ETV Bharat / state

Minister Ranoj Pegu visited Namchang: চাহ বাগিচাৰ আদৰ্শ বিদ্যালয় পৰিদৰ্শন ৰণোজ পেগুৰ

author img

By

Published : Feb 24, 2023, 4:00 PM IST

Ranoj Pegu inspects Model School at Naharkatia
চাহ বাগিচাৰ আদৰ্শ বিদ্যালয় পৰিদৰ্শন ৰণোজ পেগুৰ

চাহ বাগিচাসমূহত শৈক্ষিক পৰিৱেশ উন্নত কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে নিৰ্মাণ কৰিছিল আদৰ্শ বিদ্যালয় । চৰকাৰে নিৰ্মাণ কৰা আদৰ্শ বিদ্যালয়ত কিদৰে পাঠদান চলিছে সেই সন্দৰ্ভত বুজ ল'বলৈ নাহৰকটীয়াৰ অসম-অৰুণাচল সীমান্তৰ নামচাঙত উপস্থিত হয় শিক্ষামন্ত্ৰী ৰণোজ পেগু (Ranoj Pegu inspects Model School of Tea Garden) ।

চাহ বাগিচাৰ আদৰ্শ বিদ্যালয় পৰিদৰ্শন ৰণোজ পেগুৰ

ডিব্ৰুগড়,২৪ ফ্ৰেব্ৰুৱাৰী: ৰাজ্য চৰকাৰে চাহ বাগিচাত শৈক্ষিক পৰিৱেশ উন্নত কৰাৰ উদ্দেশ্যে নিৰ্মাণ কৰিছিল আদৰ্শ বিদ্যালয়সমূহ । ইতিমধ্যে বহু বিদ্যালয়ত আৰম্ভ হৈছে পাঠদান । এই আদৰ্শ বিদ্যালয়সমূহ কেনেদৰে পৰিচালিত হৈছে তাৰ বুজ ল'বলৈ নাহৰকটীয়াৰ অসম-অৰুণাচল সীমান্তৰ অতিকে দুৰ্গম পাহাৰীয়া অঞ্চল নামচাঙত বৃহস্পতিবাৰে উপস্থিত হয় শিক্ষামন্ত্ৰী ৰণোজ পেগু (Ranoj Pegu inspects Model School at Naharkatia) ।

নামচাং চাহ বাগিছা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ত উপস্থিত হৈ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে (Education Minister Ronoj Pegu) বিদ্যালয়খনৰ আন্তঃগাঁথনিৰ লগতে শিক্ষা ব্যৱস্থাৰ বুজ লয় । তদুপৰি মন্ত্ৰীগৰাকীয়ে বিদ্যালয়খনৰ ডিজিটেল শ্ৰেণী কোঠা আৰু বিদ্যালয়খনত জেনেৰেটৰ ব্যৱস্থা মুকলি কৰে । সংবাদ মাধ্যমৰ আগত মন্ত্ৰী গৰাকীয়ে কয়, বৰ্তমানৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই শিক্ষামন্ত্ৰী হৈ থকা সময়ত চাহ বাগিচা অঞ্চলত হাইস্কুল প্ৰতিষ্ঠা কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি ১১৯ খন স্কুল শুভাৰম্ভ কৰিছিল (Schools in Tea gardens) ।

লগতে বৰ্তমানৰ চৰকাৰ গঠন হোৱাৰ পাচতেই ৯৭ খন বিদ্যালয় শুভাৰম্ভ কৰা হয় । তাৰ ভিতৰতে যাতায়তৰ ক্ষেত্ৰত আটাইতকৈ দুৰ্গম অঞ্চলত অৱস্থিত বিদ্যালয়খনেই হৈছে নামচাং আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় (Ranoj Pegu inspects Model School of Tea Garden) । দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে প্ৰায় ৩০০ ছাত্ৰ-ছাত্ৰী থকা বিদ্যালয়খনত বৰ্তমানলৈ নৱম শ্ৰেণী লৈকে পাঠদান হৈছে । অহা বছৰৰ পৰা দশম শ্ৰেণী আৰম্ভ কৰা হ'ব ।

লগতে অতিশীঘ্ৰে বিদ্যালয়খনৰ অভাৱ-অভিযোগ তথা সমস্যা দূৰ কৰাৰ লগতে বিদ্যালয়খন সঁচা অৰ্থত আদৰ্শ বিদ্যালয়ৰূপে গঢ় দিয়াৰ আশ্বাস প্ৰদান কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে । ইয়াৰ পাচতেই শিক্ষামন্ত্ৰী গৰাকীয়ে নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈৰ সৈতে চাচনি যমুনামুখ উচ্চ মাধ্যমিক বিদ্যালয় পৰিদৰ্শন কৰে । বিদ্যালয়খনত উপস্থিত হৈ শৈক্ষিক পৰিৱেশ বুজ লোৱাৰ লগতে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰে । মন্ত্ৰীগৰাকীৰ এই পৰিদৰ্শন কালত ডিব্ৰুগড় জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক বিনীতি শৰ্মাৰ লগতে শিক্ষা বিভাগৰ বিষয়া সকলে সহযোগিতা কৰা পৰিলক্ষিত হয় ।

লগতে পঢ়ক: Poor condition of road : গড়কাপ্তানি পথৰ দুৰাৱস্থাই জ্বলা কলা খুৱাইছে মাণিকপুৰবাসীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.