ETV Bharat / state

Amphitheatre on Haflong Lake: পৰ্যটকক আকৰ্ষণ কৰাৰ উদ্দেশ্যে ডিমা হাছাওৰ হাফলং হ্ৰদৰ ওপৰত নিৰ্মাণ কৰা হৈছে Amphitheatre

author img

By

Published : Jun 8, 2023, 2:21 PM IST

10 জুনত উদ্বোধন হ’বলগীয়া এমপিথিয়েটাৰৰ হাফলং এথেনিক ফিউজনত ভাগ ল’ব চিকিমৰ জনপ্ৰিয় শিল্পীয়ে (Amphitheatre in Dima Hasao to attract tourists) ৷

Amphitheatre
এমপিথিয়েটাৰ

হাফলং, 8 জুন : অসমৰ অন্যতম পাহাৰীয়া জিলা ডিমা হাছাও জিলাত পৰ্যটক সকলক আকৰ্ষিত কৰাৰ বাবে আৰু পৰ্যটনৰ ক্ষেত্ৰত ডিমা হাছাও জিলাক অসমৰ এক অন্যতম পৰ্যটনস্থলী হিচাবে তুলি ধৰাৰ বাবে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদে ব্যাপক পদক্ষেপ গ্ৰহণ কৰিছে । অসমৰ এক মাত্ৰ হিল ষ্টেচন হৈছে ডিমা হাছাও জিলা । প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপূৰ এই পাহাৰীয়া জিলাখন হৈছে এক আকৰ্ষণীয় পৰ্যটনস্থলী ।

Amphitheatre
এমপিথিয়েটাৰ

বাহিৰৰ পৰা অহা পৰ্যটক সকলক আকৰ্ষিত কৰাৰ লক্ষ্যৰে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদে হাফলং হ্ৰদৰ ওপৰত এখন এমপিথিয়েটাৰ নিৰ্মাণৰ কাম হাতত লৈছে (Amphitheatre) । এই এমপিথিয়েটাৰত পৰ্যটক সকলৰ সন্মুখত এই পাহাৰীয়া জিলাখনৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ পৰম্পৰাগত কলা-সংস্কৃতি তুলি ধৰাৰ বাবে প্ৰতি মাহৰ দ্বিতীয় আৰু চতুৰ্থ শনিবাৰে বিভিন্ন অনুষ্ঠান অনুষ্ঠিত হ’ব । ইয়াত বিভিন্ন জাতি-জনগোষ্ঠীৰ কলা-সংস্কৃতি তথা অনেক জনজাতীয় বৈশিষ্ট্য দাঙি ধৰাৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ পৰম্পৰাগত খাদ্য সামগ্ৰীও উপলব্ধ হ’ব । বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ লগতে বিভিন্ন সুস্বাদু খাদ্যৰ আনন্দ ল’ব পাৰিব পৰ্যটক সকলে (Amphitheatre in Dima Hasao to attract tourists) ।

Amphitheatre
এমপিথিয়েটাৰ

অহা 10 জুনত হাফলং হ্ৰদৰ ওপৰত দৃষ্টিনন্দন এই এমপিথিয়েটাৰ উদ্বোধন কৰিব উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবলাল গাৰ্লচাই । উদ্বোধনৰ দিনাই অনুষ্ঠিত হ’ব হাফলং এথেনিক ফিউজন (Amphitheatre on Haflong Lake) ৷ হাফলং এথেনিক ফিউজনত ( Ethnic Fusion) ভাগ ল’ব চিকিমৰ জনপ্রিয় শিল্পীয়ে । ইয়াৰ উপৰি বিভিন্ন জাতি জনগোষ্ঠীৰ স্থানীয় শিল্পীয়ে নিজৰ কলা সংস্কৃতিৰ প্ৰদৰ্শন কৰিব এই এমপিথিয়েটাৰত ।

Amphitheatre
এমপিথিয়েটাৰ

প্ৰতি মাহৰ দ্বিতীয় আৰু চতুৰ্থ শনিবাৰে এই এথেনিক ফিউজনৰ আয়োজন কৰিব জিলাৰ Cultural Affairs Department আৰু (Ethnic Fusion Celebration Committee) এথেনিক ফিউজন উদযাপন কমিটিয়ে । 10 জুনৰ পৰা ডিমা হাছাও জিলাৰ হাফলং চহৰত এই এমপিথিয়েটাৰত বাহিৰৰ পৰা অহা পৰ্যটক সকলে বিভিন্ন জাতি জনগোষ্ঠীৰ লোক সংস্কৃতিৰ আনন্দ উপভোগ কৰিব পাৰিব ।

লগতে পঢ়ক : Assam Arunachal border firing incident: লখিমপুৰ-ধেমাজি জিলা বন্ধৰ কাৰ্যসূচী প্ৰত্যাহাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.