ETV Bharat / state

লামডিং-শিলচৰ পথত শীঘ্ৰেই পুনৰ চলিব ৰে’ল

author img

By

Published : Jul 8, 2022, 1:11 PM IST

Lumding Silchar train movement to resume
লামডিং-শিলচৰ ব্ৰডগজ ৰে’লপথত শীঘ্ৰেই আৰম্ভ হব ৰে’ল পৰিসেৱালামডিং-শিলচৰ ব্ৰডগজ ৰে’লপথত শীঘ্ৰেই আৰম্ভ হব ৰে’ল পৰিসেৱা

লামডিং-শিলচৰ ব্ৰডগজ ৰে’লপথ সুচল হৈ উঠিলে শীঘ্ৰেই আৰম্ভ হ’ব যাত্ৰীবাহী ৰে’ল সেৱা (Lumding Silchar Passenger train service to start soon) । 16 জুলাইৰ পৰা লামডিং-শিলচৰ ব্ৰডগজ ৰে’লপথত পুনৰ ৰে’ল পৰিসেৱা আৰম্ভ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে । ইতিমধ্যে শিলচৰ-গুৱাহাটী এক্সপ্ৰেছ, শিলচৰ-চিয়ালদাহ কাঞ্চনজঙঘা এক্সপ্ৰেছ, আগৰতলা-চিয়ালদাহ কাঞ্চনজঙঘা এক্সপ্ৰেছ ৰে‘ল আইআৰচিটিচিয়ে আসন সংৰক্ষণ আৰম্ভ কৰিছে ।

ডিমা হাছাও, 8 জুলাই: বানৰ কৱলত পৰি ধ্বংসস্তুপত পৰিনত হৈছিল উত্তৰ পূৰ্বাঞ্চলৰ আঠাইতকৈ সুন্দৰ ৰে’ল ষ্টেচন ডিমা হাছাও (Dima Hasao Train Station)৷ তেতিয়াৰে পৰা বন্ধ হৈ পৰিছিল ৰে’লসেৱা ৷ লামডিং-শিলচৰ ব্ৰডগজ ৰে’লপথৰ 85 কিলোমিটাৰ অংশৰ লগতে 60টা স্থানত ভূমিস্খলনৰ ফলতে ৰে’লপথটো সম্পূৰ্ণ ৰূপে বিধস্ত হৈ পৰিছিল (Railway line was completely damaged due to landslides) ৷

লামডিং-শিলচৰ ব্ৰডগজ ৰে’লপথত শীঘ্ৰেই আৰম্ভ হব ৰে’ল পৰিসেৱা

ফলত এই ৰে’লপথচোৱাৰে যোৱা 14 মে'ৰ পৰা ৰে’ল চলাচল বন্ধ হৈ পৰাৰ বাবে বৰাক উপত্যকাৰ তিনিখন জিলাৰ লগতে মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ ৰে’লপথ দেশৰ অন্যান্য অংশৰ লগতে যোগাযোগ বিছিন্ন হৈ পৰিছে ।

যোৱা 30 জুনৰ পৰা শিলচৰ-নিউ হাফলং আৰু গুৱাহাটী-লামডিঙৰ মাজত আংশিক দুখন বিশেষ যাত্ৰীবাহী ৰে‘ল চলাচল কৰিছে ৷ ইতিমধ্যে শিলচৰ-নিউ হাফলঙৰ মাজত চলাচলকাৰী ৰে’লখনৰ যাত্ৰা 14 জুলাইলৈকে শিলচৰৰ পৰা ফাইডিং যাত্ৰা সম্প্ৰসাৰণ কৰা হৈছে । বৰ্তমানে লাংটিঙৰ পৰা ফাইডিঙলৈকে ৰে’ল সেৱা বন্ধ হৈ আছে । 12 জুলাইৰ পৰা এই অংশত পণ্যবাহী ৰে‘লগাড়ী পৰীক্ষামূলক ভাবে চলাৰ সম্ভাৱনা আছে বুলি উত্তৰ পূব সীমান্ত ৰে’ল সূত্ৰৰ পৰা জানিব পৰা গৈছে ।

ইপিনে, লামডিং-ব্ৰডগজ ৰে’লপথৰ দাওটুহাজা আৰু ফাইডিঙৰ মাজতে 78 79 আৰু 77/1-3 77/4-5 কিলোমিটাৰ অংশ ভূমিস্খলনৰ ফলতে বাৰুকৈ ক্ষতিগ্ৰস্থ হৈছিল ৷ 79 কিলোমিটাৰ অংশত ৰে‘ল লাইনৰ তলৰ মাটি খহি প্ৰায় 200 মিটাৰ ৰে‘লপথ সম্পূৰ্ণ বিধস্ত হৈ পৰিছিল ৷ বৰ্তমানে এই অংশত এলাইনমেণ্ট সলনি কৰি নতুন ভাবে ৰে’ললাইন পাতি ৰে’লপথটো সুচল কৰি তোলা হৈছে । বুধবাৰে এই অংশত ট্ৰলি ৰোলিং কৰোৱা হয় ।

বান আৰু ভূমিস্খলনৰ ফলতে এই ৰে’লপথটো সম্পূৰ্ণ ভাবে বিধস্ত হৈ যোৱাৰ পিছতে উত্তৰ পূব সীমান্ত ৰে’ল কৰ্তৃপক্ষই দুই মাহৰ ভিতৰতে যুদ্ধকালীন তৎপৰতাৰে কাম কৰি লামডিং-শিলচৰ ব্ৰডগজ ৰে’লপথটো সুচল কৰি তুলিবলৈ সক্ষম হৈছে । সকলো ঠিকঠাকে থাকিলে দুই এদিনৰ ভিতৰতে দাওটুহাজা-ফাইডিঙৰ মাজত পৰীক্ষামূলক ভাবে প্ৰথমতে লাইট ইঞ্জিন আৰু ইয়াৰ পিছতে পণ্যবাহী ৰে’লগাড়ী আৰু 16 জুলাইৰ পৰা শিলচৰ-লামডিং গুৱাহাটীৰ মাজত যাত্ৰীবাহী ৰে’ল সেৱা আৰম্ভ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি উত্তৰ পূব সীমান্ত ৰে’লৱে সূত্ৰই জানিবলৈ দিয়ে।

কিন্তু এতিয়ালৈকে আনুষ্ঠানিকভাৱে উত্তৰ পূব সীমান্ত ৰে’ল কৰ্তৃপক্ষই 16 জুলাইৰ পৰা ৰে’ল পৰিসেৱা আৰম্ভ হোৱাৰ ক্ষেত্ৰত কোনো ধৰণৰ নিৰ্দেশনা দিয়া নাই যদিও আইআৰচিটিচিয়ে লামডিং-শিলচৰ ব্ৰডগজ ৰে’লপথত চলাচলকাৰী বিভিন্ন ৰেলগাড়ীত আসন সংৰক্ষণ ব্যৱস্থা পুনৰ আৰম্ভ কৰিছে ।

লগতে পঢ়ক: এটা সপ্তাহতে শিলচৰ-সৌৰাষ্ট্ৰ ইষ্ট-ৱেষ্ট কৰিড’ৰত 5 জনৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.