ETV Bharat / state

সন্তোষ হোজাই হত্যাকাণ্ডক গুৰুত্বসহকাৰে লোৱা নাই ৰাজ্য চৰকাৰেঃ দিলীপ নুনিচা

author img

By

Published : May 17, 2020, 3:30 PM IST

Dilip Nunisa reaction on Dima hasao SP and DSP transfer
সন্তোষ হোজাই হত্যাকাণ্ডক গুৰুত্বসহকাৰে লোৱা নাই ৰাজ্য চৰকাৰেঃ দিলীপ নুনিচা

দিলীপ নুনিচাই কয় যে, সন্তোষ হোজাই হত্যাকাণ্ডত অভিযুক্ত উপ-আৰক্ষী অধীক্ষক সূৰ্যকান্ত মৰাঙৰ বিৰুদ্ধে হাৰেংগাজাও আৰক্ষী চকীত গোচৰ ৰুজু হোৱাৰ পিছতে তেখেতক বদলি কৰাটো কেতিয়াও সমস্যাৰ সমাধান নহয় । চৰকাৰে সন্তোষ হোজাইৰ হত্যাকাণ্ডটো গুৰুত্বসহকাৰে লোৱা নাই ।

ডিমা হাছাও,17 মেঃ ডিমা হাছাও জিলাৰ আৰক্ষী অধীক্ষক আৰু উপ-আৰক্ষী অধীক্ষকৰ বদলিত ক্ষোভ প্ৰকাশ প্ৰাক্তন উগ্ৰপন্থী সদস্য দিলীপ নুনিচাৰ । শনিবাৰে ৰাজ্যৰ গৃহ বিভাগৰ নিৰ্দেশত বদলি কৰা হয় আৰক্ষী অধীক্ষক বীৰবিক্ৰম গগৈ আৰু উপ-আৰক্ষী অধীক্ষক সূৰ্যকান্ত মৰাঙক । ইয়াকে লৈ এতিয়া সৰৱ হৈ পৰিছে ভংগ হোৱা ডিমা হালম দাওগা উগ্ৰপন্থী সংগঠনৰ প্ৰাক্তন অধ্যক্ষ তথা হালালি প্ৰগ্ৰেচীভ ৱেলফেয়াৰ চোচাইটিৰ সভাপতি দিলীপ নুনিচা ।

দিলীপ নুনিচাৰ মন্তব্য

দিলীপ নুনিচাই কয় যে, সন্তোষ হোজাই হত্যাকাণ্ডত অভিযুক্ত উপ-আৰক্ষী অধীক্ষক সূৰ্যকান্ত মৰাঙৰ বিৰুদ্ধে হাৰেংগাজাও আৰক্ষী চকীত গোচৰ ৰুজু হোৱাৰ পিছতে তেখেতক বদলি কৰাটো কেতিয়াও সমস্যাৰ সমাধান নহয় । চৰকাৰে সন্তোষ হোজাইৰ হত্যাকাণ্ডটো গুৰুত্বসহকাৰে লোৱা নাই । ৰাজ্য চৰকাৰৰ এই আচৰণৰ বাবে পৃথক ডিমাৰাজি ৰাজ্য গঠনৰ বাবে আমি আন্দোলন কৰিছিলো । এতিয়া আকৌ ডিমা হাছাও ৰাইজ আৰু বিভিন্ন দল সংগঠনে পৃথক ডিমাৰাজি ৰাজ্য গঠনৰ দাবীত আন্দোলনত নামি পৰিব বুলি সকিয়াই দিয়ে দিলীপ নুনিচাই ।

উল্লেখ্য যে, ডিমা হাছাওৰ বৰ্তমান উপায়ুক্ত অমিতাভ ৰাজখোৱাক উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ প্ৰধান সচিব পদত নিযুক্তি দিয়াৰ লগতে আৰক্ষী অধীক্ষক বীৰবিক্ৰম গগৈক কাৰ্বি-আংলং জিলাৰ 23 নম্বৰ আইআৰ অসম আৰক্ষী বেটেলিয়নৰ কামাণ্ডেন্ট হিচাপে নিযুক্তি দিয়া হয় । সন্তোষ হোজাই হত্যাৰ অভিযোগত সাঙোৰ খোৱা সূৰ্যকান্ত মৰাঙক হাইলাকান্দি জিলাৰ কাটলিচৰা 21 নম্বৰ আইআৰ অসম আৰক্ষী বেটেলিয়নৰ উপ আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি দিয়া হৈছে ।

লগতে পঢ়ক-বৰপেটাত পি এম কিষাণ আঁচনিত দুৰ্নীতিৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.