ETV Bharat / state

ছয় জনগোষ্ঠীক জনজাতিকৰণৰ দাবীৰে মৰাণত প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ

author img

By

Published : Sep 16, 2022, 1:39 PM IST

জনজাতিকৰণৰ পৰা পুনৰ বঞ্চিত কৰাক লৈ শুকুৰবাৰে মৰাণত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে টাই আহোম যুৱ পৰিষদে (Protest against demanding tribalization at Moran) ৷ অতি শীঘ্ৰেই জনজাতি মৰ্যদা প্ৰদান নকৰিলে আগন্তুক সময়ত ধাৰাবাহিকভাৱে জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে টাইপাই ৷

Protest against demanding tribalization at Moran
Protest against demanding tribalization at Moran

মৰাণ, 16 ছেপ্টেম্বৰ: অসমক বাদ দি ভাৰতবৰ্ষৰ কেইবাখনো ৰাজ্য ক্ৰমে তামিলনাডু, উত্তৰ প্ৰদেশ, কৰ্ণাটক, হিমাচল প্ৰদেশ আৰু ছত্তীশগড়ৰ মুঠ বাৰটা জনগোষ্ঠীক জনজাতিকৰণৰ স্বীকৃতি দিবলৈ কেন্দ্ৰীয় চৰকাৰে সিদ্ধান্ত লোৱাৰ পিছতেই অসমত পুণৰ ক্ষোভ আৰু প্ৰতিবাদৰ উদ্গীৰণ ঘটিছে ৷

অসমৰ ছটাকৈ জনগোষ্ঠীয়ে বিগত সুদীৰ্ঘ সময়জুৰি জনজাতিকৰণৰ বাবে দাবী তুলি আহিছে (Scheduling of six tribes) ৷ অথচ কেন্দ্ৰীয় কেবিনেটে এইবাৰো যি ৫ খন ৰাজ্যৰ ১২ টাকৈ জনগোষ্ঠীক জনজাতিকৰণৰ তালিকাত অন্তৰ্ভুক্ত কৰিলে তাত উল্লেখ নাথাকিল অসমৰ মৰাণ, মটক, চুতীয়া, কোঁচ-ৰাজবংশী, তাই-আহোম আৰু চাহ জনগোষ্ঠীৰ নাম ।

ছয় জনগোষ্ঠীক জনজাতিকৰণৰ দাবীৰে মৰাণত প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ

বুধবাৰে কেন্দ্ৰীয় চৰকাৰে দেশৰ পাঁচ ৰাজ্যৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত লোৱা সিদ্ধান্তৰ সন্দৰ্ভত শুকুৰবাৰে মৰাণত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে টাই আহোম যুৱ পৰিষদে (Protest against demanding tribalization at Moran) ৷ টাই আহোম যুৱ পৰিষদ অসম চমুকৈ টাইপাৰ মৰাণ আঞ্চলিক সমিতিৰ উদ্যোগত মৰাণ নগৰৰ মাজমজিয়াৰ ট্ৰেফিক পইণ্টত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে (TAYPA protest at Moran) ৷ হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, নৰেন্দ্ৰ মোডী হায় হায় , বিজেপি গ' বেক, অতি শীঘ্ৰেই ৬ জনগোষ্ঠীক জনজাতিকৰণ মৰ্যদা প্ৰদান কৰক আদি শ্ল'গানেৰে সমগ্ৰ মৰাণ অঞ্চল উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে ৷

ইয়াৰ লগতে প্ৰতিবাদকাৰীসকলে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ কৰি চৰকাৰে আমাক পুনৰ প্ৰতাৰণা কৰিলে বুলি মন্তব্য প্ৰকাশ কৰে ৷

টাই আহোম সকলক অতি শীঘ্ৰেই জনজাতি মৰ্যদা প্ৰদান নকৰিলে আগন্তুক সময়ত ধাৰাবাহিকভাৱে জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে টাইপাই ৷ আনহাতে আহোম জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰি ৰাজ্যসভা, বিধানসভাত যি সকল মন্ত্ৰী বিধায়ক আছে সেই সকলেই আহোম সম্প্ৰদায়ক প্ৰতাৰণা কৰিছে বুলি মন্তব্য কৰে ক্ষুব্ধ প্ৰতিবাদীসকলে ৷

লগতে পঢ়ক: জনজাতিকৰণৰ দাবীত আন্দোলনৰ হুংকাৰ সদৌ অসম কোচ-ৰাজবংশী সন্মিলনীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.