ETV Bharat / state

ৰাজহুৱা স্থানত বঙালী ভাষা ব্যৱহাৰ কৰাৰ বিৰোধ শৃংখল চলিহাৰ

author img

By

Published : Oct 25, 2021, 8:02 AM IST

Updated : Oct 31, 2021, 8:35 AM IST

srinkhal-salihas-remark-on-using-of-bangla-language-in-public-places
ৰাজহুৱা স্থানত বাঙালী ভাষা ব্যৱহাৰ কৰাৰ বিৰোধ শৃংখল চলিহাৰ

ডিব্ৰুগড়ৰ টেঙাখাটত বীৰ লাচিত সেনা অসমৰ শৃংখল চলিহাৰ সংবাদমেল সম্বোধন ৷ চৰকাৰী-বেচৰকাৰী কাৰ্যালয়ৰ লগতে ৰাজহুৱা স্থানত বাংলা ভাষা ব্যৱহাৰ কৰাৰো বিৰোধ চলিহাৰ ৷

মৰাণ, 25 অক্টোবৰ : সততে অসমৰ সমাজ জীৱনৰ প্ৰায়ভাগ সমস্যা সন্দৰ্ভত মাত-মাতি অহা পৰিলক্ষিত হৈছে বীৰ লাচিত সেনা অসম নামৰ সংগঠনটোক । দেওবাৰে বীৰ লাচিত সেনা অসমৰ সাংগঠনিক সম্পাদক শৃংখল চলিহাই ডিব্ৰুগড়ৰ টেঙাখাটত এখন সংবাদমেল সম্বোধন কৰে । সংবাদমেলত নেতাগৰাকীয়ে ডিব্ৰুগড় জিলাত থকা BCPLL, APDCL, Oil India আদি সকলো উদ্যোগত থলুৱা নিবনুৱা যুৱক-যুৱতীসকলক নিযুক্তি প্ৰদানৰ দাবী তোলে ৷

ইয়াৰ লগতে শৃংখল চলিহাই কয় যে, থলুৱা যুৱক-যুৱতীক বঞ্চিত কৰি বহিঃৰাজ্যৰ পৰা অন্য লোক আনি নিযুক্তি দিয়াৰ প্ৰক্ৰিয়া চলি থাকিলে বন্ধ কৰি দিয়া হ'ব উদ্যোগসমূহ । সকলো চৰকাৰী-বেচৰকাৰী কাৰ্যালয়ৰ লগতে ৰাজহুৱা স্থানত অসমীয়া ভাষা ব্যৱহাৰ কৰিবলৈও দাবী জনায় চলিহাই । ইয়াৰোপৰি বাংলা ভাষা কেতিয়াও ব্যৱহাৰ কৰিব নোৱাৰিব বুলি দাবী কৰে তেওঁ ৷

ৰাজহুৱা স্থানত বঙালী ভাষা ব্যৱহাৰ কৰাৰ বিৰোধ শৃংখল চলিহাৰ

বীৰ লাচিত সেনা অসমৰ সাংগঠনিক সম্পাদক শৃংখল চলিহাই লগতে কয় যে, ৰাজহুৱা স্থানত যদিহে বাংলা ভাষা লিখা হয়, তাত ক’লা ৰং সনা হ'ব ৷ স্বাভাৱিকতেই চলিহাৰ এই মন্তব্যৰ পিছত সচেতন মহলত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

লগতে পঢ়ক : মিছন বসুন্ধৰাৰ জনপ্ৰিয়তা বৃদ্ধি : দৈনিক গড়ে প্ৰায় দুই হাজাৰ লোকৰ আবেদন

Last Updated :Oct 31, 2021, 8:35 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.