ETV Bharat / state

ডিব্ৰুগড়ত প্ৰশাসনিক বিষয়াৰ নৈশ ভোজত তেজেৰে লুতুৰি-পুতুৰি চকীদাৰ

author img

By ETV Bharat Assamese Team

Published : Dec 5, 2023, 5:10 PM IST

dibrugarh dc office beating case
ডিব্ৰুগড় জিলা আয়ুক্তৰ কাৰ্যালয়ত মাৰপিটৰ ঘটনা

ডিব্ৰুগড় জিলা আয়ুক্তৰ কাৰ্যালয় নিশা ৰক্তাক্ত হ’ল নৈশ চকীদাৰৰ তেজেৰে ৷ খৰি বিচাৰি থকা নৈশ চকীদাৰক মাৰপিট কৰি গুৰুতৰভাৱে আহত কৰে গৃহৰক্ষী জোৱানে ৷ ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে জোৱান দুগৰাকীক ৷

ডিব্ৰুগড় জিলা আয়ুক্তৰ কাৰ্যালয়ত মাৰপিটৰ ঘটনা

ডিব্ৰুগড়, 5 ডিচেম্বৰ : এখন জিলাৰ ৰাইজৰ শান্তি-নিৰাপত্তাৰ মূল চালিকা শক্তি জিলাখনৰ আয়ুক্ত কাৰ্যালয় । কিন্তু ডিব্ৰুগড় জিলা আয়ুক্ত কাৰ্যালয়ত সোমবাৰে নিশা যি ঘটনা সংঘটিত হ’ল, উক্ত ঘটনাই ডিব্ৰুগড়ত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ কাৰ্যালয়টোৰ কৰ্মচাৰীৰ দেহ ৰাঙলী হ’ল তেজেৰে ৷

সোমবাৰে নিশা প্ৰশাসনিক বিষয়াৰ নৈশ ভোজৰ মাজতে ডিব্ৰুগড় জিলা আয়ুক্ত কাৰ্যালয়ত সংঘটিত হয় অঘটনটো ৷ কোষাগাৰৰ নিৰাপত্তাৰ দায়িত্বত থকা দুই গৃহৰক্ষী জোৱানৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় জিলা আয়ুক্ত কাৰ্যালয়ৰ নজৰত শাখাৰ নৈশ চকীদাৰগৰাকী ।

ঘটনা অনুসৰি প্ৰশাসনিক বিষয়াৰ নৈশ ভোজৰ মাজতে কোনো বিষয়াৰ নিৰ্দেশ অনুসৰি নিশা খৰি বিচাৰি গৈছিল কৰ্মচাৰীগৰাকী ৷ জুই জ্বলাবলৈ খৰি বিচাৰি থকা অৱস্থাত কোষাগাৰৰ নিৰাপত্তাৰ দায়িত্বত থকা দুই গৃহৰক্ষী জোৱানে বিতুল দাসে চুৰি কৰি থকাৰ সন্দেহ কৰে ৷ বিতুল দাসক চোৰৰ হিচাবে সন্দেহ কৰাৰ পাচতে দুয়োপক্ষৰ মাজত তৰ্কা-তৰ্কি হয় ৷ ফলত গৃহৰক্ষী জোৱান দুজনে নৈশ চকীদাৰজনক মাৰপিট কৰি গুৰুতৰভাৱে আঘাত কৰে । গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত নৈশ চকীদাৰগৰাকীক নিশাই জিলা উন্নয়ন আয়ুক্ত জিতু কুমাৰ দাসে অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱাই চিকিৎসাৰ ব্যৱস্থা কৰে ।

উক্ত ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ লগতে ভুক্তভোগী কৰ্মচাৰীগৰাকীৰ পৰিয়াল ক্ষোভিত হৈ পৰাত ঘটনা সন্দৰ্ভত দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰিছে জিলা আয়ুক্ত কাৰ্যালয়ৰ তৰফৰ পৰা । ইফালে ভুক্তভোগী বিতুল দাস নামৰ লোকজনৰ পৰিয়ালৰ এজাহাৰ ভিত্তিত অভিযুক্ত দুই গৃহৰক্ষী জোৱানক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা বুলি জানিবলৈ দিছে ডিব্ৰুগড় জিলা উন্নয়ন আয়ুক্ত জিতু কুমাৰ দাসে ।

লগতে পঢ়ক : গুৱাহাটীৰ পিচতে অসমৰ দ্বিতীয়খন পৌৰ নিগম হ’ব ডিব্ৰুগড়ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.