গুৱাহাটীৰ পিচতে অসমৰ দ্বিতীয়খন পৌৰ নিগম হ’ব ডিব্ৰুগড়ত

By ETV Bharat Assamese Team

Published : Dec 4, 2023, 11:00 PM IST

thumbnail

ডিব্ৰুগড়, ৪ ডিচেম্বৰ: ১৮৭৩ চনতে গঠিত অসমৰ প্ৰথমখন পৌৰসভা ডিব্ৰুগড় পৌৰসভাক উন্নীত কৰা হ'ব পৌৰ নিগমলৈ । দীৰ্ঘদিন ধৰি চলি থকা চৰ্চাৰ অন্তত ডিব্ৰুগড় পৌৰসভা পৌৰ নিগম হোৱাটো চূড়ান্ত হৈছে । বৰ্তমান ২২ টা ৱাৰ্ডেৰে গঠিত ডিব্ৰুগড় পৌৰসভা পৌৰ নিগম হোৱা সন্দৰ্ভত অধিসূচনা জাৰি কৰাৰ পূৰ্বে ডিব্ৰুগড় চহৰবাসীৰ মতামত বিচাৰি সোমবাৰে পৌৰসভাই আয়োজন কৰে এক গুৰুত্বপূৰ্ণ সংবাদমেল ।

ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন, পৌৰপতি ডাঃ চৈকত পাত্ৰ, উপ-পৌৰপতি উজ্জ্বল ফুকন, কাৰ্যবাহী বিষয়া নৱাস দাসে সম্বোধন কৰে এই সংবাদমেল । আজিৰ  পৰা অহা ১০ দিনৰ ভিতৰত পৌৰ নিগম সম্পৰ্কে লিখিতভাৱে ওজৰ-আপত্তি দিব পাৰিব ডিব্ৰুগড় জিলা আয়ুক্তক । ২০ নৱেম্বৰত কেন্দ্ৰীয় চৰকাৰৰ নগৰ পৰিক্ৰমা বিভাগে জাৰি কৰিছিল জাননী । ইতিমধ্যে ১৫  দিনৰ সময়সীমা উকলি যোৱাৰ ফলত পুনৰ অতিৰিক্ত ১০ দিনলৈ ওজৰ-আপত্তি দাখিলৰ ম্যাদ বৃদ্ধি কৰাৰ কথা জানিবলৈ দিয়ে ।

ইফালে কৰ সংগ্ৰহ প্ৰসংগতো বিশেষ সিদ্ধান্ত ডিব্ৰুগড় পৌৰসভা ব’ৰ্ডৰ । ১৪ শতাংশলৈ হ্ৰাস কৰা হৈছে আৱাসিক কৰৰ পৰিমান । ডিব্ৰুগড় পৌৰসভা পৌৰ নিগমলৈ উন্নীত হ'লে বৰ্তমানে ৱাৰ্ডৰ সংখ্য বৃদ্ধি কৰা নহয় । পৌৰ নিগমলৈ উন্নীত হোৱাৰ পাছতহে ৱাৰ্ড সম্প্ৰসাৰণ কৰাৰ বাবে অনুষ্ঠিত কৰিব নিৰ্বাচন । এই ক্ষেত্ৰত ডিব্ৰুগড়ৰ ৰাইজৰ সমানে ডিব্ৰুগড়ৰ সংবাদ কৰ্মীসকলৰ পৰা পৰামৰ্শ বিচাৰিলে ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে ।

লগতে পঢ়ক: বড়োভূমিৰ ৰাজনীতিক লৈ চিন্তিত নেকি বিজেপি ?

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.