ETV Bharat / state

ৰাইজেই ভোট নিদিয়ে ৰাইজৰ দলক : ভৱেশ কলিতা

author img

By

Published : Sep 27, 2021, 7:19 PM IST

state-bjp-president-says-people-wont-vote-for-raijor-dal
ৰাইজৰ দলক ৰাইজেই নিদিয়ে ভোট :ভৱেশ কলিতা

অখিল গগৈয়ে ২১ৰ বিধানসভা নিৰ্বাচনত মুখ্যমন্ত্ৰী হ'বলৈ চেষ্টা কৰিছিল ৷ পিছে এই সকলো বিলাক বাঞ্চাল হৈ যাব, ৰাইজেই তেওঁলোকক ভোট নিদিয়ে । ডিব্ৰুগড়ত উপস্থিত হৈ ইয়াৰ লগতে অখিল গগৈ সন্দৰ্ভত কেতবোৰ বিস্ফোৰক মন্তব্য কৰিলে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই ৷

মৰাণ, 27 ছেপ্টেম্বৰ : ৰাজ্যত এতিয়া উপ-নিৰ্বাচনক লৈ শাসক বিৰোধী সকলো ৰাজনৈতিক দল ব্যস্ত হোৱা পৰিলক্ষিত হৈছে । বিশেষকৈ উজনিৰ তিনিটা সমষ্টি থাওৰা , মৰিয়নি আৰু মাজুলীক লৈ শাসক দলৰ সমান্তৰালভাৱে কংগ্ৰেছ , ৰাইজৰ দল , অসম জাতীয় পৰিষদে নিজৰ দখললৈ নিবলৈ সকলো প্ৰকাৰে চেষ্টা কৰিছে । থাওৰাত ৰাইজৰ দলে ধৈৰ্য্য কোঁৱৰক প্ৰাৰ্থীত্ব দি বিজেপিৰ বিৰুদ্ধে প্ৰচাৰ চলাই এক প্ৰকাৰে ধৈৰ্য্য কোঁৱৰ জয় হ'ব বুলি ঘোষণা কৰিছে অখিল গগৈয়ে ।

ৰাইজৰ দলক ৰাইজেই নিদিয়ে ভোট :ভৱেশ কলিতা

থাওৰাত অখিল গগৈয়ে যি ধৰণেৰে প্ৰচাৰত নামিছে তাক লৈ যে শাসক দলটোৱে মুখত গুৰুত্ব প্ৰদৰ্শন নকৰিলেও ভিতৰি সজাগ হৈ পৰিছে সেই কথা সহজেই অনুমান কৰিব পৰা গৈছে । দেওবাৰে ডিব্ৰুগড়ত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মন কি বাত অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ গৈ ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা অখিল গগৈৰ বিৰুদ্ধে সৰব হৈ পৰা পৰিলক্ষিত হয় । ৰাজ্যিক সভাপতি গৰাকীয়ে কয়, অখিল গগৈয়ে ২১ৰ বিধানসভাত চৰকাৰ গঠন কৰি মুখ্যমন্ত্ৰী হোৱাৰ বাবে চেষ্টা কৰিছিল ।

তেওঁ কয়, " এই সকলো বিলাক বাঞ্চাল হৈ যাব । ৰাইজেই তেওঁলোকক ভোট নিদিয়ে । ৰাইজ উন্নয়নৰ লগত আছে । উপ-নিৰ্বাচন হ'ব লগা ৬ টা সমষ্টিতে বিজেপিৰ জয় হ'ব ৷ বিজেপি দলৰ ৰাজ্যিক সভাপতি গৰাকীয়ে অখিল গগৈৰ লগতে ৰাইজৰ দলক বিজেপিৰ বাবে ফেক্টৰ নহয় বুলি কয়’’ ৷ অৱশ্যে, সভাপতি গৰাকীয়ে যদিও এই মন্তব্য কৰিছে থাওৰাত ৰাইজৰ দল আৰু বিজেপিৰ মাজৰ ভোট যুদ্ধখন যে বেচ ৰোমাঞ্চকৰ হৈ পৰিব সেই কথা ইতিমধ্যে ৰাইজৰ মাজত চৰ্চিত হৈছে ।

লগতে পঢ়ক : হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পাচত ব্যৱসায় ভাল হৈছে আজমলৰ : ভূপেন বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.