ETV Bharat / state

উদ্ধোধনৰ পাছতেই নৱনিৰ্মিত অনাথ আশ্ৰম ভাঙি চলিছে হোটেল নিৰ্মাণৰ কাম

author img

By

Published : Feb 26, 2022, 5:58 PM IST

North Cachar Hills Autonomous Council member Daniel Langthasa reaction
উদ্ধোধনৰ পাছতেই নৱনিৰ্মিত অনাথ আশ্ৰম ভাঙি চলিছে হোটেল নিৰ্মাণৰ কাম

মুখ্যমন্ত্ৰীয়ে উদ্ধোধন কৰাৰ পাছতেই আকৌ ভাঙি নতুনকৈ নিৰ্মাণ অনাথ আশ্ৰমৰ ভৱন ৷ স্বয়ং বিভাগীয় কৰ্তৃপক্ষই নাজানে কোনে কাৰ নিৰ্দেশত ভৱনটো ভাঙি নতুনকৈ আৰম্ভ কৰিছে নিৰ্মাণৰ কাম ৷ এন এল চি আৰ প্ৰকল্পৰ(NLRC Project) অধীনত 2 কোটি 98 লাখ টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা হৈছিল ভৱনটো ৷

ডিমা হাছাও, 26 ফেব্ৰুৱাৰী : সমাজ কল্যাণ বিভাগৰ অধীনত ডিমা হাছাও জিলাৰ জাতিংগা বৰ হাফলঙত নিৰ্মাণ কৰা হৈছিল এখন অনাথ আশ্ৰম । অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ পিচতে 2021 চনৰ 26 জুলাই প্ৰথমবাৰলৈ হাফলং ভ্ৰমণত আহি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই(Assam CM Himanta Biswa Sarma) এই অনাথ আশ্ৰমৰ উদ্বোধন কৰে । এই উদ্ধোধনী অনুষ্ঠানত অংশ লৈছিল উত্তৰ কাছাৰ পাৰ্বত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবলাল গাৰ্লচা(Chief Executive Member of North Kasar Hill Council) আৰু হাফলং সমষ্টিৰ বিধায়িকা নন্দিতা গাৰ্লচা ৷

কিন্তু অনাথ আশ্ৰমখন উদ্বোধনৰ সাত মাহৰ মূৰত ভৱনটো ভাঙি আকৌ নিৰ্মাণ কৰা হৈছে । কিয় নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পাছতো অনাথ আশ্ৰমখন ভাঙি আকৌ নতুনকৈ নিৰ্মাণ কৰা হৈছে এই বিষয়ে একো নাজানে সমাজ কল্যাণ বিভাগে । কাৰ নিৰ্দেশত সাত মাহ আগত উদ্বোধন হোৱা অনাথ আশ্ৰমৰ নতুন ভৱন ভাঙি আকৌ নিৰ্মান কৰা হৈছে এই ভৱনত কাম কৰি থকা শ্ৰমিকসকলে ইয়াৰ কোনো সুদুত্তৰ দিবলৈ সক্ষম হোৱা নাই ।

উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ কংগ্ৰেছ সদস্য ডেনিয়েল লাংথাচ

ইপিনে শুকুৰবাৰে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ কংগ্ৰেছ সদস্য ডেনিয়েল লাংথাচে(North Cachar Hills Autonomous Council) জাতিংগা বৰ হাফলঙত উদ্বোধন হোৱা এই অনাথ আশ্ৰমখনৰ ভৱন ভাঙি নতুনকৈ নিৰ্মাণ কৰা দেখি আশ্চৰ্য প্ৰকাশ কৰে । ডেনিয়েল লাংথাচাই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে, জাতিংগা বৰ হাফলঙত নিৰ্মাণ হোৱা অনাথ আশ্ৰমৰ ভৱন ভাঙি দুই মাহৰ আগতে পুনৰ নিৰ্মাণৰ কাম আৰম্ভ হৈছে বুলি খবৰ পাই তেওঁ সমাজ কল্যাণ বিভাগলৈ এখন পত্ৰ লিখিছিল ৷

তেওঁ পত্ৰখনত অনাথ আশ্ৰমৰ নতুন ভৱনটো ভাঙি পুনৰ নতুনকৈ নিৰ্মাণ কৰা সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰে ৷ বিভাগটোৰ কৰ্তৃপক্ষই অনাথ আশ্ৰমৰ ভৱনটো ভাঙি নতুনকৈ নিৰ্মাণ হোৱাৰ সন্দৰ্ভত তেওঁলোকৰ ওচৰত কোনো তথ্য নথকাৰ কথা ডেনিয়েল লাংথাচাক জানিবলৈ দিয়ে ৷ কোনে কাৰ নিৰ্দেশত ভৱনটো ভাঙি নতুনকৈ নিৰ্মাণ কৰিছে এই বিষয়ে একো নাজানে সমাজ কল্যান বিভাগে । সমাজ কল্যান বিভাগৰ এই প্ৰত্যুত্তৰৰ পিছতে ইয়াকে লৈ বাঢ়িছে ৰহস্য ।

জানিব পৰা মতে, এই অনাথ আশ্ৰমৰ ভৱন ভাঙি এতিয়া ইয়াত হোটেল নিৰ্মাণ কৰা হ’ব ৷ যাৰবাবে ভৱনটোৰ ভিতৰৰ ডিজাইন সলনি কৰাৰ কাম চলিছে । সমাজ কল্যাণ বিভাগৰ এই অনাথ আশ্ৰমখন এন এল চি আৰ প্ৰকল্পৰ অধীনত 2 কোটি 98 লাখ টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰিছিল ৷ লোকনিৰ্মাণ বিভাগৰ বিল্ডিং ডিভিজন আৰু নিৰ্মাণৰ পিচতে যোৱা বছৰ এই অনাথ আশ্ৰমৰ ভৱনটো লোক নিৰ্মাণ বিভাগে সমাজ কল্যাণ বিভাগক সমজাই দিয়ে । এই অনাথ আশ্ৰম নিৰ্মান কৰা হৈছিল যিসকল শিশুৰ কোনো নাই, সেইসকল শিশু থকাৰ বাবে ৷ কিন্তু অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এই ভৱনটো উদ্বোধন কৰাৰ বিগত 7 মাহৰ পাছতে এই ভৱনত কোন শিশুক আনি ৰখা হোৱা নাই ।

লগতে পঢ়ক : President's Assam visit: এদিনৰ বাবে সলনি হৈ পৰিল উজনি-নামনিৰ যাত্ৰাপথ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.