ETV Bharat / state

ডিমা হাছাওৰ চেমখৰ সমষ্টিত নিৰ্বাচনী হিংসা, দুৰ্বৃত্তৰ আক্ৰমণত আহত দুজন

author img

By ETV Bharat Assamese Team

Published : Dec 26, 2023, 8:32 AM IST

Updated : Dec 26, 2023, 9:12 AM IST

North Cachar Hills Autonomous Council
ডিমা হাছাওৰ চেমখৰ সমষ্টিত নিৰ্বাচনী হিংসা

উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে নিৰ্বাচনী হিংসা বৃদ্ধি পাইছে (North Cachar Hills Autonomous Council)৷ সোমবাৰে নিশা চেমখৰ সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী হিৰোজিত জিডোঙৰ কৰ্মীৰ বাহন আৰু মটৰ চাইকেলত দুৰ্বৃত্তই আক্ৰমণ চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে (Upcoming NCHAC Election 2024)

ডিমা হাছাওৰ চেমখৰ সমষ্টিত নিৰ্বাচনী হিংসা

হাফলং, 26 ডিচেম্বৰ : সমাগত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন ৷ তৎপৰ হৈ পৰিছে প্ৰতিটো ৰাজনৈতিক দল ৷ সমান্তৰালকৈ নিৰ্বাচনী হিংসাৰ দৰে ঘটনাও সংঘটিত হৈছে জিলাখনত ৷ সোমবাৰে নিশাৰ ভাগত চেমখৰ সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী হিৰোজিত জিডোঙৰ কৰ্মীৰ বাহন আৰু মটৰ চাইকেলত দুৰ্বৃত্তই আক্ৰমণ চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷

অভিযোগ অনুসৰি, দুৰ্বৃত্তই প্ৰাৰ্থীগৰাকীৰ দুই কৰ্মীকো চোকা অস্ত্ৰৰে আক্ৰমণ কৰে ৷ ফলত ৰিডেন হাফলংবাৰ আৰু প্ৰকাশ ফংলো আহত হৈছে বুলি জানিব পৰা গৈছে ৷ আহত দুয়োজনকে মাইবাং চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷

উক্ত ঘটনাৰ খবৰ পোৱাৰ পাচতে মাইবাঙৰ পৰা আৰক্ষীৰ ঘটনাস্থলীলৈ ৰাওনা হয় ৷ চেমখৰ সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী হিৰোজিত জিডোঙে জানিবলৈ দিয়া অনুসৰি, সোমবাৰে চেমখৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰানু লাংথাচাৰ বাসগৃহত পূজা চলি আছিল ৷ সেই সময়তে দুৰ্বৃত্তই নিৰ্দলীয় প্ৰাৰ্থী হিৰোজিত জিডোঙৰ কৰ্মীক আক্ৰমণ চলায় বুলি উল্লেখ কৰে হিৰোজিতে ৷

ঘটনাৰ সন্দৰ্ভত তেওঁ কয়, ‘‘চেমখৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থীৰ ঘৰত যেতিয়া পূজা চলি আছিল তেতিয়া ডি এন এল এ উগ্ৰপন্থী সংগঠনৰ প্ৰাক্তন সদস্যই প্ৰদাও আৰু ৰিংমাও বড়ো ফুলন ফংলোই মোৰ কৰ্মীসকলক চোকা অস্ত্ৰৰে আক্ৰমণ কৰে ৷ এনে ঘটনা নিন্দনীয় ৷’’

আনহাতে উক্ত ঘটনাৰ লগত জড়িত লোকক আটক কৰাৰ লগতে চেমখৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰানু লাংথাচাক গৃহবন্দী কৰি ৰখাৰ দাবী জনায় নিৰ্দলীয় প্ৰাৰ্থী হিৰোজিতে ৷ যদিহে আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়া হ’লে আন্দোলন গঢ়ি তোলা হ’ব বুলি সকিয়নী প্ৰদান কৰে চেমখৰ সমষ্টিৰ নিৰ্দল প্ৰাৰ্থী হিৰোজিত জিডোঙে ৷

লগতে পঢ়ক : কংগ্ৰেছৰ ভয়-ভাবুকি আৰু অপহৰণৰ অভিযোগক ভিত্তিহীন আখ্যা দেৱলাল গাৰ্লোছাৰ

Last Updated :Dec 26, 2023, 9:12 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.