ETV Bharat / state

জীৱন মৃত্যুৰে যুঁজি যুঁজি হাৰি গ’ল নন্দিতা

author img

By

Published : Aug 25, 2021, 8:46 PM IST

Updated : Aug 26, 2021, 1:42 PM IST

জীৱন মৃত্যুৰে কঠোৰ যুঁজ দি বুধবাৰে মৃত্যুক সাৱটি ল'লে নন্দিতা শইকীয়াই ৷ মৰিঢল মহাবিদ্যালয়ৰে লাইব্ৰেৰীৰ এজন কৰ্মচাৰীৰ দাৰ ঘাপত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল নন্দিতা ৷

জীৱন মৃত্যুৰে যুঁজি যুঁজি হাৰি গ’ল নন্দিতা
জীৱন মৃত্যুৰে যুঁজি যুঁজি হাৰি গ’ল নন্দিতা

ডিব্ৰুগড়,25 আগষ্ট : অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিলে নন্দিতা শইকীয়াই । চিকিৎসকে ১ বাজি ১৫ মিনিটত ঘোষণা কৰিলে মৃত্যুৰ কথা । নিজ মহাবিদ্যালয়ৰ পৰা পৰীক্ষা শেষ কৰি ঘৰলৈ উভতি ৰাজপথত ৰৈ থকাৰ সময়তে ধেমাজি নগৰত এজন যুৱকে চোকা অস্ত্ৰৰে প্ৰহাৰ কৰিছিল নন্দিতাক ।

তাৰপাছতে ২১ আগষ্ট পৰা ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰ নাৰ্চিং হোমত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছিল ধেমাজিৰ মৰিঢল মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শইকীয়া । নাৰ্চিং হোমৰ ভেন্টিলেটৰত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছিল যদিও অৱশেষত মৃত্যুৰ সৈতে যুঁজি হাৰ মানিলে নন্দিতা শইকীয়াই ।

ছাত্ৰীগৰাকীৰ প্ৰাণ ৰক্ষা কৰিবলৈ চিকিৎসকে আপ্ৰাণ চেষ্টা চলাই অৱশেষত নোৱাৰিলে । ঘটনাটো সংঘটিত হোৱাৰ পাচতে নন্দিতাৰ আশু আৰোগ্য কামনাৰে ৰাজ্যজুৰি সকলোৱে প্ৰাৰ্থনা কৰিছিল যদিও সেই প্ৰাৰ্থনাই প্ৰাণ ৰক্ষা কৰিব নোৱাৰিলে ছাত্ৰীগৰাকীৰ ।

জীৱন মৃত্যুৰে যুঁজি যুঁজি হাৰি গ’ল নন্দিতা

মৃত্যুৰ পাচতে যোৱা ২১ আগষ্টৰ পৰা ডিব্ৰুগড় ব্ৰহ্মপুত্ৰ নাৰ্চিংহোমত চিকিৎসাধীন হৈ থকা নন্দিতা শইকীয়াৰ সকলো চিকিৎসাৰ খৰচ ৰেহাই দিয়াৰ কথা ঘোষণা কৰিছে চিকিৎসালয় কৰ্তৃপক্ষই । ব্যক্তিগত চিকিৎসালয় খনৰ স্বত্বাধিকাৰী হাফিজুৰ ৰহমান( মুন্না)ই জনাইছে এই কথা ।

লগতে পঢ়ক: মৃত্যুৰে যুঁজি অৱশেষত হাৰ মানিলে নন্দিতাই

আনহাতে নন্দিতাৰ মৃত্যুৰ বাতৰি বিয়পি পৰা লগে লগে নাৰ্চিংহোম খনত আছুকে ধৰি মহাবিদ্যালয় খনৰ সহপাঠী, আত্মীয় স্বজন উপস্থিত হয় । একেদৰে ডিব্ৰুগড় আৰক্ষী আৰু দণ্ডাধীশ উপস্থিত হৈ মৃতদেহটো অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে মৰণোত্তৰ পৰীক্ষা বাবে ।

উল্লেখযোগ্য যে, নন্দিতাৰ উন্নত চিকিৎসা বাবে চৰকাৰক দাবী জনাই অহাৰ পাচতো চৰকাৰে ছাত্ৰী গৰাকীৰ চিকিৎসাৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে ৷ তাৰোপৰি চৰকাৰৰ কোনো এগৰাকী জনপ্ৰতিনিধিয়ে পৰিয়ালৰ খবৰ নোলাৱাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । একাংশই চৰকাৰৰ প্ৰতি বিষোদগাৰ প্ৰকাশ কৰি কয় যে, নাৰী সুৰক্ষা কথা কোৱা চৰকাৰে নাৰী সুৰক্ষাৰ বাবে কোনো পদক্ষেপ গ্ৰহণ নকৰিলে ৷

সম্প্ৰতি অপৰাধীক কঠোৰ শাস্তি বিহিবলৈ দাবী জনাইছে বিভিন্ন দল সংগঠনৰ লগতে সচেতন ৰাইজে ৷ এতিয়া সময়তে লক্ষণীয় হ’ব আৰক্ষী প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে অপৰাধীৰ বিৰুদ্ধে ৷

লগতে পঢ়ক: অসমীয়াৰ স্বাভিমান গমোচাক অপমান; ভিডিঅ’ ভাইৰেল

Last Updated :Aug 26, 2021, 1:42 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.