Protest in Lahowal : পথৰ ওপৰত ভূঁই ৰুই ৰাইজৰ প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Aug 24, 2023, 5:20 PM IST

thumbnail

গুৱাহাটী, 24 আগষ্ট : পৰিৱৰ্তনৰ নামত ৰাজ্য চৰকাৰে ৰঙীণ বিজ্ঞাপন দি উন্নয়নৰ জয়গান গাই থকাৰ সময়তে পথৰ ওপৰতে ভূঁই ৰুই প্ৰতিবাদ ৰাইজৰ ৷ দেশে স্বাধীনতা লাভ কৰা ৭৫টা বছৰ গৰকি যোৱাৰ পাছতো উন্নয়নৰ পোহৰ নপৰিল লাহোৱাল সমষ্টিৰ অন্তৰ্গত ফুকন খাট ১০ নং ৱাৰ্ডত ৷ ৱাৰ্ডটোৰ মূল পথটো আজিলৈকে নিৰ্মাণ নোহোৱাত একাঁঠু বোকা-পানীৰ মাজেদি যাতায়ত কৰিব লগা হৈছে ৰাইজে ৷

এই পথাৰ সদৃশ পথেৰেই দৈনিক অহা-যোৱা কৰিব লাগে ছাত্র- ছাত্ৰীৰ লগতে শ শ ৰাইজে ৷ বছৰটোৰ বাৰমাহে জৰাজীৰ্ণ হৈ থকা পথটোত ৰোগী আনিবলৈ সোমাব নোৱাৰে ১০৮ বাহন ৷ ফলত গৰ্ভৱতী মহিলাৰ লগতে অন্য ৰোগীক ঠেলাত নিব লাগে অঞ্চলটোৰ ৰাইজে ৷ বৰ্তমান লাহোৱালৰ বিধায়ক বিনোদ হাজৰিকাক আবেদন কৰিও কোনো সুফল লাভ নকৰিলে ৰাইজে ৷ ফলত এইদৰে পথৰ ওপৰতে ভূঁই ৰুই পথ নিৰ্মাণৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে ৷

স্থানীয় বিধায়কগৰাকীয়ে নিজে পথটো পৰিদৰ্শন কৰি নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিছিল ৷ কিন্তু আজি পৰ্যন্ত এটা শিলগুটি পথৰ ওপৰত নপৰাত বিধায়ক বিনোদ হাজৰিকাৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ অঞ্চলটোৰ ৰাইজৰ ৷ 

লগতে পঢ়ক : APDCL Contractual appointment: অস্থায়ীক স্থায়ী নকৰি ঠিকাত ল’ব খুজিছে শক্তি বিভাগে; কৰ্মচাৰী নাৰাজ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.