ETV Bharat / state

বিষাক্ত কাঠফুলা খাই ডিমা হাছাওত মৃত্যু এজনৰ

author img

By

Published : Apr 18, 2022, 10:34 PM IST

one dies after consuming poisonous mushrooms
one dies after consuming poisonous mushrooms

পাহাৰীয়া জিলা ডিমা হাছাওত অঘটন । বিষাক্ত কাঠফুলা খাই প্ৰাণ হোৰুৱালে এজনে(One died after consuming poisonous mushrooms) । উদ্যোগ নগৰী হিচাপে পৰিচিত ৪ কিলো এলেকাত বৰ্তমানেও অসুস্থ ৮ জন ।

ডিমা হাছাও, ১৮ এপ্ৰিল : পুনৰ ডিমা হাছাও জিলাত বিষাক্ত কাঠফুলা খাই এগৰাকী ব্যক্তিৰ মৃত্যু হোৱাৰ বিপৰীতে ৮ গৰাকী লোক অসুস্থ হৈ পৰে (One died after consuming poisonous mushrooms) । এই ঘটনা সংঘটিত ডিমা হাছাও জিলাৰ উদ্যোগ নগৰী হিচাবে পৰিচিত 8 কিলো এলেকাত । জানিব পৰা মতে উমৰাংচু 8 কিলো এলেকাৰ তিনিটা পৰিয়ালৰ ৯ গৰাকী ব্যক্তিয়ে জংঘলৰ পৰা কাঠফুলা আনি নিশা খোৱাৰ পিচতে অসুস্থ হৈ পৰে । কাঠফুলা খাই বিষক্ৰিয়া হোৱাৰ বাবে এই ৯ গৰাকী লোক অসুস্থ হৈ পৰে ।

ইয়াৰ পিছতে অসুস্থ হোৱা লোকসকলক উমৰাংচু চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । তেওঁলোকৰ অৱস্থা সংকটজনক হোৱাৰ বাবে দেওবাৰে সন্ধিয়া ৯ গৰাকী লোকক উন্নত চিকিৎসাৰ বাবে হাফলং অসামৰিক চিকিৎসালয় প্ৰেৰণ কৰে । কিন্তু হাফলং অসামৰিক চিকিৎসাললৈ অনাৰ পথতেই মাণিক কুৰ্মী নামৰ এগৰাকী লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ।

বিষাক্ত কাঠফুলাই প্ৰাণ ল'লে এজনৰ: অসুস্থ ৮জন

বৰ্তমানে ৮ গৰাকী ৰোগীৰ হাফলং অসামৰিক চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰি থকা হৈছে । এই ৮ গৰাকী ৰোগীৰ মাজতে ২ গৰাকী ৰোগীৰ অৱস্থা এতিয়াও সংকট জনক বুলি চিকিৎসকে প্ৰকাশ কৰিছে ।

বিষাক্ত কাঠফুলা খাই অসুস্থ হৈ বৰ্তমানত হাফলং অসামৰিক চিকিৎসাধীন হৈ আছে ক্ৰমে প্ৰেম বাহাদুৰ, প্রেমলাল কুৰ্মী, সুৰজ তামঙ, সৌৰো লামা, মায়া লামা, ৰাধা কুৰ্মী, দিম্পি কুৰ্মী, আৰু সুজাতা লামা । উল্লেখযোগ্য প্ৰতি বছৰেই ডিমা হাছাও জিলাত এনেধৰণৰ বিষাক্ত কাঠফুলা খাই মৃত্যুৰ ঘটনা সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহে । সেয়ে এই ক্ষেত্ৰত ৰাইজক সজাগ হ'বলৈ আহ্বান জনাইছে চিকিৎসকসকলে ।

লগতে পঢ়ক: ধুমুহা-বৰষুণত ৰাজ্যত 20 লোকৰ প্ৰাণহানি

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.