ETV Bharat / state

Protest at Sonari : কেঁচা চাহপাতৰ উচিত মূল্যৰ পৰা বঞ্চিত ক্ষুদ্ৰ চাহ খেতিয়ক, সোণাৰিত প্ৰতিবাদ

author img

By ETV Bharat Assamese Team

Published : Aug 24, 2023, 6:57 PM IST

কেঁচা চাহপাতৰ উচিত মূল্য আৰু বিভিন্ন সমস্যা সমাধানৰ দাবীত সোণাৰিত প্ৰতিবাদ ক্ষুদ্ৰ চাহ খেতিয়কৰ সন্থাৰ ৷ দুঘন্টীয়া ধৰ্মঘট কাৰ্যসূচীৰে ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই সাব্যস্ত কৰে প্ৰতিবাদ ৷
Small Tea Growers Association Stages Protest
ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ প্ৰতিবাদ

সোণাৰিত ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ প্ৰতিবাদ

ডিব্ৰুগড়, 24 আগষ্ট : চৰকাৰৰ দুৰ্বলতাৰ সুযোগ লৈ চাহ কোম্পানী সমূহে শোষণ কৰিছে ক্ষুদ্ৰ চাহ খেতিয়ক সকলক ৷ এই অভিযোগ চৰাইদেউ জিলা ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ ৷ কেঁচা চাহপাতৰ উচিত মূল্য আৰু বিভিন্ন সমস্যা সমাধানৰ দাবীত সোণাৰিত প্ৰতিবাদ ক্ষুদ্ৰ চাহ খেতিয়কৰ সন্থাৰ ৷

সেউজীয়া সোণৰ উচিত মূল্যৰ পৰা বঞ্চিত হৈ এতিয়া হতাশ আৰু দিশহাৰা হৈ পৰিছে দুৰ্ভগীয়া ক্ষুদ্ৰ চাহ খেতিয়কসকল ৷ কেঁচা চাহপাতৰ নিম্নগামী মূল্যই জুৰুলা কৰিছে ৰাজ্যৰ হাজাৰ হাজাৰ ক্ষুদ্ৰ চাহ খেতিয়কক ৷ চৰম ভাবুকি কঢ়িয়াই আনিছে চাহ খেতিয়কসকলৰ জীৱন আৰু জীৱিকাৰ প্ৰতি ৷ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য আকাশলংঘী হোৱাৰ সময়তে একেবাৰে নিম্নগামী হৈছে কেঁচা চাহপাতৰ দাম ৷

কেঁচাপাতৰ গুণগত মানৰ দোহাই দি মধ্যভোগীসকলে প্রতিকেজি চাহপাতৰ মূল্য ১২–১৩ টকালৈ কমাই দিয়াত কৃষকসকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ৷ ফলত প্ৰতিবাদত বাহিবলৈ বাধ্য হৈছে ক্ষুদ্ৰ চাহ খেতিয়ক সকল ৷

বৃহস্পতিবাৰে চৰাইদেউ জিলাৰ সোণাৰিত ক্ষুদ্ৰ চাহ খেতিয়কৰ সকলে ৰূপায়ণ কৰিলে ধৰ্মঘট কাৰ্যসূচী ৷ কেঁচা চাহপাতৰ উচিত মূল্য আৰু বিভিন্ন সমস্যা সমাধানৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে চৰাইদেউ জিলাৰ ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই ৷ চৰাইদেউ জিলা আয়ুক্তৰ কার্যালয়ৰ সন্মুখত দুঘন্টীয়া ধৰ্মঘট কাৰ্যসূচীৰে ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই সাব্যস্ত কৰে প্ৰতিবাদ ৷ কেঁচাপাতৰ উচিত মূল্য প্ৰদানৰ দাবী ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ ৷

চৰাইদেউ জিলাৰ ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ অভিযোগ যে, চৰকাৰে দুৰ্বলতাৰ সুযোগ লৈ চাহ কোম্পানী সমূহে শোষণ কৰিছে ক্ষুদ্ৰ চাহ খেতিয়ক সকলক ৷ চৰকাৰে ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ বাবে মূল্য নিৰ্ধাৰণ কৰিবলৈ দাবী জনোৱাৰ লগতে ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ বাবে পৃথকে কলঘৰৰ ব্যৱস্থা কৰাৰ দাবী জনায় সন্থাই ৷

লগতে পঢ়ক : Protest in Lahowal : পথৰ ওপৰত ভূঁই ৰুই ৰাইজৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.