ETV Bharat / state

Scam in road construction:কলগাছিয়াত পথ মেৰামতিৰ নামত ব্যাপক দুৰ্নীতি

author img

By ETV Bharat Assamese Team

Published : Nov 8, 2023, 12:46 PM IST

কলগাছিয়াৰ দাৱনদিয়া গাঁৱত পথ মেৰামতিৰ নামত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি । পকী কৰাৰ পিছতেই চপৰা চপৰে উঠিছে ৰাস্তা । ৰাইজে বন্ধ কৰিলে কাম ।

Irregularities in road repairs in Kalgachia
কলগাছিয়াৰ দাৱনদিয়া গাঁৱত ৰাইজৰ প্ৰতিবাদ

কলগাছিয়াৰ দাৱনদিয়া গাঁৱত ৰাইজৰ প্ৰতিবাদ

জনীয়া, ৮ নৱেম্বৰ: বৰপেটা জিলাৰ কলগাছিয়াত পথ মেৰামতিৰ নামত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে । লোক নিৰ্মাণ বিভাগৰ অন্তৰ্গত দাৱনদিয়া গাঁৱত পকী পথ মেৰামতিৰ নামত সংঘটিত হৈছে ব্যাপক দূৰ্নীতি । উল্লেখ্য যে বিগত এবছৰ পূৰ্বে পথৰ কামৰ বাবে ধনৰ আৱণ্টন হৈছে যদিও অতি লেহেমীয়াভাৱে ঠিকাদাৰে কাম আৰম্ভ কৰিছে । ইপিনে, মেৰামতি কৰা পথৰ পকী অংশ হাতেৰেই চুলেই বখলা-বখলে এৰাত ৰাইজে ঠিকাদাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে ।

উল্লেখযোগ্য যে কলগাছিয়াৰ নৱজ্যোতি মহাবিদ্যালয়ৰ পৰা গুনিয়ালগুৰি-দাৱনদিয়া হৈ টাপেশ্বৰাৰ গৰম বজাৰলৈ যোৱা এই পথৰ দাৱনদিয়াত সংঘটিত হৈছে এই ব্যাপক দুৰ্নীতি । কৰ্মৰত শ্ৰমিকৰ দ্বাৰা ঠিকাদাৰে নিশাৰ অন্ধকাৰত দুৰ্নীতি সংঘটিত কৰি কাম আৰম্ভ কৰাত এক উত্তপ্ত পৰিৱেশৰ সৃষ্টি হয় । ফলত উত্তেজিত ৰাইজে কাম বন্ধ কৰি দিয়ে । আজি পুৱাৰ ভাগত স্থানীয় ৰাইজে ঘটনাস্থলীত উপস্থিত হৈ দুৰ্নীতিগ্ৰস্থ ঠিকাদাৰৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে ।

লগতে পঢ়ক:6th NEIFW 2023: ১৯ নৱেম্বৰৰ পৰা অৰুণাচলত অনুষ্ঠিত হ’ব নৰ্থ ইষ্ট ইণ্ডিয়া ফেশ্বন উইক- দ্য’ আৰ্টিছানছ মুভমেণ্ট

নিয়ম বহিৰ্ভূতভাৱে ৰাস্তাটোৰ মেৰামতিৰ কাম কৰি ধন আত্মসাৎ কৰাৰ ফন্দি কৰাত ঠিকাদাৰৰ বিৰুদ্ধে ক্ষুদ্ধ হৈ পৰিছে ৰাইজ । ঠিকাদাৰে কেবল নামমাত্ৰ কাম কৰি ফটো মাৰি টকা সৰকোৱাৰ ফন্দী ৰচনা কৰিছে বুলি ৰাইজে অভিযোগ উত্থাপন কৰে । সেয়ে বালি আৰু মাটিৰ ওপৰেৰে আলকাতৰা ঢালি নামমাত্ৰ মেৰামতি কৰা গুৰুত্বপূৰ্ণ পথছোৱাৰ কাম বন্ধ কৰি ৰাইজে দুৰ্নীতিৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দিয়ে । প্ৰতিবাদকাৰীয়ে 'পথৰ দুৰ্নীতি বন্ধ কৰক', 'ঠিকাদাৰ হাই হাই 'আদি বিভিন্ন শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে । চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰাৰ লগতে ৰাইজে সঠিকভাৱে কাম কৰিবলৈ দাবী জনাইছে ।

লগতে পঢ়ক:Controversial statement: জিভা পিচল খোৱাতহে নামঘৰীয়া-সাধুক অপমান কৰিছিল বিধায়ক মোল্লাই; বিচাৰিছে ক্ষমা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.