President's Assam visit: এদিনৰ বাবে সলনি হৈ পৰিল উজনি-নামনিৰ যাত্ৰাপথ

By

Published : Feb 26, 2022, 12:14 PM IST

Updated : Feb 3, 2023, 8:17 PM IST

thumbnail

ৰাষ্ট্ৰপতিৰ আগমণক লৈ আজি উথপ-থপ পৰিৱেশৰ সৃষ্টি হৈছে ৰাষ্ট্ৰপতিয়ে ভ্ৰমণ কৰিব লগীয়া অঞ্চল সমূহ (president Kovind's Assam visit)  ৷ ইয়াৰ সমান্তৰালকৈ কলিয়াবৰ তিনিআলিত সষ্টম কলিয়াবৰ আৰক্ষী প্ৰশাসন (Security arrangement for President Kovind) ৷ গধুৰ যান-বাহন সমূহ কলিয়াবৰ তিনিআলিৰ পৰা উত্তৰ পাৰ হৈ উজনিলৈ যাত্ৰাৰ নিৰ্দেশনা ৷ কেৱল এম্বুলেঞ্চৰ বাবেহে উজনি-নামনিৰ যাত্ৰা মুকলি আছে ৷ সকলোধৰণৰ বাণিজ‍্যিক বাহনৰ লগতে ব‍্যক্তিগত বাহনৰ ওপৰতো আৰোপ কৰা হৈছে প্ৰতিবন্ধকতা ৷ আজি পুৱাৰে পৰা কাইলৈ বিয়লি ৪:০০ বজালৈ কলিয়াবৰৰ পৰা বোকাখাটলৈ ৩৭ নং ৰাষ্ট্ৰীয় পথছোৱা বন্ধ ঘোষণা কৰা হৈছে । অৱশ‍্যে, দীঘলীয়া যাত্ৰাৰ যাত্ৰী কঢ়িওৱা বাছসমূহৰ বাবে আজি নিশা ৮:০০ বজাৰ পৰা কাইলৈ দেওবাৰে পুৱা ৪:০০ বজালৈ মুকলি থাকিব ।

Last Updated : Feb 3, 2023, 8:17 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.