Crime in Dibrugarh: দুলীয়াজানত ড্রাগছসহ আটক তিনি সৰবৰাহকাৰী

By

Published : Apr 19, 2023, 7:38 PM IST

thumbnail

মৰাণ, ১৯ এপ্ৰিল: মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীক কঠোৰ হ'বলৈ নিৰ্দেশ দিছে যদিও ডিব্ৰুগড় জিলাত ইয়াৰ সৰবৰাহ বন্ধ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী । জিলাখনৰ বিভিন্ন প্ৰান্তত দিনক দিনে বৃদ্ধি পাইছে অসামাজিক কাৰ্যকলাপৰ লগতে মদ, ভাং তথা ড্ৰাগছৰ অবৈধ ব্যৱসায় (Drugs seized in Duliajan)। সেয়েহে দুলীয়াজানত আৰক্ষীয়ে ড্রাগছ বিৰোধী অভিযান তীব্ৰতৰ কৰি তুলিছে ।

দুলীয়াজান আৰক্ষীয়ে মঙলবাৰে অভিযান চলাই দুলীয়াজানৰ ১ নং বৰডুবি গাঁৱৰ পৰা দুটা ড্রাগছ সৰবৰাহকাৰীক আটক কৰে (Drugs paddler arrested in Duliajan)। আৰক্ষীয়ে বুজন পৰিমাণৰ ড্রাগছৰ লগতে AS 06 AB 6800 নম্বৰৰ এখন স্কুটি জব্দ কৰিবলৈ সক্ষম হয় । ধৃত দুই ড্রাগছ সৰবৰাহকাৰী হৈছে দীপাংকৰ ফুকন আৰু কুঞ্জন গগৈ । উল্লেখ্য় যে দুলীয়াজানত আৰক্ষীয়ে প্ৰায়ে উদ্ধাৰ কৰিছে নিষিদ্ধ ড্ৰাগছ । কেইদিনমান পূৰ্বে অইলৰ নিৰাপত্তা বিভাগে অইল আৱাসিক অঞ্চলৰ বি টাইম ২৩৪ নম্বৰ আৱাসত অভিযান চলাই বুজন পৰিমাণৰ নিষিদ্ধ ড্ৰাগছৰ লগতে কেতবোৰ সা-সামগ্ৰীসহ তিনি যুৱকক হাতে-লোটে আটক কৰিবলৈ সক্ষম হয় । 

লগতে পঢ়ক:Ankita Dutta Controversy : সাৰদা কেলেংকাৰীৰপৰা বাচিবলৈ বিজেপিত যোগদানৰ বাবেই অভিযোগ অংকিতা দত্তৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.