JCCP protest against Solar Plant: কাৰ্বি আংলঙত সৌৰশক্তি প্ৰকল্পৰ বিৰোধিতা জেচিচিপিৰ

By

Published : Apr 20, 2023, 1:21 AM IST

thumbnail

ডিফু, ১৯ এপ্ৰিল : কাৰ্বি আংলং জিলাৰ লংকাইজানত এহাজাৰ মেগাৱাট সৌৰশক্তি প্ৰকল্পৰ বাবে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে এপিডিচিএলক দুহাজাৰ বিঘা ভূমি দিবলৈ লোৱা বুলি দাবী কৰিছে জইন্ট কো-অৰ্ডিনেছন কমিটী ফ'ৰ প্ৰটেক অটʼনমি চমুকৈ জেচিচিপিইয়ে (Press meet of JCCP at Diphu) । সেয়েহে‌ জেচিচিপিই পৰিষদে এনে পদক্ষেপৰ বিৰোধিতা কৰিছে (JCCP opposed Solar Power Plant)। সংগঠনটোৰ আহ্বায়কদ্বয় ক্ৰমে ছয়ছিং ৰংপি, খৰছিং টেৰণ আৰু সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰংপিয়ে বুধবাৰে ডিফুত এক সংবাদমেলত এই কথা‌ উল্লেখ কৰে ।  

জেচিচিপিই কাৰ্বি আংলং জনজাতীয় এলেকাৰ ভূমিৰ সুৰক্ষা প্ৰদান কৰাৰ বাবে স্বায়ত্তশাসিত পৰিষদ দায়ৱদ্ধ যদিও পৰিষদে জধে-মধে পৰিষদৰ ভূমি দান কৰিবলৈ লোৱা বুলি অসন্তুষ্টি প্ৰকাশ কৰি জনজাতীয় এলেকাৰ ভূমিৰ সুৰক্ষাৰ বাবে পদক্ষেপ গ্ৰহণৰ বাবে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যক আহ্বান জনায় (Solar Power Plant in Karbi Anglong) । আনহাতে, পশ্চিম কাৰ্বি আংলঙৰ অসম-মেঘালয় সীমান্তত সঘনে উত্তেজনা পূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হোৱা ঘটনাত উদ্বেগ প্ৰকাশ কৰি সীমান্তবাসীক শান্তি সম্প্ৰীতি বজাই ৰখাৰ আহ্বান জনায় ।

তেওঁলোকে  কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ আৰু জিলা প্ৰশাসনক সীমান্ত এলেকাটোৰ শান্তি সম্প্ৰীতি অক্ষুণ্ণ ৰখাৰ বাবে ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায় । লগতে যোৱা ১৭ এপ্ৰিলত অসম-মেঘালয় সীমান্তৰ মুথাডেত দুৰ্বৃত্তই অসমৰ প্ৰৱেশ কৰ গেট লণ্ড-ভণ্ড কাৰ্যক তীব্ৰ গৰিহণা দিয়ে । তেওঁলোকে লগতে উক্ত ঘটনাৰ পিছত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ আৰু বিজেপিৰ নেতাসকলে কোনো খবৰ নোলোৱা কাৰ্য ৰহস্যজনক বুলি কয় ৷ লগতে সীমান্ত সমস্যা সমাধান কৰিবলৈ ৰাজনৈতিক হেঁচাৰ সৃষ্টি কৰিবলৈ জেচিচিপিই মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙ আৰু মুখ্যমন্ত্ৰী  ড৹ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনায় ৷

লগতে পঢ়ক:Crime in Dibrugarh: দুলীয়াজানত ড্রাগছসহ আটক তিনি সৰবৰাহকাৰী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.