ETV Bharat / state

Hot weather: উৎকট গৰমে দহিছে ডিমা হাছাও; বিগত 6 মাহে হোৱা নাই বৰষুণ

author img

By

Published : Apr 20, 2023, 11:43 AM IST

Hot weather in Half Long
তীব্ৰ গৰমে দহিছে ডিমা হাছাও

সলনি হ'বলৈ ধৰিছে ৰাজ্য়ৰ বতৰ । লাহে লাহে বৃদ্ধি পাইছে গ্ৰীষ্মৰ প্ৰকোপ (Hot weather in Half Long)। ৰাজ্যৰ আন চহৰৰ লগতে হাফলঙত গ্ৰীষ্মৰ প্ৰকোপৰ লগতে দেখা দিছে জল সংকটে ।

হাফলং, ২০ এপ্ৰিল: ডিমা হাছাও জিলাত তীব্ৰ গৰম আৰু পানীৰ সংকটত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে (Hot weather in Assam)। বিশেষকৈ পাহাৰীয়া জিলাখনৰ ডিমা হাছাওৰ সদৰ হাফলঙত পানীৰ তীব্ৰ সংকটে দেখা দিছে । ইয়াৰ সমান্তৰালভাৱে তীব্ৰ গৰমত দহিছে পাহাৰীয়া জিলাখন । অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে তাপমাত্ৰা । যোৱা দুদিনত জিলাখনত 34 পৰা 35 ডিগ্ৰী চেলচিয়াচ তাপমাত্ৰ ৰেকৰ্ড কৰা হৈছে (Hot weather in Dima Hasao) ।

এই জিলাখনত পূৰ্বে এনে উষ্ণতা কেতিয়াও বৃদ্ধি পোৱা নাছিল । এই বছৰ এপ্ৰিলৰ মাজতেই অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে তাপমাত্ৰ। যোৱা বছৰ মে'ত প্ৰচণ্ড বৰষুণ আৰু বান-ভূমিস্খলনৰ ফলতে পাহাৰীয়া জিলাখন প্ৰাকৃতিক দুৰ্যোগৰ কৱলত পৰিছিল । এইবাৰ প্ৰচণ্ড গৰমে দহিছে জিলাবাসীক । এই গৰমৰ দিনত এই পাহাৰীয়া জিলাৰ বতৰ ঠাণ্ডা থকা বাবে পৰ্যটক সকলে আহি ভিৰ কৰে । কিন্তু এইবাৰ বতৰ সম্পূৰ্ণ ভিন্ন ধৰণৰ । ৰাজ্যৰ অন্য জিলাৰ দৰে ডিমা হাছাও জিলাত বৃদ্ধি পাইছে গৰম । এপ্ৰিল মাহৰ এনেকৈ তাপমাত্ৰ বৃদ্ধি পাইছে যাৰ বাবে অহা দুই মাহত কেনে গৰম অনুভৱ হ'ব পাহাৰীয়া জিলাখনত সেই লৈ শংকিত হৈ উঠিছে সাধাৰণ নাগৰিক ।

ইপিনে, তীব্ৰ গৰমৰ লগতে হাফলং চহৰত দেখা দিছে পানীৰ সংকট (Water crisis in Half Long)। যোৱা 6 মাহৰ পৰা বৰষুণ হোৱা নাই । যাৰ বাবে জলাশয়সমূহ আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পানীৰ উৎস স্থলসমূহ শুকাই গৈছে । পাহাৰীয়া নৈসমূহত পানী নোহোৱা বাবে এনেদৰে পানীৰ তীব্ৰ সংকটে দেখা দিছে । জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পানী যোগান অনিয়মীয়া হৈ পৰিছে (Public Health Technical Department )।

হাফলং চহৰৰ বিভিন্ন ঠাইত যোৱা দুই তিনি মাহৰ পৰা পানী যোগান ধৰা নাই জনস্বাস্থ্য কাৰিকৰী বিভাগে । ফলত পানীৰ তীব্ৰ সংকট দেখা দিছে হাফলং চহৰত । জনস্বাস্থ্য কাৰিকৰী বিভাগে এক বিবৃতিযোগে উল্লেখ কৰিছে যে বৰষুণ নহ'লে হাফলং চহৰত পানী যোগান ধৰা সম্ভৱ নহয় । যাৰ বাবে ৰাইজে এতিয়া পানী কিনিব লগা হৈছে । হাফলঙত এতিয়া দুহাজাৰ লিটাৰ পানীৰ দাম হৈছে 1200 টকাৰ পৰা 1500 টকা ।

লগতে পঢ়ক:JCCP protest against Solar Plant: কাৰ্বি আংলঙত সৌৰশক্তি প্ৰকল্পৰ বিৰোধিতা জেচিচিপিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.