ETV Bharat / state

দায়িত্বভাৰ গ্ৰহণ কৰিলে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নৱতম স্নাতকোত্তৰ মহলাৰ ছাত্র একতা সভাই

author img

By

Published : Feb 18, 2022, 9:28 AM IST

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজক আগুৱাই নিয়াৰ লক্ষ্যৰে বৃহস্পতিবাৰে শপত ল'লে স্নাতকোত্তৰ মহলাৰ ছাত্র একতা সভাই (Oath taking program of Dibrugarh University) ৷ সভাপতি বিকাশ মিচং, সাধাৰণ সম্পাদক অভিলাষ শইকীয়াৰ নেতৃত্বত নতুনত্বৰ আশা বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ ৷

দায়িত্বভাৰ গ্ৰহণ কৰিলে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নৱতম স্নাতকোত্তৰ মহলাৰ ছাত্র একতা সভাই
দায়িত্বভাৰ গ্ৰহণ কৰিলে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নৱতম স্নাতকোত্তৰ মহলাৰ ছাত্র একতা সভাই

ডিব্ৰুগড়, 18 ফেব্ৰুৱাৰী : ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজক আগুৱাই নিয়াৰ লক্ষ্যৰে বৃহস্পতিবাৰে শপত গ্ৰহণ কৰিলে স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভাৰ বিষয়ববীয়াসকলে (Oath taking program of DUPGSU) ৷ বিশ্ববিদ্যালয়ৰ নিৰ্বাচনী বিষয়াৰ দ্বাৰা নতুন সমিতিৰ সদস্যসকলক পাঠ কৰোৱা হ'ল শপত বাক্য ৷ ইয়াৰ পিছতে বিশ্ববিদ্যালয়খনৰ স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভাৰ নতুন কাৰ্যনিৰ্বাহক সমিতিয়ে গ্ৰহণ কৰে দায়িত্বভাৰ ৷

দায়িত্বভাৰ গ্ৰহণ কৰিলে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নৱতম স্নাতকোত্তৰ মহলাৰ ছাত্র একতা সভাই

সেই উপলক্ষে বিশ্ববিদ্যালয়ৰ ইণ্ডিয়া মিৰি প্ৰেক্ষাগৃহত এটি অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ অনুষ্ঠানত পূৰ্বৰ সভাপতি, সম্পাদকে যাৱতীয় নথি পত্ৰসহ নতুন সমিতিখনক দায়িত্বভাৰ অৰ্পণ কৰে । উল্লেখ্য যে, ১১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হৈছিল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচন (DUPGSU election 2022) । ১৮টা পদৰ বিপৰীতে ৩৬ জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছিল এই নিৰ্বাচনত ।

এই নিৰ্বাচনত সভাপতি পদত বিকাশ মিচং, সাধাৰণ সম্পাদক পদত অভিলাষ শইকীয়া সহঃ মুঠ ১৬ জন প্ৰাৰ্থীয়ে নিৰ্বাচনত জয়যুক্ত হ'বলৈ সক্ষম হৈছিল । বৃহস্পতিবাৰে অনুষ্ঠিত এই দায়িত্বভাৰ অনুষ্ঠানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰিটাৰ্নিং বিষয়া তথা প্ৰাধ্যাপক চন্দন শৰ্মা, ছাত্ৰ পৰিক্ৰমা বিভাগৰ ডীন নিৰোদ কুমাৰ বৰুৱা, প্ৰাধ্যাপক অতুল শৰ্মাকে ধৰি কেইবাগৰাকী বিষয়াই অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক : মা কামাখ্যা, শ্ৰীমন্ত শংকৰদেৱৰ ওচৰত তেলেংগানাৰ মুখ্যমন্ত্ৰীৰ সুস্বাস্থ্যৰ বাবে প্ৰাৰ্থনা হিমন্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.