ETV Bharat / state

Poor condition of road : গড়কাপ্তানি পথৰ দুৰাৱস্থাই জ্বলা কলা খুৱাইছে মাণিকপুৰবাসীক

author img

By

Published : Feb 24, 2023, 2:17 PM IST

Road condition of Bongaigaon
বঙাইগাঁওত গড়কাপ্তানি পথৰ দুৰাৱস্থা

বঙাইগাঁও জিলাৰ মাণিকপুৰৰ পৰা চকিহালী হৈ নোৱাগাঁৱলৈ যোৱা গঢ়কাপ্তনি পথৰ জৰাজীৰ্ণ অৱস্থা (Road condition of Bongaigaon)। দৈনিক চলাচল কৰা হাজাৰ হাজাৰ যান বাহনৰ লগতে পথচাৰীসকলে ভুগিছে যাতায়াতত চৰম অসুবিধা (Devastated road has harassed the people of Bongaigaon) ।

বঙাইগাঁওত গড়কাপ্তানি পথৰ দুৰাৱস্থা

বঙাইগাঁও, ২৩ ফেব্ৰুৱাৰী : পৰিৱৰ্তনকামী চৰকাৰৰ দিনতো অপৰিৱৰ্তিত হৈ ৰ’ল ৰাজ্যৰ এটি পথ ৷ উন্নয়নে স্পৰ্শ কৰিব নোৱাৰিলে বঙাইগাঁও জিলাৰ এই পথটো ৷ জিলাখনৰ ৩৪ নং অভয়াপুৰী উত্তৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত মাণিকপুৰৰ পৰা চকিহালী হৈ নোৱাগাঁৱলৈ সংযোগী পথটোৱে জ্বলা কলা খোৱাইছে সমগ্ৰ অঞ্চলবাসীক ৷

গুৰুত্বপূৰ্ণ পথটোৰ মুঠ ৮ কিলোমিটাৰ পৰ্যন্ত অৱস্থা অতিকে তথৈবচ (Devastated road has harassed people of Bongaigaon) ৷ মেৰামতিৰ অভাৱত লোকনিৰ্মাণ বিভাগৰ অন্তৰ্গত পথটোৰ অৱস্থা দিনক দিনে হৈ পৰিছে শোচনীয় । পথটোৰ মাজে মাজে সৃষ্টি হৈছে পুখৰী সদৃশ বৃহৎ বৃহৎ গাঁত । বিগত প্ৰায় কেইবা বছৰো ধৰি সংশ্লিষ্ট এলেকাবাসীৰ লগতে পথটোৰে আহ-যাহ কৰা হাজাৰ হাজাৰ যান বাহনৰ লগতে পথচাৰী সকলে যাতায়তৰ ক্ষেত্ৰত ভুগি আহিছে যমৰ- যাতনা ।

তাৰ পিছতো পথটো মেৰামতিৰ ক্ষেত্ৰত সংশ্লিষ্ট বিভাগে কোনো গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হোৱা নাই । আনকি পথটো উন্নত কৰাৰ ক্ষেত্ৰত সাংসদ আবুল খালেকেও আজিকোপতি কোনো আগভাগ লোৱা নাই ( Congress MP Abdul Khalek) ৷ একেধৰণে বিধায়ক আব্দুল বাতিন খান্দেকাৰো হৈ আছে নিশ্চুপ (Congress MLA Abdul Batin Khandakar) । পথটোৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে জৰুৰীকালীন সেৱাৰ ক্ষেত্ৰতো অসুবিধাৰ সম্মুখীন হৈছে ৰোগী তথা ৰোগীৰ আত্মীয়।

উল্লেখ্য যে, মাণিকপুৰৰ প্ৰাণ কেন্দ্ৰত আছে বহুকেইখন শিক্ষানুষ্ঠানকে ধৰি বিভিন্ন চৰকাৰী কাৰ্যালয় । মাণিকপুৰ মহকুমাৰ অন্তৰ্গত ৮৩ খনকৈ ৰাজহ গাঁৱৰ বৃহত্তৰ অঞ্চলৰ শিক্ষা, বাণিজ্য আদিৰ মূল পথ হৈছে এই পথছোৱা । এই পথটোৰে নিতৌ মাণিকপুৰলৈ অহা যোৱা কৰে বহু ছাত্ৰ ছাত্ৰীৰ উপৰিও বিভিন্ন স্থানলৈ যোৱা সাধাৰণ জনতা (Poor condition of road)।

মহাবিদ্যালয়, উচ্চতৰ মাধ্যমিক বিদ্যালয়, হাইস্কুল, উন্নয়ন খণ্ড, ৰাজহ বিভাগৰ কাৰ্যালয় আৰু কৃষি সম্প্ৰসাৰণ কাৰ্যালয়ৰ লগতে এই জৰাজীৰ্ণ পথটোৱেই সংযোগ কৰিছে ৰাষ্ট্ৰীয়কৃত ভালেকেইটা বেংকৰ শাখালৈ । আনকি ৩০ খন বিচনাযুক্ত মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ো আছে এই পথতে । সেয়ে যানবাহনৰ লগতে এই পথটোৰে যাতায়ত কৰাৰ ক্ষেত্ৰত বাৰুকৈয়ে হাৰাশাস্তিৰ সন্মুখীন হ’ব লগীয়া হৈছে স্থানীয় ৰাইজ । শীঘ্ৰেই পথটো মেৰামতি কৰি বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ যাতায়ত ব্যৱস্থা সুচল কৰি তুলিবলৈ চৰকাৰলৈ দাবী উত্থাপন কৰিছে ভুক্তভোগী স্থানীয় ৰাইজে ।

লগতে পঢ়ক : Bhubaneswar kalita on Union Budget: এইবাৰৰ কেন্দ্ৰীয় বাজেটে ভাৰতক এখন উন্নত দেশ হিচাপে গঢ়ি তুলিব, ভূৱনেশ্বৰ কলিতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.