ETV Bharat / state

Poor road condition: মন্ত্ৰীৰ সমষ্টিতে আৰু কিমান দিনলৈ ৰাস্তাৰ বাবে চিঞৰিব লাগিব?

author img

By ETV Bharat Assamese Team

Published : Nov 10, 2023, 12:58 PM IST

poor road condition of minister Jogen Mohan's Constituency
পথৰ দুৰৱস্থা

পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰি দায়িত্ব সামৰিলে মন্ত্ৰী যোগেন মহনে ৷ সোণাৰিৰ কাকতিবাৰী টিমন ৰাজগড় পথৰ দুৰৱস্থাই জ্বলা কলা খুৱাইছে ৰাইজক ৷ শীঘ্ৰে পথ নিৰ্মাণৰ দাবী অসমীয়া যুৱ মঞ্চৰ ৷

পথৰ দুৰৱস্থাত ক্ষোভ উজাৰিছে

ডিব্ৰুগড়, 10 নৱেম্বৰ : ৰাজ্যৰ চৌদিশে এতিয়া বিকাশ আৰু উন্নয়নৰ ৰঙীণ বিজ্ঞাপন দিছে ৰাজ্য চৰকাৰে । দেশৰ স্বাধীনতাৰ পাচত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে উন্নয়নৰ নতুন যাত্ৰা আৰম্ভ কৰা বুলি চৰকাৰৰ নেতা মন্ত্ৰী বিধায়কে কৈ থকা সময়ত খোদ ৰাজহ বিভাগৰ মন্ত্ৰী যোগেন মহন নিজ সমষ্টিতে পথ নিৰ্মাণত ব্যৰ্থ হৈছে ৷ দীৰ্ঘদিন ধৰি পথৰ দুৰৱস্থাৰ বাবে ৰাইজে জীয়াতু ভূগিবলগীয়া হৈছে ৷

চৰাইদেউ জিলাৰ সোণাৰিৰ মাহমৰা সমষ্টিৰ অন্তৰ্গত অতি গুৰুত্বপূৰ্ণ সোণাৰি কাকতিবাৰী-টিমন-ৰাজগড় পথটোৰ দুৰৱস্থাই অঞ্চলটোৰ ৰাইজক যাতায়তৰ ক্ষেত্ৰত জ্বলাকলা খুৱাই আহিছে । দীৰ্ঘদিন জৰাজীৰ্ণ হৈ থকা পথটোৰ শেহতীয়াকৈ মাহমৰাৰ বিধায়ক তথা মন্ত্ৰী যোগেন মহনে আধাৰশিলা স্থাপন কৰি নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল যদিও আজি প্ৰায় ছটা মাহ উকলি যোৱাৰ পাচতো পথটোৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ নহ’ল । এক প্ৰকাৰে পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰি দায়িত্ব সামৰিলে মন্ত্ৰী যোগেন মহনে ৷

উল্লেখ্য যে, মাহমৰা আৰু টিংখাং বিধানসভা সমষ্টিৰ সংযোগী পথটোৰ টিংখাং সমষ্টিৰ অন্তৰ্ভুক্ত অংশটো টিংখাঙৰ বিধায়ক তথা মন্ত্ৰী বিমল বড়াই সুন্দৰকৈ নিৰ্মাণৰ ব্যৱস্থা কৰাৰ বিপৰীতে সোণাৰিৰ মাহমৰা সমষ্টিৰ অন্তৰ্ভুক্ত পথছোৱা আজিকোপতি জৰাজীৰ্ণ হৈয়ে থকা মন্ত্ৰী যোগেন মহনৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে দল-সংগঠন আৰু ৰাইজে । মন্ত্ৰী যোগেন মহনৰ পথ নিৰ্মাণৰ গুৰুত্বহীনতাক লৈ অসমীয়া যুৱ মঞ্চৰ চৰাইদেউ জিলা সমিতিয়ে তীব্ৰ ক্ষোভ প্ৰকাশ কৰাৰ লগতে শীঘ্ৰে পথটো নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে আন্দোলনৰ পথ গ্ৰহণ কৰিবলৈ বাধ্য হ’ব বুলি হুংকাৰ প্ৰদান কৰিছে ।

লগতে পঢ়ক : Scam in road construction:কলগাছিয়াত পথ মেৰামতিৰ নামত ব্যাপক দুৰ্নীতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.