ETV Bharat / state

APDCL Contractual appointment: অস্থায়ীক স্থায়ী নকৰি ঠিকাত ল’ব খুজিছে শক্তি বিভাগে; কৰ্মচাৰী নাৰাজ

author img

By ETV Bharat Assamese Team

Published : Aug 24, 2023, 12:34 PM IST

APDCL News
পোহৰৰ পাৰ আন্ধাৰলৈ শক্তিত বিভাগত নিয়োজিত অস্থায়ী কৰ্মচাৰী

ঠিকা ভিত্তিত নিযুক্তি মানি নলয় শক্তি খণ্ডৰ অস্থায়ী কৰ্মচাৰীয়ে ৷ চৰকাৰে বলপূর্বক সিদ্ধান্ত গ্রহণ কৰিলে সমগ্র অসমত ভয়ানক আন্দোলন হ’ব ৷ এই হুংকাৰ শক্তি খণ্ডত নিয়োজিত অস্থায়ী কৰ্মচাৰীৰ ৷

পোহৰৰ পাৰ আন্ধাৰলৈ শক্তিত বিভাগত নিয়োজিত অস্থায়ী কৰ্মচাৰী

লখিমপুৰ,24 আগষ্ট: ৰাজ্যৰ শক্তি খণ্ডত নিয়োজিত হৈ থকা পাঁচ সহস্রাধিক অস্থায়ী কৰ্মচাৰীক ঠিকা ভিত্তিত নিযুক্তি দিয়াৰ যো-জা চলোৱা সন্দৰ্ভত প্ৰতিক্ৰিয়া শক্তি খণ্ডৰ অস্থায়ী কৰ্মচাৰীৰ ৷ চৰকাৰ এনে পদক্ষেপক গৰিহণা জনাই শক্তি খণ্ডৰ অস্থায়ী কৰ্মচাৰীসকলে কয়, ’’চৰকাৰৰ এনে সিদ্ধান্ত কেতিয়াও মানি নলওঁ ৷ ঠিকা ভিত্তিক নিযুক্তি নামানো ৷’’

উল্লেখ্য যে, ৰাজ্যৰ শক্তি খণ্ডত নিয়োজিত হৈ আছে পাঁচ হাজাৰ দুশ দুজন অস্থায়ী কৰ্মচাৰী । বিভাগটোত নিযুক্ত কৰ্মচাৰী সকলৰ ভিতৰত অস্থায়ী কৰ্মচাৰীৰ সংখ্যা হ’ল ৮০ শতাংশ । এই বৃহৎ পৰিমাণৰ অস্থায়ী কৰ্মচাৰীসকলে তেওঁলোকৰ চাকৰি নিয়মীয়া কৰিবলৈ দাবী জনাই আহিছে ৷ বিভিন্ন সময়ত আন্দোলন কৰাৰ লগতে চৰকাৰ, শক্তি বিভাগক আবেদন কৰি আহিছে । শেহতীয়াকৈ বিভাগটোত কৰ্মচাৰী নিযুক্তি দিয়াৰ ক্ষেত্ৰত অস্থায়ী কৰ্মচাৰী সকলক প্ৰথমে নিযুক্তি দিয়াৰ দাবীতো আন্দোলন কৰি আহিছে । কিন্তু চৰকাৰৰ উমঘাম নাই ৷

যাৰ বাবে অস্থায়ী কৰ্মচাৰীসকলে পুনৰ প্ৰতিবাদৰ হুংকাৰ প্ৰদান কৰিছে ৷ আনহাতে তেওঁলোকে দাবী কৰে যে, অস্থায়ী কৰ্মচাৰীসকলে স্থায়ী নিযুক্তিৰ দাবীত দীর্ঘদিন আন্দোলন কৰি অহাৰ পাচতো সেই দাবীক অগ্ৰাহ্য কৰি বিভাগে সামান্য পাৰিশ্ৰমিকেৰে ঠিকা ভিত্তিত নিযুক্তি দিব বিচাৰিছে । ইউনিয়নে এই পদক্ষেপৰ ঘোৰ বিৰোধিতা কৰিছে ।

শক্তি খণ্ডৰ অস্থায়ী কৰ্মচাৰী সকলৰ এটা সংগঠন থকাৰ পাচতো তেওঁলোকৰ লগত আলোচনা নকৰাকৈ এই হঠকাৰী সিদ্ধান্ত ল’ব বিচাৰিছে । অলপতে বঙাইগাঁৱত অনুষ্ঠিত আৰক্ষী অধীক্ষক সকলৰ সন্মিলনত মুখ্যমন্ত্রীয়ে ইউনিয়নৰ কেন্দ্রীয় বিষয়াৰ সৈতে গুৱাহাটীত বিতং আলোচনা কৰি বিষয়টো সমাধান কৰাৰ আশ্বাস প্ৰদান কৰিছিল ৷ কিন্তু কোনো আলোচনা নকৰাকৈ অস্থায়ী কৰ্মচাৰীসকলক ঠিকা ভিত্তিত নিযুক্তি দিয়াৰ যো-জা কৰা হৈছে ।

সন্থাৰ আহ্বান, তেওঁলোকৰ দাবী উপেক্ষা কৰি বলপূর্বক সিদ্ধান্ত গ্রহণ কৰিলে সমগ্র অসমত ভয়ানক আন্দোলন হ’ব আৰু তাৰ বাবে ইউনিয়ন জগৰীয়া নহ’ব বুলি হুংকাৰ দিয়ে ।

লগতে পঢ়ক:NPS Employee Protest: কৰ্মচাৰীৰ প্ৰতিবাদত অচল লখিমপুৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ কাম-কাজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.