ETV Bharat / state

Assam Arunachal border firing incident: লখিমপুৰ-ধেমাজি জিলা বন্ধৰ কাৰ্যসূচী প্ৰত্যাহাৰ

author img

By

Published : Jun 8, 2023, 7:35 AM IST

Updated : Jun 8, 2023, 7:45 AM IST

অসমীয়া যুৱ মঞ্চই আহ্বান জনোৱা লখিমপুৰ ধেমাজি জিলাৰ ১২ ঘন্টীয়া বন্ধৰ কাৰ্যসূচী সাময়িকভাৱে বাতিল কৰা হৈছে । লখিমপুৰ আৰু ধেমাজি জিলাৰ আৰক্ষী তথা প্ৰশাসনৰ সৈতে আলেচনাত মিলিত হৈ এই সিদ্ধান্ত গ্ৰহণ কৰে সংগঠনটোৱে ৷

Asomiya Yuva Mancha Bandh called off
অসমীয়া যুৱ মঞ্চই সাময়িকভাৱে বাতিল কৰিছে বন্ধৰ কাৰ্যসূচী

লখিমপুৰ, ৮ জুন : প্ৰত্যাহাৰ কৰা হ’ল লখিমপুৰ ধেমাজি জিলা বন্ধৰ কাৰ্যসূচী ৷ লখিমপুৰ আৰু ধেমাজি জিলাৰ আৰক্ষী তথা প্ৰশাসনৰ সৈতে আলোচনাত মিলিত হৈ অসমীয়া যুৱ মঞ্চই সাময়িকভাৱে বাতিল কৰিছে এই বন্ধৰ কাৰ্যসূচী (Asomiya Yuva Mancha Bandh called off)।

উল্লেখ্য যে, অৰুণাচল সীমান্তৱৰ্তী জয় ৰামপুৰৰ পানবাৰীত বিশ্ব পৰিৱেশ দিৱসৰ দিনাই অৰুণাচলীৰ গুলীচালনাত দুজনকৈ অসমীয়া লোকৰ মৃত্যু হৈছিল (Assam Arunachal border firing issu) ৷ যাৰ প্ৰতিবাদত আজি অৰ্থাৎ বৃহস্পতিবাৰে অসমীয়া যুৱ মঞ্চই আহ্বান জনোৱা ১২ ঘন্টীয়া লখিমপুৰ ধেমাজি জিলা বন্ধ কাৰ্যসূচী গ্ৰহণ কৰিছিল ৷

কিন্তু এই বন্ধৰ পূৰ্বে অৰ্থাৎ বুধবাৰে নিশা অসমীয়া যুৱ মঞ্চৰ সদস্যসকলে লখিমপুৰ আৰু ধেমাজি জিলাৰ আৰক্ষী প্ৰশাসনৰ সৈতে আলেচনাত মিলিত হয় ৷ এই আলোচনাত দুয়োখন জিলাৰ সীমান্তৱৰ্তী এলেকাত আৰক্ষী তথা প্ৰশাসন প্ৰতি মূহুৰ্তে তৎপৰ হৈ আছে বুলি উল্লেখ কৰে ৷

লগতে এনে ঘটনাৰ পুনৰাবৃত্তি নহ’বৰ বাবে আৰক্ষী তথা প্ৰশাসন সদা সষ্টম হৈ আছে বুলি অসমীয়া যুৱ মঞ্চৰ সদস্যসকলক নিশ্চিতি কৰে ৷ আৰক্ষী তথা প্ৰশাসনৰ এই আশ্বাসত আশ্বস্ত হৈ সাময়িকভাৱে বন্ধৰ কাৰ্যসূচী প্ৰত্যাহাৰ কৰে সংগঠনটোৱে ৷

এই আলোচনাতে ইতিমধ্যে অৰুণাচল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা জয় ৰামপুৰৰ পানবাৰী ঘটনাৰ পাঁচজন অভিযুক্তক অসম আৰক্ষীক গতাই দিব বুলিও আৰক্ষীয়ে সংগঠনটোৰ নেতৃত্বক অৱগত কৰে । আৰক্ষী তথা প্ৰশাসনৰ সৈতে হোৱা এই আলোচনাৰ পাচত দুয়োখন ৰাজ্যৰ মাজত শান্তি শৃংখলা অটুত ৰখাৰ স্বাৰ্থত সংগঠনটোৱে আহ্বান জনোৱা লখিমপুৰ ধেমাজি জিলা বন্ধৰ কাৰ্যসূচী প্ৰত্যাহাৰ কৰে ।

উল্লেখ্য যে, উক্ত ঘটনাৰ পাচৰে পৰা লখিমপুৰত বিভিন্ন দল সংগঠনে অহৰহ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি প্ৰতিবাদ সাব্যস্ত কৰি আহিছে (Arunachali miscreants attacked in Dhemaji)। পুত্তলিকা দাহ, অৰুণাচল সংযোগী পথ অৱৰোধ, মুণ্ডন, ধৰ্ণা আদি কাৰ্যসূচীৰে সংগঠনসমূহে এই কেইদিন উত্তাল কৰি ৰাখিছে লখিমপুৰ জিলা ।

তাৰ মাজতে বুধবাৰে অসমীয়া যুৱ মঞ্চই দুয়োখন জিলা বন্ধৰ আহ্বান জনাইছিল যদিও আৰক্ষী প্ৰশাসনৰে হোৱা আলোচনাত বুধবাৰে নিশা এই বন্ধ স্থগিত ৰখা বুলি সংগঠনটোৱে ঘোষণা কৰে ।

লগতে পঢ়ক : Arunachal border firing: অসমীয়া হত্যাৰে জড়িত অৰুণাচলীক গ্ৰেপ্তাৰৰ দাবীৰে ধেমাজিত প্ৰতিবাদ

Last Updated : Jun 8, 2023, 7:45 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.