ETV Bharat / state

অসম চিকিৎসা মহাবিদ্যালয়ত ক’ভিড আক্ৰান্ত এজনৰ মৃত্যু

author img

By

Published : Apr 23, 2021, 5:32 PM IST

one-death-on-covid-19-in-dibrugargh-assam-medical-college-hospital-etv-bharat-news
অসম চিকিৎসা মহাবিদ্যালয়ত ক’ভিড আক্ৰান্ত এজনৰ মৃত্যু

ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত ক’ভিডত আক্ৰান্ত হৈ চিকিৎসাধীন অৱস্থাত শ্ৰীমন্ত বুঢ়াগোহাঁই নামৰ এজন লোকৰ মৃত্যু হয় ৷ মৃত্যু হোৱা শ্ৰীমন্ত বুঢ়াগোহাঁইৰ ঘৰ যোৰহাটত ৷ তেখেত যোৰহাট জিলা SPORTS ASSOCIATION ৰ সহকাৰী সাধাৰণ সম্পাদক আছিল ।

ডিব্ৰুগড়, 23 এপ্ৰিল : ৰাজ্যত এতিয়া ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে ৷ অলপতে ডিব্ৰুগড়ৰ চিৰিংচাপৰিত শ্ৰীমন্ত বুঢ়াগোহাঁই নামৰ এজন লোকৰ দেহত ধৰা পৰিছিল ক’ভিড-১৯ অৱস্থিতি ৷ ইয়াৰ পিছতে বিগত পাঁচদিন ধৰি অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল ব্যক্তিগৰাকী ।

শুকুৰবাৰে চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাতে মৃত্যু বৰণ কৰে তেওঁ ৷ মৃত্যু হোৱা শ্ৰীমন্ত বুঢ়াগোহাঁইৰ ঘৰ যোৰহাটত বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে, শ্ৰীমন্ত বুঢ়াগোহাঁই যোৰহাট জিলা SPORTS ASSOCIATION ৰ সহকাৰী সাধাৰণ সম্পাদক আছিল ।

লগতে পঢ়ক : ৰঙিয়াত ইউক্লিড গ্ৰপ অৱ ইনষ্টিটিউচনচৰ মাস্ক আৰু ছেনিটাইজাৰ বিতৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.