ETV Bharat / state

ৰাজ্যৰ ভিতৰতে হাফলঙত সৰ্বাধিক পৰিমাণৰ ২৩ ছেণ্টিমিটাৰ বৃষ্টিপাত

author img

By

Published : May 15, 2022, 9:00 AM IST

haflong-records-highest-rainfall-in-assam
ৰাজ্যৰ ভিতৰতে হাফলঙত সৰ্বাধিক পৰিমাণৰ ২৩ ছেণ্টিমিটাৰ বৃষ্টিপাত

চাৰিদিনলৈ অপৰিৱৰ্তনীয় হৈ থাকিব ডিমা হাছাওৰ বতৰ ৷ ৰাজ্যৰ ভিতৰতে হাফলঙত সৰ্বাধিক পৰিমাণৰ ২৩ ছেণ্টিমিটাৰ বৃষ্টিপাত(Haflong records the highest rainfall in Assam) ৷ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰিছে এই কথা ৷

গুৱাহাটী, 15 মে’ : বংগোপ সাগৰৰ আন্দামানৰ দক্ষিণ উপকূলীয় অঞ্চলত ১০ মে'ত সৃষ্টি হোৱা সাগৰীয় ধুমুহা আছানীয়ে অন্ধ্ৰপ্ৰদেশ, ওড়িশা, পশ্চিমবংগ আৰু চুবুৰীয়া দেশ বাংলাদেশৰ সাগৰীয় উপকূলত ঠাই বিশেষে কম-বেছি পৰিমাণে ধ্বংসলীলা চলোৱাৰ পাছত সম্প্ৰতি দুৰ্বল হৈ পৰিছে ৷ কিন্তু ইয়াৰ প্ৰভাবত চুবুৰীয়া বাংলাদেশ আৰু পশ্চিমবংগৰ লগতে বিগত তিনি-চাৰিদিন ধৰি অসম সহ উত্তৰ-পূৱৰ আটাইকেইখন ৰাজ্যৰে আকাশ ডাৱৰীয়া হৈ আছে ৷

আনকি বিগত ৪৮ ঘণ্টাত অসমৰ ডিমা হাছাও, কাৰ্বি আংলং আৰু বৰাক উপত্যকা, পশ্চিম অসম আৰু বিটিআৰৰ কেতবোৰ অঞ্চলত গাজনি, ঢেৰেকনিৰ সৈতে প্ৰবল বৃষ্টিপাত হৈছে ৷

বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰা অনুসৰি ১৮ মে’ পর্যন্ত বতৰ অপৰিৱৰ্তনীয় হৈ থাকিব ৷ আনকি ১২ মে'ৰ পৰা আৰম্ভ হোৱা বৰষুণ আজি পৰ্যন্ত অব্যাহত আছে ৷ আনকি গুৱাহাটীকে ধৰি বহু নগৰ-চহৰত বৰষুণৰ ফলত কৃত্ৰিম বানৰ সৃষ্টি হোৱাৰ লগতে দ-ঠাইসমূহ জলমগ্ন হৈ পৰিছে ৷

বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰা অনুসৰি, শনিবাৰে বিয়লি পর্যন্ত বিগত ২৪ ঘণ্টাত উত্তৰ-পূৱৰ ভিতৰতে মেঘালয়ৰ চেৰাপুঞ্জীত অভিলেখ পৰিমাণৰ ৩১০ মিলিমিটাৰ বা ৩১ ছেণ্টিমিটাৰ বৰষুণৰ বৰষুণ হৈছে ৷ তেনেদৰে অসমৰ ভিতৰত ডিমা হাছাও জিলাৰ হাফলঙত অভিলেখ পৰিমাণৰ ২৩ ছেণ্টিমিটাৰ বৰষুণ(Haflong records highest rainfall in Assam) হৈছে ৷ আনকি বাংলাদেশ আৰু পশ্চিমবংগৰ সীমান্তৱৰ্তী পশ্চিম অসমৰ বঙাইগাঁও আৰু ধুবুৰী, গোঁসাইগাঁৱৰ উপৰি ওদালগুৰি পৰ্যন্ত বিটিআৰৰ চাৰিওখন জিলাত ৫-৯ ছেণ্টিমিটাৰ পৰিমাণৰ বৰষুণ হৈছে ৷

