankrupt) ।

এটা কাগজ কলৰ নামত দীৰ্ঘ দিনে চলিছে প্ৰৱঞ্চনা

কহিনুৰ কাগজ কলৰ কাম সম্পূৰ্ণ কৰিবলৈ সমাজ কৰ্মী ননী দাসে কেইবাবাৰো কহিনুৰ কাগজ কলৰ অধ্যক্ষক অৱগত কৰিছিল ৷ কিন্তু কোনোধৰণৰ গুৰুত্ব নিদিয়া বুলি অভিযোগ উত্থাপিত কৰে অধ্যক্ষৰ বিৰুদ্ধে ।

বিগত ১১ বছৰে অৰ্ধনির্মিত হৈ থকা কাগল কলটোৰ ভিতৰত হাবি জংঘলেৰে আঁৱৰি ধৰাৰ লগতে ভিতৰত থকা যন্ত্ৰ-পাতিত মামৰে ধৰি জহি-খহি গৈছে । ইফালে স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, ১১ বছৰে দেউলীয়া হৈ থকা কাগজ কলটোৰ অধ্যক্ষই মনে মনে আন এটা কোম্পানীক বিক্ৰীৰ যো-জা চলাইছে । এই সন্দৰ্ভত ইটিভি ভাৰতৰ সাংবাদিকে চলোৱা অভিযানত কহিনুৰ কাগজ কলৰ কোম্পানীত নিয়োজিত কৰ্মচাৰীক সোধা প্ৰশ্নত কয় যে, কহিনুৰ কাগজ কল ইতিমধ্যে বিক্ৰীৰ যো-জা চলাইছে ।

এই সন্দৰ্ভত স্থানীয় ৰাইজে উল্লেখ কৰে যে, কহিনুৰ কাগজ কলৰ নামত চৰকাৰে দিয়া পোন্ধৰ শ কোটি টকাৰ পৰা ৰাজসাহায্যৰ লোভতহে দুই এটা পুৰণি মেচিন পেলাই ৰাখিছিল অধ্যক্ষই ৷ বেংকৰ বিষয়াক সেয়া দেখুৱাই চৰকাৰে উদ্যোগৰ নামত আৱন্টন দিয়া ধন আত্মসাৎ কৰি এতিয়া দেউলীয়া হোৱাৰ পথত নিৰ্মাণ হ’বলগীয়া উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত সৰ্ববৃহৎ কহিনুৰ কাগজ কলটো ।

অতি শীঘ্ৰে স্থানীয় ৰাইজে কহিনুৰ কাগজ কলৰ কাম সম্পূৰ্ণ কৰাৰ দাবী জনায় চৰকাৰক । এই ক্ষেত্ৰত বৰ্তমানৰ চৰকাৰ তথা উদ্যোগ মন্ত্ৰী চন্দ্রমোহন পাটোৱাৰীয়ে কি ব্যৱস্থা লয় সেয়া হ’ব লক্ষ্যনীয় । কিয়নো নগাঁও আৰু কাছাৰ কাগজকলৰ ক্ষেত্ৰত চৰকাৰৰ স্থিতিয়ে বাৰুকৈয়ে বিচলিত কৰি থৈছে ৰাইজক ৷

লগতে পঢ়ক : Assam Cabinet Decisions : কাগজ কলৰ কৰ্মচাৰীৰ বাবে সুখবৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.