ETV Bharat / state

বৰপেটাত পি এম কিষাণ আঁচনিত দুৰ্নীতিৰ অভিযোগ

author img

By

Published : May 17, 2020, 3:19 PM IST

বৰপেটাৰ চেঙাত পি এম কিষাণ আঁচনিৰ নামত ধন উলিয়াই নিয়াৰ অভিযোগ ৷ আঁচনিখন ৰূপায়ণৰ নামত চেঙাত সংঘটিত এই ঘটনাৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ চেঙা আঞ্চলিক সমিতি । দোষীক শাস্তিৰ দাবী সংগঠনটোৰ ৷

বৰপেটাত পি এম কিষাণ আঁচনিত দুৰ্নীতিৰ অভিযোগ
বৰপেটাত পি এম কিষাণ আঁচনিত দুৰ্নীতিৰ অভিযোগ

বৰপেটা, ১৭ মে': পি এম কিষাণ আঁচনিৰ নামত বৰপেটাৰ চেঙাত অস্তিত্বহীন লোকৰ বাবে ধন উলিয়াই নিয়াৰ অভিযোগ ৷ ইয়াৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ চেঙা আঞ্চলিক সমিতি । সংগঠনটোৰ অভিযোগ অনুসৰি, বৰপেটাৰ বৰচেঙা গাঁৱত এজনো নাই মুছলমান সম্প্ৰদায়ৰ লোক ৷ কিন্তু পি এম কিষাণ সন্মান নিধিৰ হিতাধিকাৰী তালিকাত আছে মুছলমান সম্প্ৰদায়ৰ দ্বিশতাধিক ভুৱা কৃষকৰ নাম ৷ বৰচেঙা ৰাজহ গাঁৱৰ এই বৃহৎ সংখ্যক মুছলমান সম্প্ৰদায়ৰ লোকক আঁচনিত অন্তৰ্ভুক্ত কৰি দুষ্ট চক্ৰই গোপনে উলিয়াই নিয়ে বৃহৎ পৰিমানৰ ধন ৷

বৰপেটাত পি এম কিষাণ আঁচনিত দুৰ্নীতিৰ অভিযোগ

ৰাজহ গাঁওখনত এজনো মুছলমান সম্প্ৰদায়ৰ লোক নথকা হেতুকে কোনে, কিদৰে ধন উলিয়াই নিলে তাৰ তদন্তৰ দাবী কৰিছে কৃষক সংগঠনটোৱে ৷ আনহাতে হিতাধিকাৰী নিৰ্বাচনত একাংশ ৰাজনৈতিক নেতাই হস্তক্ষেপ কৰাৰো অভিযোগ তুলিছে সংগঠনটোৱে ৷ এইক্ষেত্ৰত উচিত তদন্ত বিচাৰি দোষীক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ দাবী জনায় সমিতিখনৰ সম্পাদক চাণক্য ডেকাই ।

লগতে পঢ়ক : ৰঙাপৰাত বনৰীয়া হাতীৰ তাণ্ডৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.