উল্লেখ্য যে, বতৰ বিজ্ঞানৰ ভাষাত ৬৫ মিলিমিটাৰ বা ৬.৫ ছেণ্টিমিটাৰতকৈ বেছি বৰষুণ হ’লে তাক ধাৰাষাৰ পৰিমাণৰ বৰষুণ বা প্ৰবল বৃষ্টিপাত হোৱা বুলি কোৱা হয় ৷ সেই হিচাপত পৃথিৱীৰ ভিতৰতে আটাইতকৈ বেছি বৰষুণ হোৱা অঞ্চল হিচাপে পৰিচিত চেৰাপুঞ্জীত বিগত তিনিটা দিনত একেৰাহে দৈনিক ৩০০ ছেণ্টিমিটাৰ পৰিমাণৰ ওপৰত বৰষুণ হৈ আছে ৷

আনহাতে, আগন্তুক চাৰিটা দিনতো বতৰ অপৰিৱৰ্তনীয় হৈ থাকিলে ৰাজ্যখন বানৰ কবলত পৰাটো নিশ্চিত ৷ কিয়নো ভূটান, অৰুণাচল প্ৰদেশ, তিব্বত বা চীনত প্ৰবল বৃষ্টিপাত হ’লে, ব্ৰহ্মপুত্ৰকে ধৰি ৰাজ্যৰ বেছিভাগ নৈ-উপনৈ ওফন্দি উঠাটো নিশ্চিত ৷

শনিবাৰে বৰাক উপত্যকাৰ ভিতৰত শিলচৰত অভিলেখ পৰিমাণৰ ৭ ছেণ্টিমিটাৰ পৰিমাণৰ বৰষুণ গৈছে ৷ ডিমা হাছাও আৰু মেঘালয়ৰ কেবাখনো জিলাতো ধাৰাষাৰ পৰিমাণৰ বৰষুণ অহাৰ ফলত যাতায়াত ব্যৱস্থা ব্যাহত হোৱাৰ খবৰ পোৱা হৈছে ৷ বৰষুণৰ ফলত তাপমাত্ৰা স্বাভাৱিকতকৈ বহুখিনি নিম্নগামী হোৱাত উৎকট গৰমৰ পৰা ৰাইজে বহুখিনি সকাহ পাইছে ৷

ইতিমধ্যে বংগোপ সাগৰৰ দিশৰ পৰা অহা জলীয় বাষ্পই অসম সহ উত্তৰ-পূৱৰ আটাইকেইখন ৰাজ্যৰ বেছিভাগ ৰাইজৰ আকাশ ছানি ধৰিছে ৷ এই জলীয় বাষ্পৰ ফলত সৃষ্টি হোৱা মেঘ সাগৰপৃষ্ঠৰ পৰা মাত্ৰ ৯০০ মিটাৰৰ পৰা ৩.১ কিল’মিটাৰ উচ্চতাত বলি থকাত পাহাৰীয়া অঞ্চলসমূহ তুলনামূলকভাবে সমলতলতৈ গাজনি, ঢেৰেকনি, বজ্ৰপাতৰ সৈতে প্ৰবল পৰিমাণৰ বৃষ্টিপাত হ'ব বুলি বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰিছে ৷

ইয়াৰ বিপৰীতে সমতল ঠাইসমূহৰ বেছিভাগতে ১৮ মে’ পর্যন্ত পাতলীয়াৰ পৰা মজলীয়া পৰিমাণৰ বৰষুণ হ'ব ৷ ইফালে বতৰৰ শেহতীয়া পৰিস্থিতিৰ বিষয়ে কেন্দ্ৰৰ ফালৰ পৰা ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰক সংশ্লিষ্ট বিভাগ তথা কর্তৃপক্ষসমূহক অৱগত কৰা হৈছে ৷ উল্লেখ্য যে, আজিৰ দিনটোত গুৱাহাটীত হোৱা বৰষুণৰ পৰিমাণত আছিল ৫১.৯ মিলিমিটাৰ ৷ তেনেদৰে ডিব্ৰুগড়ত ২৭.২ মিলিমিটাৰ, তেজপুৰত ১৫.৬ মিলিমিটাৰ, যোৰহাটত ২.০ মিলিমিটাৰ আৰু উত্তৰ লখিমপুৰত ২৭.২ মিলিমিটাৰ পৰিমাণৰ বৰষুণ হৈছে ৷

আনহাতে, বানৰ সম্ভাৱনা ব্যক্ত কৰি নৈপৰীয়া অঞ্চলত বাস কৰা লোকসকল শংকিত হৈ পৰিছে ৷

লগতে চাওক: ডিমা হাচাওত বান-ভূমিস্খলনৰ ধ্বংসলীলা: বাতিল বহুকেইখন ৰে’ল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.